অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সদস্য ভৰ্তি অভিযান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 1 November 2021

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সদস্য ভৰ্তি অভিযান

 



পহিলা নৱেম্বৰৰ পৰা ২০২২ চনৰ ৩১ মাৰ্চলৈ চলিব সদস্য ভৰ্তি অভিযান


সমগ্ৰ ৰাজ্যত ৩৩ লাখ সদস্যভৰ্তিৰ লক্ষ্য




W7s News ষ্টাফৰিপোৰ্টাৰ :  গুৱাহাটী ৰাজীৱ ভৱনত প্ৰদেশ কংগ্রেছ কমিটিৰ উদ্যোগত

 পহিলা নৱেম্বৰৰ পৰা ২০২২ চনৰ ৩১ মাৰ্চলৈ বিশেষ সদস্য ভৰ্তি অভিযানৰ আৰম্ভ হৈছে। প্ৰদেশ কংগ্রেছৰ উপ সভাপতি ৰাণা গোস্বামীয়ে এই অভিযানৰ সোমবাৰে মুকলি কৰে। এই অনুষ্ঠানত উপস্থিত থাকি অসম কংগ্রেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়াই নিজৰ দলীয় সদস্যতাৰ পুন:নবীকৰণ কৰি আজিৰ এই সদস্য ভৰ্তি অভিযানৰ শুভাৰম্ভনী কৰে। তেওঁ কয় ' দেশত গণতন্ত্ৰ জীয়াই ৰাখিবলৈ হলে কংগ্ৰেছৰ সদস্য ভৰ্তি হ'ব লাগিব। বি জেপিৰ নেতৃত্ব ভুল বুলি জনগণে স্বীকাৰ কৰিছে।'সদস্য ভৰ্ত্তি অভিযান মুকলি কৰি প্ৰদেশ কংগ্রেছ কমিটিৰ উপ-সভাপতি ৰাণা গোস্বামীয়ে কয়  'এই অভিযান সমগ্ৰ দেশজুৰি পহিলা নৱেম্বৰৰ পৰা আৰম্ভ হৈছে। নিৰ্ধাৰিত আগন্তক ৫ মাহৰ ভিতৰত সমগ্ৰ অসমত ৩৩ লাখতকৈ অধিক সদস্য ভাৰতীয় জাতীয় কংগ্রেছ দলত ভৰ্তি কৰোৱা হ'ব। ইয়াৰ বাবে ৫ টকা মাচুল ধার্য কৰা হৈছে। অনলাইন যোগেও সদস্য ভৰ্তি লাভ কৰিব পাৰিব। ১৮ বছৰৰ ঊৰ্দ্ধৰ সকলো আমাৰ সদস্য হ'ব পাৰিব। সদস্য ভৰ্ত্তিৰ লগতে সদস্য সকলৰ পুন:নৱীকৰণৰ ব্যৱস্থা কৰা হৈছে। দীপাৱালীৰ পাছত আমি ৰাজীৱ ভৱনৰ এটা নতুন ৱেবচাইট মুকলি কৰিম। এতিয়াৰ পৰা আমি সদস্য সকলক পৰিচয় পত্ৰ দিয়াৰ ব্যৱস্থা কৰিছোঁ। আমি সঠিক সদস্যৰ সংখ্যা বিচাৰিছোঁ। আমি বিজেপিৰ দৰে ভুৱা সদস্য সংখ্যা আৰু মিছা তথ্য অসমবাসীক দিব নোৱাৰো। ভুৱা প্ৰতিশ্ৰুতি দিব নোৱাৰোঁ।'প্ৰদেশ কংগ্রেছ কমিটিৰ সম্পাদক, মুখপাত্ৰ তথা এই বিশেষ সদস্য ভৰ্ত্তি অভিযানৰ  ৰাজ্যিক সমন্বয়ক পাৰ্থপ্ৰতিম বৰাই আঁত ধৰা কংগ্রেছ দলৰ এই বিশেষ সদস্য ভৰ্ত্তি অভিযানৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে প্ৰদেশ কংগ্রেছৰ জ্যেষ্ঠ নেতা হিৰণ্য বৰা, অসম প্ৰদেশ যুৱ কংগ্রেছৰ সভাপতি কমৰুল ইছলাম চৌধুৰী,চুম ৰংহাঙ, প্ৰাক্তন মন্ত্ৰী আবু চালেহ নজমুদ্দিনৰ লগতে বহু জ্যেষ্ঠ নেতা উপস্থিত থাকে। এই অনুষ্ঠানত বহুকেইজন নতুন সদস্যই সদস্য ভৰ্তি হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here