পৰিবেশ সংৰক্ষণৰ লক্ষ্যৰে নৱাৰুণ...দ্যা ৰাইজিং ৰে(The Rising Ray )অসমৰ ব্যতিক্ৰমী প্ৰয়াস - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 12 October 2021

পৰিবেশ সংৰক্ষণৰ লক্ষ্যৰে নৱাৰুণ...দ্যা ৰাইজিং ৰে(The Rising Ray )অসমৰ ব্যতিক্ৰমী প্ৰয়াস

 



W7s News ষ্টাফৰিপোৰ্টাৰ: পৰিবেশ সংৰক্ষণত

২০১৫ চনৰ পৰা মনোনিৱেশ কৰি অসমৰ বিভিন্ন জিলাত সজাগতামূলক কাৰ্যসূচী লৈ থকা নৱাৰুণ...দ্যা ৰাইজিং ৰে (The Rising Ray ) অসম নামৰ স্বেচ্ছাসেৱী সংস্থাটোৰ সদস্য সকলে শাৰদীয় দূৰ্গা পূজাৰ সপ্তমীৰ দিনা নুনমাটিৰ লাষ্টগেট সাৰ্বজনীন পূজা মণ্ডপত , ড° সুৰঞ্জনা কলিতা, সাধাৰণ সম্পাদক মনোৰঞ্জন বৰা , যুটীয়া সম্পাদক বেদ শৰ্মাৰ উপস্থিতিত এক ব্যতিক্ৰমী কাৰ্যসূচীৰে অসমৰ পূজা সমিতি বোৰক প্লাষ্টিকৰ গিলাচ বাতি আদিৰ ব্যৱহাৰ সলনি কলগছৰ ডোঙ, চতিয়া, কাগজৰ গিলাচ কলপাত আদিৰ ব্যৱহাৰ কৰিবলৈ আহবান জনায়।  সম্পাদক মনোৰঞ্জন বৰাই জনোৱা মতে বিগত বছৰৰ কেইটাত গুৱাহাটীৰ লগতে  অসমৰ বিভিন্ন জিলাৰ পূজা সমিতিক তামোলপানৰ বতাৰে প্লাষ্টিকৰ গিলাচ বাতিৰ পৰিৱৰ্তে মাটিৰ বা কাগজৰ গিলাচ বাতি ব্যৱহাৰ কৰি পৰিবেশ সংৰক্ষনৰ বাবে অনুৰোধ জনাই আহিছে। এইবাৰো উজানবজাৰ,জাহাজঘাট,লতাশিল,লক্ষীমন্দিৰ বেলতলা,ভেটাপাৰা গনেশগুৰি তিনিআলি  আদিকে ধৰি কেইবাখনো  পুজা কমিটিক বেনাৰ,শৰাই আৰু তামোলপানৰ বতা অনুৰোধ  পত্ৰ বিতৰণ কৰে। লগতে 

সংস্থাটোৰ মহিলা সদস্য পূৰ্নিমা শৰ্মা ৰূপালী ডেকা , ভিলেনা দেৱী মনালিছা দত্তই নিজে বনোৱা ডোং আৰু কলগছৰ চতিয়া নুনমাটি পূজা সমিতিক বিতৰণ কৰে। সভাপতি সম্পাদককে আদি কৰি সংস্থাটোৰ গুৱাহাটীৰ ১৫ -বিশ গৰাকী সদস্যৰ  এই সজাগতামূলক কাৰ্যৰ বাবে স্থানীয় ৰাইজে সময়োচিত কাৰ্যসূচী বুলি  যথেষ্ট শলাগ লয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here