স্মৃতিগ্ৰন্থ 'কহুঁৱা' উন্মোচন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 12 October 2021

স্মৃতিগ্ৰন্থ 'কহুঁৱা' উন্মোচন

 





W7s News ষ্টাফৰিপোৰ্টাৰ: মহানগৰীৰ সুৱাগপুৰ দূৰ্গা পুজা সমিতিৰ পুজা থলীত মঙলবাৰে স্মৃতিগ্ৰন্থ  'কহুঁৱা' উন্মোচন কৰা হয় । আলোচনীখন উন্মোচন কৰে ভাৰতীয় ষ্টেট বেংকৰ উপমহাপ্ৰববন্ধক শিৱ প্ৰসাদ শৰ্মাই। 'স্মৃতিগ্ৰন্থ' খন উন্মোচন কৰি তেওঁ কয় 'মানুহ সমাজ প্রিয়। সমাজখনৰ সৰু বৰ উৎসৱ পাৰ্বনে মানুহক জীয়াই থকাৰ উৎসাহ উদ্দীপনা দিয়ে। উৎসাহ উদ্দীপনা অবিহনে মানুহে জীয়াই থকাৰ প্ৰমূল্য নাথাকে। ক'ভিড দৰে জটিল পৰিস্থিতিৰ অৱসান ঘটক। মানুহৰ জীৱনলৈ পূৰ্বৰ সুখ শান্তি উভতি আহক। স্মৃতিগ্ৰন্থখনৰ নামটো আকর্ষণীয় হৈছে।'  স্মৃতিগ্ৰন্থ খনৰ সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক নৰেন হাজৰিকাই কয় ' সুৱাগপুৰ দূৰ্গা পুজা সমিতিৰ স্মৃতি যাতে সজীৱ হৈ থাকে তাৰবাবে এই স্মৃতি গ্ৰন্থখন প্ৰকাশ কৰা হৈছে। এইবাৰ চৰকাৰী ক'ভিড বিধি অনুসৰিয়েই অনুষ্টুপীয়াকৈ দুৰ্গা পূজাৰ আয়োজন কৰা হৈছে। দেশৰ দহৰ যাতে মংগল হয় আমি তাৰে কামনা কৰিলোঁ।' সুৱাগপুৰ সাৰ্বজনীন দুৰ্গা পূজা কমিটিৰ সদস্য অমল দাসে আঁতধৰা অনুষ্ঠানত কমিটিৰ সভাপতি ৰমেন্দ্ৰ কুমাৰ ভূঞা, সম্পাদক ৰঞ্জন সিংহ, প্ৰতিষ্ঠাপক সম্পাদক প্ৰদীপ চক্ৰৱৰ্তীৰ লগতে কমিটিৰ বিষয়ববীয়া আৰু ভক্তপ্ৰাণ ৰাইজ উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here