১.৭১কোটি কৃষকলৈ ৰাষ্ট্ৰীয় কৃষি বজাৰ (ই-নাম) নিয়াৰ বাবে ভাৰত চৰকাৰৰ সৈতে একত্ৰীকৰণৰ ঘোষণা এইচডিএফচি বেংকৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 13 November 2021

১.৭১কোটি কৃষকলৈ ৰাষ্ট্ৰীয় কৃষি বজাৰ (ই-নাম) নিয়াৰ বাবে ভাৰত চৰকাৰৰ সৈতে একত্ৰীকৰণৰ ঘোষণা এইচডিএফচি বেংকৰ

 


W7s News ষ্টাফৰিপোৰ্টাৰ: ৰাষ্ট্ৰীয় কৃষি বজাৰ(ইনাম) ডিজিটেল মাধ্যমৰে সংগ্ৰহ আৰু পুঁজি নিষ্পত্তিৰ বাবে আজি ভাৰত চৰকাৰৰ সৈতে একত্ৰীকৰণ হোৱাৰ ঘোষণা কৰিছে এইচডিএফচি বেংকে। ইয়াৰ ফলত বিভিন্ন ই-নাম হিতাধিকাৰীসকল লাভাম্বিত হ'ব। কৃষি আৰু কৃষক মন্ত্ৰালয়ৰ অধীনষ্ঠ ই-নাম ২০১৬ত আৰম্ভ কৰা হৈছিল। যিটো হৈছে এক অনলাইন বাণিজ্য মঞ্চ, যিয়ে কৃষক, ব্যৱসায়ী, এফপিঅ' আৰু অন্যান্য অংশীদাৰসকলক কৃষিৰ অনলাইন লেনদেনত সহায় কৰে।  এইচডিএফচি বেংকে ই-নাম প্লেটফৰ্মত ব্যৱসায় কৰাৰ প্ৰক্ৰিয়া অধিক উন্নত কৰাৰ বাবে স্মল ফাৰ্মাৰ এগ্ৰি-বিজনেজ কনচৰটিউম (Consortium) চমুকৈ এছএফএচিৰ সৈতে অংশীদাৰীত্ব কৰিছে। ইয়াৰ অধীনত ইনামৰ সৈতে একত্ৰীকৰণৰ জৰিয়তে এই বেংকে নিম্নলিখিত সংগ্ৰহ মোডবোৰ আগবঢ়াইছে-মাল্টি-নেটবেঙ্কিং, ডেবিট কাৰ্ড, এনইএফটি/আৰটিজিএছ, ইউপিআই/আইএমপিএছ।

পৰম্পৰাগতভাৱে, কৃষকসকলে কৃষিজাত সামগ্ৰী বিক্ৰীৰ বাবে তেওঁলোকৰ গাঁওৰ নিকটতম বজাৰলৈ মাইল ভ্ৰমণ কৰি যাব লাগে। কিন্তু এই প্ৰযুক্তিগত হস্তক্ষেপে দেশত কৃষি বাণিজ্যত বিপ্লৱ আনিছে।বৰ্তমান ই-নাম সমগ্ৰ দেশৰ ১০০০খন বজাৰৰ সৈতে একত্ৰীকৰণ কৰা হৈছে। কৃষকসকলে ই-নাম প্লেটফৰ্মটো ব্যৱহাৰ অথবা নাম পঞ্জীয়ন কৰিবলৈ কেৱল কেৱাইচি বিৱৰণ আপলোড কৰিব লাগে। তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ বিৱৰণ (লট আইডি) আৰু মানদণ্ডৰ প্ৰমাণপত্ৰ বজাৰত ই-বিডিং প্ৰক্ৰিয়াৰ আগতে আপলোড কৰিব লাগে। এবাৰ বিক্ৰী বিল চূড়ান্ত হলে, তেওঁলোকে এইচডিএফচিৰ দ্বাৰা প্ৰদান কৰা উৎকৃষ্ট প্ৰণালী ব্যৱহাৰ কৰি সহজে পেমেণ্ট লাভ কৰিব পাৰে।এই একত্ৰীকৰণে কেৱল কৃষকসকলকে নহয়, কৃষক উৎপাদক সংগঠনসমূহ (এফপিঅ'),কমিছন এজেণ্ট, প্ৰতিষ্ঠানিক ক্ৰেতা আৰু অন্যান্য বজাৰ পৰ্যায়ৰ সেৱা প্ৰদানকাৰী ইত্যাদিক সহায় কৰে। যিটো কৃষি মূল্য শৃংখলাৰ এটি অংশ। এই প্লেটফৰ্মে সংগ্ৰহৰ উপৰিও হিতাধিকাৰীৰ একাউণ্টত কোনো মেনুৱেল হস্তক্ষেপ অবিহনে নিষ্পত্তি কৰে।


