কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগমন্ত্রী পীয়ুষ গোৱেলক সাক্ষাৎ লঘু উদ্যোগ ভাৰতীৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 21 November 2021

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগমন্ত্রী পীয়ুষ গোৱেলক সাক্ষাৎ লঘু উদ্যোগ ভাৰতীৰ

 




 W7s News ষ্টাফৰিপ'ৰ্টাৰ: বহুকেইটা বিষয় লৈ দেওবাৰে কেন্দ্ৰীয় বাণিজ্যিক আৰু উদ্যোগমন্ত্ৰী পীয়ুষক গোৱেলক সাক্ষাৎ কৰে লঘু উদ্যোগ ভাৰতী, পূৰ্বোত্তৰৰ এটা প্রতিনিধি দলে। উত্তৰ-পূব ভাৰতত উদ্যোগীক পৰিস্থিতিৰ বিষয়ে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক লঘু উদ্যোগ ভাৰতী, পূৰ্বোত্তৰে অৱগত কৰে। এই প্রতিনিধি দলটোৱে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে দীর্ঘ সময় ধৰি এক বৈঠকত মিলিত হয়। এই বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ উপৰিও আছিল অসমৰ উদ্যোগমন্ত্রী চন্দ্ৰমোহন পাটোৱাৰৰ লগতে আন বহুজন। তেওঁলোকে উত্তৰ-পূৰ্বাঞ্চলত উদ্যোগীক বিকাশত বাধা প্ৰদান কৰা নীতিগত প্ৰতিৱন্ধকতা আৰু উদ্যোগীক বিকাশ বৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ নীতিগত হস্তক্ষেপৰ বিষয়ে অৱগত কৰে। এই বৈঠকত ২০২২ চনৰ মাৰ্চ মাহত সমাপ্ত হ’বলগীয়া এনইআইডিৰ নীতিৰ ক্ৰতিবোৰ আলোচনা হয় আৰু এমএছএমইৰ বিকাশৰ বাবে এক প্রয়োজনীশীল নীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক আহ্বান জনায়৷ লঘু উদ্যোগ ভাৰতী, পূৰ্বোত্তৰৰ অভাৱ-অভিযোগ সমূহ কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ধৈর্য সহকাৰে শুনে আৰু তেওঁলোকৰ সমস্যাসমূহ সমাধানৰ এক আশ্বাস দিয়ে। তেওঁ উত্তৰ-পূব উদ্যোগসমূহে সন্মুখীন হৈ থকা সমস্যাসমূহৰ প্ৰতি লক্ষ্য ৰাখিব আৰু এই অঞ্চলটোৰ উদ্যোগসমূহৰ জৰ্জৰিত সমস্যাসমূহ সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আশ্বাস দিয়ে। লঘু উদ্যোগ ভাৰতী পূৰ্বোত্তৰৰ প্ৰতিনীধি দলটোত উপস্থিত আছিল। সভাপতি মনোজ জি লুণ্ডিয়া, অধ্যক্ষ বিএল আগৰৱাল, ৰাষ্ট্ৰীয় যুটীয়া সম্পাদক আশীষ জি দেওৰাহ, সাধাৰণ সম্পাদক ৰবি জী সুৰেকা, উপ-সভাপতি অজয় কুমাৰ সুখানি, উদ্যোগ সমিতিৰ অধ্যক্ষ বিবেক আগৰৱাল, কোষাধ্যক্ষ অনুপ আগৰৱাল আৰু অসম প্ৰদূষণ পৰিষদৰ সদস্য তথা কাৰ্যবাহী সদস্য পার্থপ্রতিম পাঠক।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here