W7s News গুৱাহাটী : চিটি বাছ আৰু যাত্ৰীবাহী বাহনসমূহে যাত্ৰীৰ পৰা অধিক ভাড়া আদায় কৰা অভিযোগ সম্পৰ্কত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাৰ নিৰ্দেশত লালগণেশ, লখৰা পথত জিলা পৰিবহণ (এনফৰ্চমেণ্ট) বিভাগে বৃহস্পতিবাৰে এক অভিযান চলায়। এই অভিযানত যাত্ৰীৰ অভিযোগৰ ভিত্তিত চিটি বাছকে ধৰি ৬ খন বাহন জব্দ কৰাৰ উপৰি ৩৩ খন বাহনৰ বিৰুদ্ধে পৰিবহণ আইনৰ অধীনত গোচৰ ৰুজু কৰা হয়।
No comments:
Post a Comment