'যুৱ সৰ্বোদয় সংকল্প শিবিৰ" আৰম্ভ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 18 November 2021

'যুৱ সৰ্বোদয় সংকল্প শিবিৰ" আৰম্ভ





W7s News ষ্টাফৰিপোৰ্টাৰ :  নিখিল ভাৰত যুৱ কংগ্রেছ কমিটিৰ তত্বাৱধানত অসম প্ৰদেশ যুৱ কংগ্রেছ কমিটিৰ উদ্যোগত গুৱাহাটীৰ মুক্তি যুঁজাৰু ভৱনত বৃহস্পতিবাৰৰ পৰা তিনি দিনীয়া কাৰ্যসূচীৰে "যুৱ সৰ্বোদয় সংকল্প শিবিৰ" শীৰ্ষক এক প্ৰশিক্ষণ শিবিৰৰ আজি শুভাৰম্ভনি কৰা হয়। অসম প্ৰদেশ কংগ্রেছ কমিটিৰ সভাপতি  ভূপেন কুমাৰ বৰাই পতাকা উত্তোলন আৰু অসম বিধানসভাৰ বিৰোধী দলপতি  দেৱব্ৰত শইকীয়াই মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিকৃতিত মাল্যাৰ্পন কৰি এই প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভ কৰে।  প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি কমৰুল ইছলাম চৌধুৰীয়ে আঁতধৰা এই অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি, বিধায়ক জাকিৰ হুছেইন শিকদাৰ আৰু বিধায়ক ডাঃ আছিফ নজৰ, নিখিল ভাৰত যুৱ কংগ্ৰেছৰ সম্পাদক চৰিফা ৰহমান, প্ৰদেশ যুৱ কংগ্ৰেছৰ সম্পাদক কৃদীপ বৰ্মন, ৰফিকুল হুছেইন উপস্থিত থাকে। যুৱ কংগ্রেছৰ এই প্ৰশিক্ষণ শিবিৰৰ প্ৰশিক্ষক হিচাপে উপস্থিত থাকে নিখিল ভাৰত যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক  চিতাৰাম লাম্বা আৰু সম্পাদক তথা প্ৰদেশ যুৱ কংগ্ৰেছ প্ৰশিক্ষণ শিবিৰৰ তত্বাৱধায়ক অভিজিত সৰকাৰ উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here