'সাহিত্যিক হিচাপে হোমেন বৰগোহাঞি মূলসুঁতিৰ সাহিত্যিক আছিল-ডাঃ ধ্ৰুৱজ্যোতি বৰা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 12 November 2021

'সাহিত্যিক হিচাপে হোমেন বৰগোহাঞি মূলসুঁতিৰ সাহিত্যিক আছিল-ডাঃ ধ্ৰুৱজ্যোতি বৰা




ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ পাছত আটাইতকৈ জনপ্রিয় লেখকজনেই হ'ল হোমেন বৰগোহাঞি


জাতীয় জীৱনৰ মহীৰূহ হোমেন বৰগোহাঞিক

 ডি পি আৰ চি চৌহদত স্মৰণ






W7s News ষ্টাফৰিপোৰ্টাৰ:  ' সাহিত্যিক হিচাপে হোমেন বৰগোহাঞি মূলসুঁতিৰ সাহিত্যিক আছিল। তেওঁৰ প্ৰায়বোৰ লেখা, উপন্যাসে হওঁক, গল্প হওঁক, প্ৰৱন্ধ হওঁক মানুহৰ মাজত অন্যন্ত জনপ্ৰিয়। আমাৰ সময়ত হোমেন বৰগোহাঞিৰ দৰে জনপ্ৰিয় লেখক দেখা পোৱা নাই-এইদৰে কয় বিশিষ্ট সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডাঃ ধ্ৰুৱজ্যোতি বৰাই। 

জাতীয় জীৱনৰ মহীৰূহ হোমেন বৰগোহাঞি  কায়িকভাৱে প্ৰস্থান কৰাৰ ৬ মাহ পূৰ্ণ হোৱা শুকুৰবাৰে

গুৱাহাটীৰ দিছপুৰ লাষ্টগেটস্থিত ডি পি আৰ চি চৌহদত অনুষ্ঠিত  শ্ৰদ্ধাঞ্জলি আৰু বক্তৃতা অনুষ্ঠানত

মূল বক্তৃতাত বিশিষ্ট সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডাঃ ধ্ৰুৱজ্যোতি বৰাই লগতে কয়'

হোমেন বৰগোহাঞিয়ে অসমীয়া সাহিত্যৰ ভেটি নিৰ্মাণ কৰিছিল। অসমীয়া সাহিত্যৰ ক্ষেত্ৰত বহু গুৰুত্বপূৰ্ণ কাম বৰগোহাঞিৰ নেতৃত্বত সম্পন্ন হৈছিল। তেওঁৰ নেতৃত্বত অসমত প্ৰকৃতি আৰু পৰিবেশ আন্দোলনৰ সূত্ৰপাত হৈছিল।  ভাষাৰ ক্ষেত্ৰত তেওঁৰ যি অপূৰ্ব দখল আছিল সেই দখলে তেঁওকটো জনপ্ৰিয় কৰিলে লগতে ভাষিক,সামাজিক,সাহিত্যৰ দিশৰ পৰা অসমীয়া ভাষাক অতি সমৃদ্ধ কৰিলে। ৰসৰাজ

লক্ষ্মীনাথ বেজবৰুৱাৰ পাছত আটাইতকৈ জনপ্রিয় লেখকজনেই হ'ল হোমেন বৰগোহাঞি। হোমেন বৰগোহাঞিয়ে ৯ টা দশকৰ জীৱন কালত আমাৰ সমাজক এটা নিৰ্দিষ্ট দিশত পৰিচালনা কৰিবলৈ অহোপুৰুষাথ কৰি আহিছিল।  তেওঁ এজন স্বপ্নদ্ৰষ্টাই নাছিল তেওঁ এজন বাট দেখুৱা লোক আছিল। তেওঁৰ কিতাপৰ প্ৰকাশ আৰু বিক্ৰীৰ সংখ্যাই তেওঁৰ জনপ্ৰিয়তাৰ মাপকাঠি আমাক দি দিয়ে। তেওঁক আধুনিক কালৰ প্ৰথম জন লেখক বুলি ভাবোঁ যি আমাক আধুনিক পৃথিৱীখনৰ লগত চিনাকি কৰি দিবলৈ, আধুনিক পৃথিৱীখনক বুজিবলৈ, দুৱাৰ খিৰিকীবোৰ মুকলি কৰি দিবলৈ প্ৰয়াস কৰিছিল। সত্যনিষ্ঠ, সৃষ্টিশীল সাহিত্যকৰ্ম কৰা সকলক আমি তুলি ধৰিব লাগিব। স্মৃতি আমাৰ কাৰণে অন্যন্ত গুৰুত্বপূৰ্ণ। স্মৃতিৰ এনেকুৱা ধৰণৰ সভাৰ আয়োজন কৰি আচলতে ইয়াৰ তাৎপৰ্য হ'ল নিজৰ ওপৰত নিজৰ বিশ্বাস আকৌ এবাৰ প্ৰতিষ্ঠা কৰা।'অনুষ্ঠানত অসম শিশু সাহিত্য ন্যাসৰ সচিব হৃষিকেশ গোস্বামী, 'আমাৰ অসম' কাকতৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামী, জ্যেষ্ঠ সাংবাদিক, 'আমাৰ অসম'ৰ  ডেপুটি এডিটৰ গৌতম শৰ্মা,'আমাৰ অসম'ৰ সহকাৰী সম্পাদক মন্টু শইকীয়া,   লেখক বিশ্বদীপ বৰুৱা,গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি মনোজ কুমাৰ নাথ,অমল দাস, লেখিকা গীতিমালিকা নেওগ, ডি পি আৰ চিৰ প্ৰতিষ্ঠাপক দিগন্ত দাস, সাংস্কৃতিক কর্মী গোপাল জালান, আদিয়ে প্ৰথিতযশা সাহিত্যিক,সাংবাদিক হোমেন বৰগোহাঞিৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্জলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে। লেখক পৱিত্ৰ বৰাই আঁতধৰে এই অনুষ্ঠানত পুৱা নাম-প্ৰসঙ্গ কৰা হয়। অনুষ্ঠানত বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here