নেকতা ফেষ্টিভ কাৰ্ণিভাল আৰম্ভ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 13 October 2021

নেকতা ফেষ্টিভ কাৰ্ণিভাল আৰম্ভ

 



গ্ৰাহকে লাভ কৰিব আকৰ্ষণীয় পুৰষ্কাৰ



Was news,,ষ্টাফ ৰিপৰ্টাৰ আগশাৰীৰ তথ্য প্ৰযুক্তি সংগঠন নৰ্থ ইষ্ট কম্পিউটাৰ ট্ৰেডাৰ এছ'চিয়েশ্যন চমুকৈ নেকতাই উৎসৱৰ বতৰত অসমকে ধৰি উত্তৰ-পূবৰ সাতখন ৰাজ্যৰ সকলো সদস্য সকলৰ বাবে ব্যৱসায় প্ৰচাৰৰ পৰিকল্পনা ঘোষণা কৰে। নেকতাৰ সভাপতি অবিনাশ জালানে কয়'-নেকতা ফেষ্টিভ কাৰ্ণিভাল" অভিযানে উৎসৱৰ বতৰত গ্ৰাহক সকলৰ বাবে এক বৃহৎ আকৰ্ষণীয় উপহাৰ আনিব আৰু নেকতাৰ অংশীদাৰ সকলে ইয়াৰ পৰা বিশেষ লাভ লাভম্বীত হ'ব। গ্ৰাহকসকলে নেকতাৰ ৱেবছাটই www.necta.co. in দৰ্শন কৰি বিশেষ ইফাৰটো লাভ কৰিবলৈ সক্ষম হ'ব। নেকতা প্ৰকল্পৰ অধ্যক্ষ ৰাজেশ কুমাৰ আগৰৱাল আৰু বিকাশ বুচাই এই সন্দৰ্ভত কয়"-আজিৰে পৰা ৩১ ডিচেম্বৰ ২০২১ লৈ ১২ সপ্তাহ ধৰি চলিব লগা মেগা কাৰ্ণিভালে যিকোনো গ্ৰাহকে নেকতাৰ সদস্য বিপনীৰ পৰা কৰা প্ৰতিটো ক্ৰয়ৰ বিপৰীতে লাভ কৰা কুপনৰ জৰিয়তে ৪৫০ টা উপহাৰ জিকাৰ তিনিটা সুযোগ লাভ কৰিব। প্ৰতিটো কুপনৰ জৰিয়তে সাপ্তাহিক পোন্ধৰদিনীয়া আৰু মেগা লাকী ড্ৰ'ত আকৰ্ষণীয় পুৰষ্কাৰ প্ৰদান কৰা হ'ব। আনহাতে, এই সন্দৰ্ভত,সাধাৰণ সম্পাদক অনিল হৰলালকাই কয়'-উত্তৰ- পূৱৰ কম্পিউটাৰ ট্ৰেডাৰ্ছ এছ'"চিয়েচন হৈছে উত্তৰ-পূৱৰ কম্পিউটাৰ আৰু তথ্য প্ৰযুক্তি ব্যৱসায়ীসকলৰ এক অভিজাত সংস্থা। যাক উত্তৰ-পূৱৰ ৰাজ্যসমূহত তথ্য প্ৰযুক্তিৰ প্ৰৱেশ সুৰক্ষিত আৰু প্ৰচাৰ কৰাৰ লক্ষ্যৰে গঠন কৰা হৈছে আৰু ইয়াৰ বাবে এক সামগ্ৰিক আৰু স্বাস্থ্যকৰ ব্যৱসায়িক গাঁথনি সৃষ্টি কৰা হৈছে। বছৰটোত আৰু বিশেষকৈ অনলাইন ষ্ট'ৰ  বিক্রেতাৰ পৰা মহামাৰী আৰু নিৰন্তৰ প্ৰত্যাহ্বানৰ ফলত খুচুৰা দোকানী সকলৰ যথেষ্ট ব্যৱসায় হ্ৰাস পাইছে আৰু সেয়েহে নেকতাই ইয়াৰ সদস্যসকলৰ ব্যৱসায় সুৰক্ষিত কৰিবলৈ আৰু একে সময়তে নেকতা প্ৰমাণিত অংশীদাৰৰ পৰা শীৰ্ষ শ্ৰেণীৰ সামগ্ৰীৰ সৈতে তেওঁলোকৰ ধনৰ বাবে সৰ্বশ্ৰেষ্ঠ মূল্য প্ৰদান কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে। অএলএছ ছাইটৰ তুলনাত সামগ্ৰীৰ স্পৰ্শ আৰু অনুভৱৰ সৈতে অধিক মূল্য আৰু নির্ভৰযোগ্যতা প্ৰদান কৰিছে। এই আকৰ্ষণীয় অফাৰবোৰে গ্ৰাহকসকলক স্থানীয় ৰিটেইলাৰৰ পৰা তেওঁলোকৰ প্রিয় সামগ্ৰী ক্ৰয় কৰাৰ এক অতিৰিক্ত কাৰণ প্ৰদান কৰিব। কোষাধ্যক্ষ আশীষ জৈনে কয়'-স্থানীয় উদ্যোগীসকলক প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভো'কেল ফৰ লো'কেল শীৰ্ষক আঁচনিৰ ৰূপায়ণ কৰিছে। দুৰ্গা পূজা, দীপাৱলী, লক্ষ্মী পূজা, খ্ৰীষ্টমাছলৈকে সামৰি লোৱা এই কাৰ্ণিভালৰ সময়ছোৱাত, গ্ৰাহকসকলে নেকতাৰ যিকোনো সদস্যৰ দোকানৰ পৰা কৰা প্ৰতিটো ক্ৰয়ৰ ওপৰত এটা কুপন প্রাপ্ত কৰাৰ অধিকাৰ লাভ কৰিব আৰু কাৰ্ণিভালৰ শেষলৈকে আকৰ্ষণীয় উপহাৰ লাভ কৰাৰ সুযোগ পাব। প্ৰতি সপ্তাহত নেকতাই ৱেবছাইটত বিজয়ী সাপ্তাহিক আৰু পোন্ধৰদিনীয়া বিজেতাৰ নাম ঘোষণা কৰা হ'ব। য'ত থাকিব মেগা ড্ৰ'ৰ বিজয়ীৰ নাম। উপহাৰৰ ভিতৰত থাকিব পাৱাৰ বেংকৰ পৰা টিভি, ফ্ৰিজ, ঘৰুৱা সঁজুলি আৰু বহুতো আকৰ্ষণীয় সামগ্ৰী।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here