গুৱাহাটী মহানগৰীৰ পৰিস্কাৰৰ ক্ষেত্ৰত জি এম চি ৰ কঠোৰ পদক্ষেপ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 9 November 2021

গুৱাহাটী মহানগৰীৰ পৰিস্কাৰৰ ক্ষেত্ৰত জি এম চি ৰ কঠোৰ পদক্ষেপ

 


এতিয়াৰ পৰা যতে ততে থু- খেকাৰ পেলালে, বেনাৰ পোষ্টাৰ লগালে ভৰিব লাগিব এহেজাৰ টকাৰ জৰিমণা-দেবাশিষ শৰ্মা


সচেতন লোকক পুৰস্কৃত কৰা হ'ব




W7s News ষ্টাফৰিপোৰ্টাৰ: গুৱাহাটী মহানগৰীৰ পৰিস্কাৰৰ ক্ষেত্ৰত গুৱাহাটী পৌৰ নিগমে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে।এতিয়াৰ পৰা যতে ততে থু- খেকাৰ পেলালে, বেনাৰ পোষ্টাৰ লগালে ভৰিব লাগিব এহেজাৰ টকাৰ জৰিমণা। মঙলবাৰে গুৱাহাটীৰ পাণবজাৰস্থিত গুৱাহাটী পৌৰ নিগমৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা সদৰী কৰে নিগমৰ আয়ুক্ত দেবাশিষ শৰ্মাই। তেওঁ লগতে কয়' 

মহানগৰীৰ অলিয়ে গলিয়ে, বিশেষকৈ উৰণীয়া সেঁতুৰ তলৰ খুঁটা, দেৱালসমূহত  

নিগমৰ অনুমতি নোলোৱাকৈ বেনাৰ পোষ্টাৰ লগালে ভৰিব লাগিব এহেজাৰ টকাৰ জৰিমণা। এনে কাৰ্য কৰা সকলৰ বিৰুদ্ধে গুৱাহাটী পৌৰ নিগমৰ আইনৰ ৩৯০ দফাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। প্ৰয়োজন সাপেক্ষে তেনে  লোকৰ  বিৰুদ্ধে এজাহাৰ দাখিল কৰা হ'ব।

যদি বাৰম্বাৰ এই ভুল কৰে তেন্তে শাস্তি কঠোৰ হ’ব। এই নিয়ম বুধবাৰৰ পৰা প্ৰযোজ্য হ'ব। আনহাতে যি সকলে নিগমৰ অনুমতি নোলোৱাকৈ বিভিন্ন বিজ্ঞাপনৰ বেনাৰ পোষ্টাৰ লগাই গুৱাহাটী মহানগৰখনৰ সৌন্দৰ্য  নষ্ট কৰিছে তেওঁলোকক ১৫ দিনৰ ভিতৰত সেই সমূহ পৰিস্কাৰ পৰিচন্ন কৰিবলৈ আমি আহবান জনালোঁ।

অন্যথা তেনে লোকৰ বিৰুদ্ধে বেনাৰ-পোষ্টাৰত থকা ফোন নম্বৰৰ আধাৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

এই ক্ষেত্ৰত কোনো সচেতন ব্যক্তিয়ে যদি এনেদৰে কাগজৰ পোষ্টাৰ লগাই থকা অৱস্থাত লোকজনৰ ফটো আৰু ঠিকনা গুৱাহাটী পৌৰ নিগমক প্ৰেৰণ কৰিব পাৰে তেওঁক ১০০০ টকাৰে পুৰস্কৃত কৰা হ'ব। এখন মহানগৰৰ সচেতন আৰু দায়িত্বশীল নাগৰিক বুলি ভাবি লৈ ৰাজহুৱা স্থানত পিক নেপেলাবৰ বাবে সকলোকে আহ্বান জনালোঁ। সচেতন নাগৰিক সকলে পোষ্টোৰ লগাই থকাৰ ফটো তুলি গুৱাহাটী পৌৰ নিগমৰ 

৮৮১১০০৭০০০ ,৭৩৯৯০০৩০০১ ,৭৩৯৯০০৩০০২

৭৩৯৯০০৩০০৩ (জাৱৰ সংগ্ৰহৰ),৭৩৯৯০০৩০০৪

এই কেইটা নম্বৰত অভিযোগ দাখিল কৰিব পাৰিব। গুৱাহাটীৰ ৯৫ শতাংশ লোকে গুৱাহাটীখন পৰিস্কাৰ হৈ থকা বিচাৰে। মাত্ৰ ৫ শতাংশ লোকে গুৱাহাটীখন লেটেৰা কৰি ভাল পায়। গতিকে ৰাইজক আমি সজাগ, সচেতন হ'বলৈ আহ্বান জনালোঁ। আনহাতে দিছপুৰ ছুপাৰ মাৰ্কেটৰ উৰণীয়া সেতুত যি গৰাকী মহিলাই জন্মদিনৰ আয়োজন কৰিলে এই ক্ষেত্ৰত আৰক্ষীক অভিযোগ দিলেহে আমি তেঁওৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব পাৰিম।


গুৱাহাটীখন পৰিষ্কাৰ কৰি তোলাৰ বাবে আমি ১৬ টা নতুন ৰাজহুৱা শৌচালয়ৰ কাম আৰম্ভ কৰিছোঁ। এবছৰৰ ভিতৰত আমি মহিলা সকলে যাতে ৰাজহুৱা শৌচাগাৰ আৰু প্ৰস্ৰাবগাৰৰ সমস্যাত ভুগিব নালাগে তাৰবাবে সু-ব্যৱস্থা গ্ৰহণ কৰিম। তদুপৰি ধপাঁত জাতীয় সামগ্ৰীৰ বিক্ৰী বন্ধ কৰা বিষয়টো এতিয়া ন্যায়ালয়ৰ বিচৰাধীন হৈ আছে। গুৱাহাটী মহাগৰীত ২৪ টা ভেণ্ডিং জোন আছে আৰু এই ভেণ্ডিং জ'ন বৃদ্ধি কৰাৰ চিন্তা চৰ্চা কৰা হৈছে যাতে মহানগৰীৰ অলিয়ে গলিয়ে পদপথত বজাৰ বহিব নোৱাৰে। জাৱৰ নিষ্কাষণৰ ক্ষেত্ৰত আমি বিজ্ঞানসন্মতভাৱে কাম কৰি আছো। সেইদৰে নিগমৰ অধীনত ৫৪ টা পাৰ্কিংজ'ন আছে তাৰে মাত্ৰ ৯টাৰ পৰা  পাৰ্কিং মাছুল সংগ্রহ কৰা হয়। 

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here