প্ৰৱঞ্চনা প্ৰতিৰোধৰ ওপৰত সজাগতা বৃদ্ধি কৰিবলৈ এইচডিএফচি বেংকে মুকলি কৰিলে "মুহ বন্ধ ৰাখো" অভিযানৰ দ্বিতীয় সংস্কৰণ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 16 November 2021

প্ৰৱঞ্চনা প্ৰতিৰোধৰ ওপৰত সজাগতা বৃদ্ধি কৰিবলৈ এইচডিএফচি বেংকে মুকলি কৰিলে "মুহ বন্ধ ৰাখো" অভিযানৰ দ্বিতীয় সংস্কৰণ

 




W7s News ষ্টাফৰিপোৰ্টাৰ: ২০২০চনৰ 'মুহ বন্ধ ৰাখো' অভিযানৰ ব্যাপক সফলতাৰ পিছত এইচডিএফচি বেংক লিমিটেডে আন্তঃৰাষ্ট্ৰীয় প্ৰৱঞ্চনা সজাগতা সপ্তাহ ২০২১ৰ সমৰ্থত ১৫ নৱেম্বৰত ইয়াৰ দ্বিতীয় সংস্কৰণ মুকলিৰ ঘোষণা কৰিছে। এই প্ৰচেষ্টাৰ জৰিয়তে বেংকে সকলো ধৰণৰ প্ৰৱঞ্চনাৰ বিৰুদ্ধে সজাগতা বৃদ্ধি কৰাৰ লক্ষ্য ৰাখিছে আৰু  সেইবোৰৰ প্ৰতিৰোধ নিশ্চিত কৰিবলৈ নিজৰ মুখ বন্ধ ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। বেংকে বিশ্বব্যাপী আন্তঃৰাষ্ট্ৰীয় প্ৰৱঞ্চনা সজাগতা সপ্তাহ ২০২১ উদযাপনৰ বাবে এই অভিযান আৰম্ভ কৰিছে। প্ৰৱঞ্চনাৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ চলা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এই অভিযান ১৫-২১ নৱেম্বৰলৈ চলিব। ইয়াত তৃতীয় বছৰৰ বাবে এইচডিএফচি বেংকে অংশগ্ৰহণ কৰিছে।


বিত্তীয় প্ৰৱঞ্চনাৰ পৰা গ্ৰাহক এজনে কেনেকৈ নিজকে সুৰক্ষিত কৰি ৰাখিব পাৰে তাৰ ওপৰত এই বেংকে অহা চাৰি মাহত ২,০০০ৰো অধিক কৰ্মশালা অনুষ্ঠিত কৰিব। ইয়াৰ দ্বাৰা গ্ৰাহকসকলক সোঁৱৰাই দিব যে যিকোনো পৰিস্থিত বেংকিং বিৱৰণৰ কথা আহি পৰিলে তাৰ তথ্য প্ৰকাশ নকৰাই ভাল। বেংকে যুৱ প্ৰজন্মৰ ওপৰত বিশেষ গুৰুত্ব দিছে, য'ত উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মহাবিদ্যালয়সমূহক তেওঁলোকে লক্ষ্য কৰি লৈছে। যুৱ প্ৰজন্মৰ পৰাই ইয়াৰ সজাগতা অনাৰ এক লক্ষ্য ৰাখিছে। বিত্তীয় প্ৰবঞ্চনাৰ পৰা হাত সৰাৰ সৰল পদক্ষেপৰ কথা উল্লেখ কৰিছে। তাৰ ভিতৰত আছে অজ্ঞাত লিংকত ক্লিক নকৰা, কাৰ্ডৰ বিৱৰণ ভাগ বতৰা নকৰা, চিভিভি, ম্যাদ ওকলা তাৰিখ, নেট বেংকিং অ'টিপি/ম'বাইল বেংকিং লগইন আইডি আৰু ফোনৰ পাছৱৰ্ড, এছএমএছ, ই-মেইলৰ বিৱৰণ অন্য লোকক নিদিয়া। এই সমূহৰ প্ৰতি সতৰ্ক থাকিলে ছ'চিয়েল মিডিয়াত সাধাৰণ ৰাইজে তেওঁলোকৰ ধন সুৰক্ষিত কৰি ৰাখিব পাৰিব।


"মুহ বন্ধ ৰাখো" অভিযানটো মুকলি কৰে নিটি আয়োগৰ বিশেষ সচিব ড০ কে ৰাজেশ্বৰ ৰাও (আইএএছ)ৱে।ইয়াত অতিথিৰূপে উপস্থিত আছিল ভাৰত চৰকাৰৰ নেচনেল চাইবাৰ চিকিউৰিটি কো-অ'ৰডিনেটৰ তথা অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ড০ ৰাজেশ পন্ট আৰু এইচডিএফচি বেংকৰ এমডি আৰু চিইঅ' শশীধৰ জগদীশন।


