কামৰূপ মহানগৰ জিলাত মূল্য বৃদ্ধি নিয়ন্ত্ৰণৰ পদক্ষেপ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 18 November 2021

কামৰূপ মহানগৰ জিলাত মূল্য বৃদ্ধি নিয়ন্ত্ৰণৰ পদক্ষেপ

 

‘টাস্ক ফৰ্চ’ক অত্যাৱশ্যকীয় সামগ্ৰীৰ বজাৰ মূল্য তদাৰক কৰিবলৈ নিৰ্দেশ উপায়ুক্তৰ  



W7s News গুৱাহাটী :

 কামৰূপ মহানগৰ জিলাৰ অধীনৰ বৃহত্তৰ গুৱাহাটীৰ অত্যাৱশ্যকীয় সামগ্ৰী, মূলতঃ আলু, পিয়াজ, শাক-পাচলি, মাছ, মাংস আদিৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ বজাৰ বিশেষে পৃথক পৃথককৈ গঠন কৰা হৈছে ‘টাস্ক ফৰ্চ’। একোজনকৈ কাৰ্যবাহী দণ্ডাধীশৰ অধীনত গঠন কৰা এই ‘টাস্ক ফৰ্চ’সমূহক তৎকালীনভাৱে বজাৰসমূহৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি তদাৰক কৰিবলৈ নিৰ্দেশ দিছে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝায়ে। দায়িত্ব দিয়া নিজ নিজ এলেকাৰ বজাৰসমূহ পৰিদৰ্শন কৰি এই ‘টাস্ক ফৰ্চ’ সমূহে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি নিৰীক্ষণ কৰিব আৰু জিলা উপায়ুক্তক এইবিষয়ে প্ৰতিবেদন দাখিল কৰিব লাগিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here