কর্মচাৰীক শাৰীৰিক মানসিক নির্যাতন চলোৱা সহ্য কৰা নহ'ব গুৱাহাটী জিলা কৰ্মচাৰী পৰিষদ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 21 November 2021

কর্মচাৰীক শাৰীৰিক মানসিক নির্যাতন চলোৱা সহ্য কৰা নহ'ব গুৱাহাটী জিলা কৰ্মচাৰী পৰিষদ

 

আজি পৰিবহণ আয়ুক্তৰ কাৰ্যালয় “অৱস্থান ধর্মঘট”




W7s News ষ্টাফৰিপোৰ্টাৰ: চৰকাৰৰ বৰমুৰীয়াসকলক সন্তুষ্ট কৰাৰ স্বাৰ্থত কিছুমান উচ্চপদস্থ বিষয়য়াই বিভাগৰ তলতীয়া বিষয়া-কৰ্মচাৰীত শাৰীৰিক মানসিক নির্যাতন চলাই অহাৰ কথা সময়ে সময়ে প্রকাশ পাই। থাকে। চলিত বছৰৰ পহিলা নবেম্বৰত পৰিবহণ আয়ুক্তৰ কাৰ্যালয়ৰ পঞ্জীয়ক জ্যেষ্ঠ কৰ্মচাৰী প্ৰদীপ সেনাপতিক নিজ কার্যালয়তে অতিৰিক্ত আয়ুক্ত ড° সদনেক সিং নামৰ ভাৰতীয় প্রশাসনিক বিষয়াগৰাকীয়ে শাৰীৰিক ভাবে প্ৰহাৰ কৰা কাৰ্য গৰিহণাৰ দিছে গুৱাহাটী জিলা কৰ্মচাৰী পৰিষদে। 

এই সম্পৰ্কে এক বিবৃতি যোগে পৰিষদৰ সভাপতি মহানন্দ কলিতা আৰু সাধাৰণ সম্পাদক হেমন্ত লহকৰে কয় ' অসমীয়া সমাজ সংস্কৃতিৰ লগত অপৰিচিত দাম্ভিক বিষয়াগৰাকীৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণৰ দাবীত সদৌ অসম মুৰব্বী বিভাগীয় আমোলা সম্বাই চলিত মাহৰ  ২, ৩ আৰু ৮ নবেম্বৰত পৰিবহণ আয়ুক্তৰ কাৰ্যালয়ত ধৰ্ণাৰ কাৰ্যসূচী লোৱাৰ লগতে চৰকাৰত ১৮ নবেম্বৰলে সাঁমা নিৰ্দ্ধাৰণ কৰি দিছিল। কিন্তু চৰকাৰে বিষয়াগৰাকীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ২২ নৱেম্বৰত পৰিবহণ আয়ুক্তৰ কাৰ্যালয়, খানাপাৰাত দিনৰ ১১ বজাৰ পৰা ৩ বজালৈ যি “অৱস্থান ধর্মঘট”ৰ কাৰ্যসূচী ঘোষণা কৰিছে ।এই কাৰ্যসূচীক গুৱাহাটী জিলা কৰ্মচাৰী পরিষদে পূর্ণ সমর্থন প্রকাশ কৰিছে। উল্লেখ্য, ১২ নবেম্বৰত সদৌ অসম মুৰব্বী বিভাগীয় আমোলা সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক আৰু সদৌ অসম কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় বিষয়ববীয়াৰ উপস্থিতিত এই বিষয়ে সিদ্ধান্ত গ্রহণ কৰা হৈছল।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here