শিল্পী ঋষি কপিল খাউণ্ড সোঁৱৰণী ন্যাসৰ বিবেকানন্দ কেন্দ্ৰত বঁটা প্ৰদান অনুষ্ঠান
W7s News ষ্টাফৰিপোৰ্টাৰ: শিল্পী ঋষি কপিল খাউণ্ড সোঁৱৰণী ন্যাসৰ উদ্যোগত সোমবাৰে ২০২০ চনৰ শিল্পী বঁটা বিশিষ্ট চিত্র শিল্পী হোমার্ণৱ বৰাক প্ৰদান কৰা হয়। গুৱাহাটীৰ উজান বজাৰস্থিত বিবেকানন্দ কেন্দ্রৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয়। এই বঁটাত আছে এখন মানপত্ৰ, এটা স্মাৰক, ফুলাম গামোছা, চেলেং চাদৰ, ফুলৰ থোপা আৰু ২৫ হাজাৰ টকাৰ চেক। শিল্পী ঋষি কপিল খাউণ্ডৰ জন্মদিন উপলক্ষে অনুষ্ঠিত
এই অনুষ্ঠানত বঁটা প্রদান কৰে বিশিষ্ট সাংবাদিক, 'দৈনিক অসম'ৰ কাকতৰ কাৰ্যবাহী সম্পাদক মুনিন বায়নে। ভাষণ প্ৰশংগত তেওঁ কয় ' আধুনিক চিত্ৰকলাৰ ইতিহাসে এটা শতিকা বুলি ধৰিলেও প্ৰচাৰৰ আশ্ৰয় নোলোৱাকৈ বহু শিল্পীয়ে নীৰৱে শিল্পকৰ্ম চৰ্চা কৰি আছে। আধুনিক চিত্ৰকলাৰ জগতখন সমৃদ্ধ কৰিছে তেওঁলোকৰ প্ৰচেষ্টা, অনুশীলনৰ জৰিয়তে। শিক্ষিত সমাজ, সামাজিক প্ৰাণী হিচাপে চিত্ৰ কলাৰ গুৰুত্ব বুজিবলৈ এতিয়াও সক্ষম নোহোৱাটো পৰিতাপৰ কথা। হোমার্ণৱ বৰাৰ গুৱাহাটীত এখন একক চিত্ৰশিল্পৰ প্রদর্শনী নোহোৱাটো দুৰ্ভাগ্যজনক। এইজন শিল্পীৰ চিত্রকৰ্ম সমুহ দেখি মুগ্ধ হৈছোঁ। তেওঁ বিগত চাৰি, পাঁচ দশক ধৰি চিত্ৰকলাৰ সৈতে জড়িত।
অসমতো এতিয়া কেইবাটাও কলাবিথীকা হৈ উঠিছে তথাপিও তাত নিয়মীয়াকৈ চিত্ৰ প্ৰদৰ্শনী হৈ থকা দেখা নাযায়। বেণু মিশ্ৰ, শোভা ব্ৰহ্ম আদি স্বনামধন্য ব্যক্তিত্বই শিল্প কৰ্মৰ জৰিয়তে আমাৰ জাতিলৈ বিশেষকৈ নৱপ্ৰজন্মৰ বাবে শিল্পী কৰ্মৰ ক্ষেত্ৰখনত যথেষ্ঠ খিনি অৱদান আগবঢ়াই গৈছে।অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আজিৰ পৰা ৫০০ বছৰ পূৰ্বে নাটক, চিত্ৰকলা, সংগীত চৰ্চা আদিৰ জৰিয়তে অসমীয়া জাতিক সমৃদ্ধ কৰি থৈ গৈছে। আমি সেই ইতিহাস বুজি উঠা উচিত। আজি এই অনুষ্ঠানত অংশ গ্ৰহণ কৰি গৌৰৱ অনুভব কৰিছোঁ। লগতে চিত্র শিল্পী হোমার্ণৱ বৰাক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।'গুৱাহাটীৰ বেলতলা নিবাসী হোমার্ণৱ বৰা বি-ফাইন ডিগ্রী লাভ কৰা এজন 'সুনিপুণ চিত্রশিল্পী। কলাক্ষেত্ৰকে
