শিশু দিৱস উপলক্ষে চিত্ৰাংকন প্ৰতিযোগিতা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 14 November 2021

শিশু দিৱস উপলক্ষে চিত্ৰাংকন প্ৰতিযোগিতা

 



W7s News ষ্টাফৰিপোৰ্টাৰ : ৱৰ্ল্ড অৱ চেভেন চিষ্টাৰ ( সাত ভনীৰ পৃথিৱী) নিউজ পৰ্টেলৰ উদ্যোগত আৰু প্ৰাচ্য বিদ্যা নিকেতন প্ৰাথমিক বিদ্যালয়, হেলথ চিটি হাস্পতালৰ সহযোগত গুৱাহাটীৰ ৰূপনগৰস্থিত প্ৰাচ্য বিদ্যা নিকেতনত  দেওবাৰে শিশু দিৱসৰ লগত সংগতি ৰাখি এখন চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। এই প্ৰতিযোগিতাত গুৱাহাটীৰ বিভিন্ন বিদ্যালয়ৰ অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। প্রতিযোগিতাৰ আৰম্ভণিতে পণ্ডিত জৱাহৰলাল নেহৰুৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্জলন আৰু পুষ্পাঞ্জলি অপৰ্ণ কৰে সদৌ অসম মূৰব্বী বিভাগীয় আমোলা সন্থাৰ প্ৰচাৰ সম্পাদক দীলিপ কুমাৰ বৰুৱাই। তেওঁ উদ্বোধনী ভাষণত প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰী সকলক শিশু দিৱসৰ শুভেচ্ছা জনায়। 

লগতে ৱৰ্ল্ড অৱ চেভেন চিষ্টাৰ (সাতভনীৰ পৃথিৱীৰ)ক ভাল কামেৰে আগবাঢ়ি যাবলৈ আহ্বান জনায়।

অনুষ্ঠানত 'আমাৰ অসম' কাকতৰ জ্যেষ্ঠ সাংবাদিক অতুল কুমাৰ বৰ্মন, ৰূপনগৰ অঞ্চলৰ জ্যেষ্ঠ নাগৰিক কুমুদ চন্দ্ৰ ডেকা, সমাজকর্মী বিক্ৰম দে, যুৱ ব্যৱসায়ী ৰুদ্ৰ ডেকা উপস্থিত থাকে। প্ৰতিযোগিতাত বিচাৰক হিচাপে উপস্থিত থাকে ময়ুৰী ৰাজবংশী আৰু নাচিৰুদ্দিন আহমেদ। প্ৰাচ্য বিদ্যা নিকেতন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক মুকুল দেৱশৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত বঁটা বিতৰণী সভাৰ আৰম্ভণিতে দময়ন্তী ডেকাই প্ৰাৰ্থনা পৰিবেশন কৰে। বঁটা বিতৰণী সভাত মুখ্য অতিথি হিচাপে হেল্ থ চিটি হাস্পতালৰ ফেচিলিটী ডাইৰেক্টৰ পৰাগজ্যোতি দত্ত, বিশিষ্ট অতিথি হিচাপে সমাজকর্মী নেকিব ইমাম শইকীয়া,হেল্ থ চিটি হাস্পতালৰ বিষয়ববীয়া, জ্যেষ্ঠ সাংবাদিক খাইৰুল আলম, ৰূপনগৰ অঞ্চলৰ জ্যেষ্ঠ নাগৰিক কুমুদ চন্দ্ৰ ডেকা,প্ৰাচ্য বিদ্যা নিকেতনৰ শিক্ষক নৱনীতা শৰ্মা, কেমলীন কোম্পানীৰ বিষয় ববীয়া সঞ্জীৱ পাল আদি উপস্থিত থাকে। সভাত হেল্ থ চিটি হাস্পতালৰ ফেচিলিটী ডাইৰেক্টৰ পৰাগজ্যোতি দত্তই কয় ' ছাত্ৰ-ছাত্ৰী সকলে জীৱনত ভাল মানুহ হোৱাৰ লক্ষ্য লৈ আগবাঢ়ি যোৱা উচিত। তেওঁলোকে চিকিৎসক বা অভিযন্তা হোৱাৰ লক্ষ্য লোৱা অনুচিত। ছাত্ৰ-ছাত্ৰী সকলে  নিজৰ পিতৃ মাতৃক সন্মান কৰিব লাগে। সকলোকে শিশু দিৱসৰ শুভেচ্ছা জনালোঁ। লগতে ৱৰ্ল্ড অৱ চেভেন চিষ্টাৰ (সাতভনীৰ পৃথিৱীৰ) ৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।' সভাত বিশিষ্ট অতিথিৰ ভাষণত সমাজকর্মী নেকিব ইমাম শইকীয়াই কয় 'সমাজৰ বস্তি অঞ্চলৰ শিশু সকল আজিও শিক্ষাৰ ক্ষেত্ৰত বহুত পিছপৰি আছে। তেওঁলোকক শিক্ষাৰ পোহৰ দিব লাগে। যাতে তেওঁলোক সু-নাগৰিক হৈ সমাজৰ সম্পদ হৈ পৰে।

