বিশুদ্ধ খোৱা পানীৰ সন্দৰ্ভত বঞ্চিত শিশুসকলৰ মাজত সজাগতা কে এল গ্রুপৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 15 November 2021

বিশুদ্ধ খোৱা পানীৰ সন্দৰ্ভত বঞ্চিত শিশুসকলৰ মাজত সজাগতা কে এল গ্রুপৰ

 




W7s News ষ্টাফৰিপোৰ্টাৰ :  শিশু দিৱসৰ লগত সংগতি ৰাখি কে এল গ্রুপৰ উদয়াক এগ্র প্রডাক্ট প্রাইভেট লিমিটেডে দেওবাৰে বিশুদ্ধ খোৱাপানীৰ সন্দৰ্ভত এক সজাগতা অভিযান চলায় ৷ কে এল গ্রুপৰ সদস্যসকলে মহানগৰীৰ উলুবাৰীৰ আৰ কে মিছন ৰোডৰ আশ্ৰয় গৃহ অময়া চলিহালয়ৰ শিশু সকলৰ মাজত বিশুদ্ধ খোৱা পানী সন্দৰ্ভত সজাগতা অনাৰ প্ৰয়াস কৰে। উক্ত অনুষ্ঠানটোত চুইটী চুতীয়া, নিতুমণি তালুকদাৰ, হৰেণ ডেকা আদি কৰি সংগঠনটোৰ সদস্যসকলে অংশগ্ৰহণ কৰে। বিশুদ্ধ খোৱা পানী কেনেদৰে সংৰক্ষণ কৰিব লাগে, নিজৰ শৰীৰ কেনেদৰে নিৰোগী কৰি ৰাখিব লাগে সেই সন্দৰ্ভত কে এল গ্ৰুপৰ সদস্যসকলে বঞ্চিত শিশুসকলৰ মাজত সজাগতা অনাৰ প্ৰয়াস কৰে। ইপিনে কে এল গ্রুপৰ অধ্যক্ষ মনোজ কুমাৰ আগৰৱালাই এই সজাগতা অভিযানত অংশগ্ৰহণ কৰি কয় 'পানী জীবনৰ অবিচ্ছেদ্য অংগ। এইক্ষেত্ৰত বিশুদ্ধ খোৱা পানীয়ে শিশুসকলক নিৰোগী কৰি ৰাখে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। সংগঠনটোরে বঞ্চিত শিশুসকলৰ মাজত সামগ্রীও বিতৰণ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here