মহামাৰীৰ আৰম্ভণিৰ পৰা ডিজিটেল প্ৰৱঞ্চনাৰ এক আমূল পৰিৱৰ্তন ঘটিছে। আজিৰ প্ৰৱঞ্চকসকল মানুহৰ বিশ্বাস অৰ্জন কৰিবলৈ অধিক অত্যাধুনিক হৈ পৰিছে। ইয়াৰে বহুতো প্ৰৱঞ্চকে গ্ৰাহকৰ ৱিক ডে(weekdays) আৰু কামৰ সময়ৰ ওপৰত দৃষ্টি ৰাখি প্ৰৱঞ্চনা কৰিবলৈ ফোন কৰিবলৈ ধৰিছে আৰু গ্ৰাহকসকলক বৈধ অফাৰ থকা কথাৰে বিশ্বাস জন্মাব বিচাৰে।এইচডিএফচি বেংকৰ দ্বাৰা এটা প্ৰৱঞ্চনা বিবাদৰ সময় বিশ্লেষণত প্ৰকাশ পাইছিল যে চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত ৬৫-৭০% চাইবাৰ প্ৰৱঞ্চনা পুৱা ৭.০০ বজাৰ পৰা সন্ধিয়া ৭.০০ বজাৰ ভিতৰত সংঘটিত হৈছিল।


লগতে, প্ৰৱঞ্চকসকলে কেৱল জ্যেষ্ঠ নাগৰিকসকলকে লক্ষ্য কৰি লৈছে এনে নহয়, সকলো শ্ৰেণীৰ লোকক লক্ষ্য কৰি লৈছে। এইচডিএফচি বেংকৰ বিশ্লেষণত আৰু প্ৰকাশ পাইছিল যে ৮০-৮৫% প্ৰভাৱিত গ্ৰাহকৰ বয়স আছিল ২২-৫০ বছৰ। সেয়েহে, এই বছৰ এইচডিএফচি বেংকে ইয়াৰ মুহ বন্ধ ৰাখো অভিযানৰ জৰিয়তে আহ্বান জনাইছে যে গ্ৰাহকসকলে প্ৰতিশ্ৰুতি লওক যে তেওঁলোকে গোপনীয় বেংকিং তথ্য কাৰো সৈতে ভাগ বতৰা নকৰে।


এই সন্দৰ্ভত এইচডিএফচি এমডি আৰু চিইঅ' শশীধৰ জগদীশনে কয়," ডিজিটেলকৰণে গ্ৰাহকসকলক অতুলনীয় সুবিধা আৰু বেংকিং সেৱাৰ প্ৰৱেশাধিকাৰ প্ৰদান কৰিছে। এই 

সুবিধাবোৰ সৈতে চাইবাৰ প্ৰৱঞ্চনাৰ বহু বিপদাশংকা বৃদ্ধি পাইছে । প্ৰৱঞ্চকসকলে নিৰন্তৰভাৱে বিচাৰি ফুৰিছে সহজ-সৰল গ্ৰাহকক।সেইবাবে সদায় অচিনাকি লোকৰ সৈতে কথা পতাৰ ক্ষেত্ৰত সতৰ্ক হোৱাটো গুৰুত্বপূৰ্ণ। গ্ৰাহকসকলে কিছু পৰিচ্ছন্নতাৰ নিয়ম অনুসৰণ কৰি তেওঁলোকৰ সম্পদ আৰু সঞ্চয় সুৰক্ষিত কৰিব লাগিব। উদাহৰণস্বৰূপে অজ্ঞাত কল নল'ব; অচিনাকি লোকৰ পৰা অহা এছএমএছ আৰু মেইলত ক্লিক নকৰিব। অ'টিপি,কাৰ্ড নম্বৰ, পাছৱৰ্ড বা পিন ইত্যাদি ভাগ-বতৰা নকৰিব।"


আনহাতে, নিটি আয়োগৰ বিশেষ সচিব ড০ কে ৰাজেশ্বৰ ৰাৱে (আইএএছ) কয়, " সাধাৰণ জনতাৰ বিত্তীয় তথ্যৰ সুৰক্ষা আৰু তেওঁলোকৰ সুৰক্ষা নিশ্চিত কৰাটো মোৰ অন্তৰৰ এটা প্ৰধান কাৰণ হৈ পৰিছে। অসাধু(Unscrupulous) উপাদানবোৰে সদায় দুৰ্বল লোকক চিকাৰ কৰি আহিছে। মই আশা কৰোঁ এই কৰ্মশালাবোৰে এনে দুৰ্বলতাৰ জন্ম দিয়া তথ্যৰ ব্যৱধানবোৰ দূৰ কৰিব আৰু অধিক বেংক একাউণ্ট সুৰক্ষিত কৰাত সহায় কৰিব।"

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here