ভৰলু বচাওঁ অভিযান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 9 November 2021

ভৰলু বচাওঁ অভিযান

 


এসময়ৰ বোৱত, মাছ-


কাছৰে উভৈনদী ভৰলু নদীত এতিয়া আৰ্চেনিক, ফ্লৰাইডেৰে ভৰি পৰিছে-ডাঃ ৰবীন মজুমদাৰ




W7s News ষ্টাফৰিপোৰ্টাৰ : এসময়ৰ বোৱতী নদী, মাছ কাছৰে উভৈনদী ভৰলু নদীত এতিয়া আৰ্চেনিক, ফ্লৰাইডেৰে ভৰি পৰিছে। ভৰুলু নদীৰ পানীৰ এতিয়া বিষাক্ত। কৰ্কট ৰোগৰ দৰে জটিল ৰোগৰ কাৰকো পোৱা যায় ভৰুলু নৈত-এই ভাষ্য ভৰলু বচাওঁ অভিযানৰ সভাপতি ডাঃ ৰবীন মজুমদাৰৰ। মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত ভৰলু বচাওঁ অভিযানৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদ মেলত তেওঁ লগতে কয় ' গুৱাহাটীৰ বহু লোকে ভৰলুৰ কথা পাহৰি গৈছে। এই নদীখন নাম এতিয়া প্ৰদুষিত নদীৰ তালিকাত সন্নিবিষ্ট হৈছে। জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কৰিবলৈ নিদি এই নদীখনক পুনৰোজ্জীবিত কৰিব লাগে। তাৰপ্ৰতি মহানগৰবাসী সজাগ হ'ব লাগে। পৰিতাপৰ বিষয় যে স্মাৰ্ট চিটি প্ৰকল্পতো ভৰলুৰ উন্নয়নৰ বাবে বিশেষ একো উল্লেখ নাই। প্ৰায় ১৯৭০ চনৰ পৰা প্লাষ্টিকৰ ব্যৱহাৰ বৃদ্ধি হয় আৰু প্ৰায় ১৯৭৫ চনৰ পৰা ভৰলুৰ পানী প্ৰদূষিত হ'বলৈ আৰম্ভ কৰে আৰু আৱৰ্জনাৰ পৰিমাণ বৃদ্ধি পাবলৈ ধৰে।প্লাষ্টিক জ্বলালেও যে কৰ্কট ৰোগ হয় এই সন্দৰ্ভত ৰাইজৰ মাজত সজাগতাৰ অভাৱ। মেঘালয়ৰ পৰা বৈ অহা পানী এতিয়া ভৰলুৰ বুকুত নপৰা হ'ল। প্ৰাকৃতিক পানী নপৰাৰ ফলত ভৰলুৰ পানী এতিয়া কলা, দুৰ্গন্ধময় হৈ পৰিছে। তাত এতিয়া মাছ কাছ নাই আছে কেৱল বেমাৰৰ নানা বীজাণু। এই বিষয়ে চৰকাৰৰ দৃষ্টি গোচৰ কৰিবলৈ আৰু ৰাইজক সজাগ হ'বলৈ আমি আহ্বান জনালোঁ। আমি ১৪ নৱেম্বৰত গুৱাহাটীৰ কুমাৰপাৰা নামঘৰত ১৪ নৱেম্বৰত পুৱা ১০ বজাত এখন চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ। এই প্ৰতিযোগিতা 'ক'শাখা প্ৰথম শ্ৰেণীৰ পৰা তৃতীয় শ্রেণী আৰু 'খ' শাখা চতুৰ্থ শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীৰ ছাত্র-ছাত্রীৰ মাজত অনুষ্ঠিত হ'ব। আনহাতে চলিত বছৰৰ ২৬ ছেপ্টেম্বৰত 'বিশ্ব নদী দিৱসৰ' লগত সংগতি ৰাখি সদৌ অসম ভিত্তিত আয়োজন কৰা চিত্ৰাংকণ প্ৰতিযোগিতাত 'ক' শাখাত তৃষ্ণা দাসে প্ৰথম, বাস্তৱ দাসে দ্বিতীয়, হিমাংশু ডেকাই তৃতীয়  আৰু 'খ' শাখাত হিমাশ্ৰী ৰাজখোৱাই প্ৰথম, ইশানিকা কাশ্যপে দ্বিতীয় আৰু আয়ুস মেধিয়ে তৃতীয় পুৰস্কাৰ লাভ কৰে।বিজয়ী সকলক ১৪ নৱেম্বৰত পুৰস্কৃত কৰা হ'ব।পৰৱৰ্তী সময়ত আমি মহাবিদ্যালয়, বিশ্ববিদ্যালয়ত তৰ্ক প্ৰতিযোগিতাৰ আয়োজন কৰিম।' সংগবা মেলত ভৰুলু বচাও অভিযানৰ যুটীয়া সচিব ডাঃ ৰুবি কটকী,ডাঃ সীমাৰেখা দেৱী, কাৰ্যকৰী কমিটিৰ সদস্য কৃষ্ণেন্দু ৰয়, অতুল কুমাৰ বৰ্মন আদি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here