এই সন্দৰ্ভত এইচডিএফচি বেংকৰ গভৰমেণ্ট আৰু প্ৰতিষ্ঠানগত ব্যৱসায় আৰু গিগ বেংকিঙৰ কাৰ্যবাহী উপ-অধ্যক্ষা সুনালী ৰোহৰাই কয়-" আমি এছএফএচিৰ সৈতে অংশীদাৰী ত্বৰান্বিত হোৱাৰ সুযোগ পাই আনন্দিত হৈছো। ইনাম প্লেটফৰ্মত আমাৰ বেংকিং সেৱাসমূহ আগবঢ়োৱাৰ এক সুযোগ লাভ কৰিছোঁ। ই কৃষকসকলক তেওঁলোকৰ পেমেন্ট লাভ কৰিবলৈ সক্ষম কৰি তোলে আৰু তেওঁলোকক ব্যৱসায় কৰাৰ সহজতা প্ৰদান কৰে।"

একেদৰে এছএফএচিৰ পৰিচালনা সঞ্চালক নীলকমল দৰবাৰী (আইএএছ)য়ে কয়-"প্ৰযুক্তি অধিক ব্যৱহাৰৰে কৃষকসকলক সৰ্বাধিক লাভালাভ দিয়াৰ কল্পনা কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মই আশা কৰোঁ যে এইচডিএফচি বেংকৰ সৈতে হোৱা এই চুক্তিয়ে সমগ্ৰ দেশৰ কৃষকসকলক লাভান্বিত কৰিব। 

তেওঁলোকে তেওঁলোকৰ সুবিধাজনক ঠাইৰ পৰা ব্যৱসায়িক লেনদেন কৰিবলৈ সক্ষম হ'ব।" 


২০২১ চনলৈ ১.৭ কোটিত অধিক কৃষক আৰু ১.৮লাখতকৈ অধিক ব্যৱসায়ী আছে ,যিয়ে ইনামত নাম পঞ্জীয়ন কৰিছে আৰু তেওঁলোক

ডিজিটেল বজাৰৰ পৰা লাভাম্বিত হৈছে।ইনামত ব্যৱসায় কৰা কৃষি-উৎপাদিত সামগ্ৰীৰ মুঠ মূল্য হৈছে ২০২০-২১ বিত্তীয় বৰ্ষলৈকে প্ৰায় ১.৩ লাখ কোটি টকা।ইয়াত ১০০০খনতকৈ অধিক বজাৰ ইতিমধ্যে একত্ৰীকৰণ কৰা হৈছে আৰু চৰকাৰে ইতিমধ্যে বাজেট ভাষণত ঘোষণা কৰিছে যে অহা ২-৩ বছৰত আৰু ১০০০খন বজাৰ একত্ৰীকৰণ কৰা হ'ব।

এইচডিএফচি বেংক হৈছে কৰ সংগ্ৰহৰ বাবে ভাৰত চৰকাৰৰ দ্বিতীয় সৰ্ববৃহৎ বেংক সংস্থা।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here