অভিনেত্রী মলয়া গোস্বামী আৰু সাংবাদিক প্রশান্ত ৰাজগুৰুক লিঅ' এক্সপ' শিল্পী আৰু সাংবাদিক সন্মান প্ৰদান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 2 November 2021

অভিনেত্রী মলয়া গোস্বামী আৰু সাংবাদিক প্রশান্ত ৰাজগুৰুক লিঅ' এক্সপ' শিল্পী আৰু সাংবাদিক সন্মান প্ৰদান

 








২০২২ চনৰ পৰা লিঅ' এক্সপ' শিল্পী আৰু সাংবাদিক সন্মানৰ লগতে লিঅ' 

এক্সপ' উদীয়মান খেলুৱৈ বিশেষ সন্মান প্ৰদান কৰা হ'ব




W7s News ষ্টাফৰিপোৰ্টাৰ :ৰাজ্যৰ কলা-সংস্কৃতি আৰু সংবাদ ক্ষেত্ৰত বৰেণ্য অৱদানৰ বাবে আয়োজক লিঅ’ এক্সপই প্ৰদান কৰি অহা লিঅ' এক্সপ' শিল্পী সম্মান আৰু লিঅ' এক্সপ’ সাংবাদিক সন্মান এই বৰ্ষত প্ৰদান কৰা হ'য় যশস্বী অভিনেত্রী মলয়া গোস্বামী আৰু বিশিষ্ট সাংবাদিক  প্রশান্ত ৰাজগুৰুক।  মঙ্গলবাৰে গুৱাহাটীৰ পাণবজাৰ স্থিত হোটেল মে ফ্লাৱাৰত এই সম্মান প্রদান কৰা হ’য়। এই সম্মানত আছে নগদ একলাখকৈ  টকা, অংগবস্ত্ৰ, স্মাৰক আৰু ফুলৰ টোৰা। লিঅ' এডভাৰটাইজিঙৰ হৈ মৃদুল কুমাৰ দত্তই আঁতধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত লিঅ' এক্সপ' সন্মান বাচনি সমিতিৰ অধ্যক্ষ মণিষা হাজৰিকাই বঁটা প্ৰাপক সকলক অভিনন্দন জনোৱাৰ লগতে লিঅ' এক্সপ' সম্পৰ্কে চমুকৈ কয়। লগতে সাংস্কৃতিক পথাৰখনত কাম কৰি যোৱা বাবে লিঅ' এক্সপক ধন্যবাদ জনায়। বঁটা গ্ৰহণ কৰি যশ্বসী অভিনেত্ৰী মলয়া গোস্বামীয়ে কয় ' মোক এই সন্মান দিয়া বাবে উদ্যোক্তা সকলক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। ২০০৫ চনৰ লিঅ' এডভাৰটাইজিঙে এনেধৰণৰ সন্মান দিয়া পদক্ষেপ গ্ৰহণ কৰি আহিছে। মানুহক সন্মান জীৱিত কালত দিয়া অতি প্ৰয়োজন। সন্মান জীয়াই থকা অৱস্থাত পালে যি আনন্দ পোৱা যায় তাক ভাষাৰে ব্যক্ত কৰিব নোৱাৰি। লিঅ' এক্সপ' কেৱল ব্যৱসায়িক প্ৰতিষ্ঠান নহয় তেওঁলোকে ৰাজ্যৰ শিল্পী, সাংবাদিকক সন্মান প্ৰদান জনাই আহিছে। এই দিনটো মোৰ বাবে স্মৰণীয় হৈ থাকিব।' আনহাতে বঁটা গ্ৰহণ কৰি বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুৱে কয় ' মোক এই সন্মান দিয়া বাবে জুৰিৰ সদস্য সকলক আন্তৰিক ধন্যবাদ জনালোঁ। সাংবাদিকৰ বৃত্তি অত্যন্ত কষ্টকৰ। সাংবাদিকৰ জীৱন প্ৰত্যাহ্বানেৰে ভৰা। মই কাম কৰি থকা মাজ বাটত এনেধৰণৰ স্বীকৃতি আহে তাতকৈ আনন্দৰ কথা একো হ'ব নোৱাৰে। বিশেষ কৈ একান্ত বৃত্তিগত কাৰণত মই অতিৰিক্ত একোৱেই কৰিব পৰা নাই। কেৱল চাকৰিটো কৰি থকাৰ মাজতে যেতিয়া এনেধৰণৰ স্বীকৃতি আহে ইয়াতকৈ আনন্দৰ আৰু গৌৰৱৰ কথা একোৱেই হ'ব নোৱাৰে। দ্বিতীয়তে গৌৰৱৰ কথা হ'ল এগৰাকী পৃথিবীজোৰা খ্যাতি সম্পন্ন শিল্পী মলয়া গোস্বামীৰ লগত বঁটা গ্ৰহণ কৰিছোঁ। আজি তুলসীৰ লগত কলপতুৱাৰ স্বৰ্গযাত্ৰা হ'ল। লগতে লিঅ' এক্সপ' ক আন্তৰিক কৃতজ্ঞতা জনালোঁ ।' লিঅ' এডভাৰটইজিঙৰ সঞ্চালক এ বি পাৰভেজ খান, আকবৰ খান আৰু লিঅ' এডভাৰটইজিঙৰ বিষয়ববীয়া ফাৰহিন ৰহমানৰ উপস্থিতিত এই বঁটা প্ৰদান কৰা হয়। উল্লেখ্য, ২০২২ চনৰ পৰা লিঅ' এক্সপ' শিল্পী আৰু সাংবাদিক সন্মানৰ লগতে লিঅ' এক্সপ' উদীয়মান খেলুৱৈ বিশেষ সন্মান প্ৰদান কৰা হ'ব। বিগত বৰ্ষৰ দৰে এইবাৰো ২৯ অক্টোবৰৰ পৰা ২২ নবেম্বৰলৈ গুৱাহাটীৰ মণিৰাম দেৱান ট্রেড চেন্টাৰত আৰম্ভ হৈছে ২১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় লিঅ' এক্সপ'। অসম চৰকাৰৰ ‘আছাম ট্রেড প্রমোচন অর্গেনাইজেছন’ৰ সহযোগত লিঅ' এডভাৰটাইজিঙে অনুষ্ঠিত কৰা এইবেলিৰ একবিংশ আন্তঃৰাষ্ট্ৰীয় লিঅ' এক্সপ'ত ৫ খন বিদেশী ৰাষ্ট্ৰ ক্ৰমে দক্ষিণ আফ্রিকা, আফগানিস্তান, ইৰান, থাইলেণ্ড আৰু বাংলাদেশ অংশগ্ৰহণ কৰিছে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here