ধৰি অসমৰ বহুতো ঠাইত তেওঁৰ চিত্ৰসমূহ সংৰক্ষণ কৰিছে। শিল্পীজনৰ শাৰীৰিক অসুস্থতাৰ বাবে তেওঁৰ মাতৃ কমলাৱতী বৰাই ভাষণ প্ৰসংগত কয় 'মৃত্যু এক শিল্প। মৃত্যুক অমৰ কৰিব পৰা যায়। সেয়া সম্ভৱ কৰি তুলিছে শিল্পী ঋষি কপিলৰ মাতৃয়ে। ইয়াৰ বাবে মাতৃগৰাকীক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মোৰ পুত্ৰই বহু সংঘাতৰ মাজেৰে আগবাঢ়ি গৈছে। মোৰ পুত্ৰ জটিল ৰোগত আক্ৰান্ত নোহোৱা হলে বহুদূৰ আগবাঢ়ি গলহেঁতেন।
শিল্পীয়ে কৰিব নোৱাৰা কাম একো নাই। তেওঁলোকে ৰং তুলিকাৰে বহু কৰ্মই কৰি যাব পাৰে। এই বঁটা মোৰ পুত্ৰক দিয়া বাবে মাতৃ হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ আৰু উদ্যোক্তা সকলক ধন্যবাদ জনালোঁ।'
ঋষি কপিল খাউণ্ড সোঁৱৰণী ন্যাসৰ সভাপতি অপৰ্ণা খাউণ্ডে এই অনুষ্ঠানৰ উদ্দেশ্য বাখ্যাত কয় '
এই বঁটাৰ উদ্দেশ্য হৈছে সি সকল শিল্পীৰ অসাধাৰণ প্রতিভাই স্বীকৃতি লাভ কৰা নাই তেনে শিল্পীক ৰাইজৰ আগলৈ আনি প্রেৰণা যোগোৱা আমাৰ মূল উদ্দেশ্য
অনুষ্ঠানৰ আৰম্ভণিতে শিল্পী ঋষি কপিল খাউণ্ডৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্জলন কৰে শিল্পী ঋষি কপিল খাউণ্ড সোঁৱৰণী ন্যাসৰ সভাপতি তথা শিল্পী ঋষি কপিল খাউণ্ডৰ মাতৃ অপৰ্ণা খাউণ্ড, ন্যাসৰ উপদেষ্টা, অৱসৰ প্ৰাপ্ত প্ৰশাসনিক বিষয়া স্বপ্ননীল বৰুৱা, উপ-সভাপতি ডাঃ হিতেশ বৰুৱা, সাধাৰণ সম্পাদক কিশোৰ কুমাৰ দাস, জ্যেষ্ঠ সাংবাদিক দিলীপ চন্দন আদিয়ে। অনুষ্ঠানত হীৰাশ্ৰী বৈশ্যই বৰগীত পৰিবেশন কৰে। এই অনুষ্ঠানত দিব্যাঙ্গ শিল্পী প্ৰমোদ শৰ্মাই গীত পৰিবেশন কৰে। তেওঁক ন্যাসৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱাৰ লগতে আৰ্থিক ভাৱে সহায়ৰ হাত আগবঢ়োৱা হয় ।প্ৰাঞ্জল শর্মাই আঁতধৰা এই অনুষ্ঠানত চিত্র শিল্পী হোমার্ণৱ বৰাৰ পত্নী লিউচিনা মটক বৰা, জ্যেষ্ঠ ভগ্নী তেজস্বী বৰাৰ লগতে
বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
উল্লেখ্য, শিল্পী ঋষি কপিল খাউণ্ড সোঁৱৰণী ন্যাসে ২০১৪ চনৰ পৰা- একক প্রচেষ্টাকে চিত্ৰকৰ্মক নীৰব সাধনাৰে অসাধাৰণ প্ৰতিভাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হোৱা শিল্পীক স্বীকৃতি প্রদান কৰি শিল্পী বঁটা প্রদান কৰি আহিছে
No comments:
Post a Comment