চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 12 November 2021

চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন

 



W7s News ষ্টাফৰিপোৰ্টাৰ : ৱৰ্ল্ড অৱ চেভেন চিষ্টাৰ ( সাত ভনীৰ পৃথিৱী) নিউজ পৰ্টেলৰ উদ্যোগত আৰু প্ৰাচ্য বিদ্যা নিকেতন প্ৰাথমিক বিদ্যালয়ৰ সহযোগত গুৱাহাটীৰ ৰূপনগৰস্থিত প্ৰাচ্য বিদ্যা নিকেতনত ১৪ নৱেম্বৰত শিশু দিৱসৰ লগত সংগতি ৰাখি এখন চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই প্ৰতিযোগিতা প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত কৰা হ'ব। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে ৫০ টকা মাচুল ধার্য কৰা হৈছে। ছাত্ৰ-ছাত্ৰী সকলে পুৱা ১০.৩০ বজাত নাম পঞ্জীয়ন কৰিব লাগিব।প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান প্ৰাপ্তসকলক পুৰস্কৃত কৰা হ'ব আৰু অংশগ্ৰহণকাৰী সকলক প্ৰমাণ পত্ৰ দিয়া হ'ব। বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হ'ব।সম্পূর্ণ ক'ভিড বিধি মানি এই চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই বিষয়ে সবিশেষ জানিবলৈ ৯৯৫৪০-৮০৬৯৬, ৯৭০৭৪-৫৬৬৯২ আৰু ৯৯৫৪৭-৫৪৮০০ ম'বাইল নম্বৰৰত যোগাযোগ কৰিব পাৰিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here