 ৱৰ্ল্ড অৱ চেভেন চিষ্টাৰ (সাতভনীৰ পৃথিৱীৰ) য়ে এই ক্ষেত্ৰত সজাগতামূলক কাম কৰি যাব বুলি আশা কৰিলোঁ।' প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে মহৰ্ষি বিদ্যা মন্দিৰৰ চিন্ময় দাসে,দ্বিতীয় স্থান লাভ কৰে চেন্ট্ৰেল পাব্লিক স্কুলৰ প্ৰেৰণা উপাধ্যায়ে আৰু তৃতীয় স্থান লাভ কৰে বৰসজাই জাতীয় বিদ্যালয়ৰ মৃদুল শইকীয়াই। আনহাতে নিচুকণি বঁটা লাভ কৰে মাৰিয়া পাব্লিক স্কুল বীৰকুছিৰ ৰিঅ' আৰ্মিন ডেকা, অসম জাতীয় বিদ্যালয় নুনমাটিৰ মায়ংক ডেকা, সুদৰ্শন পাব্লিক স্কুলৰ চার্জিল অমন,হলি চাইল্ড স্কুলৰ জাহ্ণবী ভৰদ্বাজ দে,মাৰিয়াছ এইছ এছ স্কুলৰ অদিতী শৰ্মা, এ ৱান অকাডেমিৰ ৰিয়া পূৰ্বে আদিয়ে। বিজয়ী সকলক ট্ৰফী, উপহাৰৰ টোপোলা, গ্ৰন্থৰ টোপোলা আৰু প্ৰমাণপত্ৰ দিয়া হয়।আনহাতে প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী সকলক প্ৰমাণ পত্ৰ আৰু পুৰস্কাৰ দিয়া হয়। অনুষ্ঠানত অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰী সকলে গীত মাত পৰিবেশন কৰে।সম্পূর্ণ ক'ভিড বিধি মানি এই চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। সভাত কেমলিন কোম্পানীৰ তৰফৰ পৰা অইল পেন্টিংৰ বিষয়ে চমু আলোকপাত কৰে কোম্পানীৰ বিষয় ববীয়া সজীৱ পালে। সাংবাদিক অনুপমা ডেকাই আঁতধৰা সভাখনত প্ৰাচ্য বিদ্যা নিকেতন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক নৱনীতা শৰ্মাই শলাগৰ শৰাই আগবঢ়ায়। সভাত ৱৰ্ল্ড অৱ চেভেন চিষ্টাৰ (সাতভনীৰ পৃথিৱীৰ)ৰ হৈ আহ্বায়ক হালিমা বেগম, দীপাঞ্জলি ডেকা, সাংবাদিক পিয়ালী ঘোষ দে, ভূষ্মিতা দত্ত,পাৰিজাত সন্দিকৈ,অংশ গ্ৰহণ কাৰী ছাত্ৰ-ছাত্ৰী সকলৰ অভিভাৱৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here