বাজাজ ফাইনান্স লিমিটেডে মুকলি কৰিলে দীপাৱলী বিশেষ অভিযান – EMI হেই না! - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 28 October 2021

বাজাজ ফাইনান্স লিমিটেডে মুকলি কৰিলে দীপাৱলী বিশেষ অভিযান – EMI হেই না!

 




বিভিন্ন শাখা আৰু ব্ৰেণ্ডত আগবঢ়োৱা হৈছে এক্সক্লুছিভ অফাৰ


W7s News গুৱাহাটী: সমগ্ৰ দেশতে উৎসৱৰ বতৰ পূৰ্ণ গতিত চলি থকা সময়তে বাজাজ ফাইনেন্স লিমিটেডে বাজাজ ফিনছাৰ্ভ ডাইৰেক্ট লিমিটেডৰ সহযোগত ইএমআই (EMI) যোগে ক্ৰয় কৰা বিভিন্ন সামগ্ৰী আৰু ব্ৰেণ্ডৰ ওপৰত বিশেষ ৰেহাই আৰু কেছবেক আগবঢ়োৱাৰ এক অভিলাষী আঁচনি (www.emistore.com) হাতত লৈছে আৰু ইয়াৰ বাবে অনুষ্ঠানটোৰ দীপাৱলী অভিযান 'ইএমআই হে না' (EMI HAIN NA) আৰম্ভ কৰিছে। গ্ৰাহকসকলে বিভিন্নধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী, ঘৰুৱা সঁজুলি, স্মাৰ্টফোন, স্মাৰ্টৱাচ, আচবাব, ফিটনেছ সঁজুলি, ঘৰৰ সজ্জা, আনুষঙ্গিক সামগ্ৰী, পাকঘৰৰ সঁজুলি আৰু ন্যূনতম ডাউন পেমেণ্টৰ ওপৰত ৰেহাই লাভ কৰিব পাৰিব এই অভিযানকালত। উল্লেখ্য যে এই অভিযান ১৫ নৱেম্বৰ, ২০২১ তাৰিখে সমাপ্ত হ'ব।


এই অভিযানত এটা আকৰ্ষণীয় সংগীত অৰ্থাৎ জিংগল আছে যিয়ে অধিকাংশ মধ্যবিত্ত ভাৰতীয় গ্ৰাহকৰ উমৈহতীয়া অনুভূতিক প্ৰতিনিধিত্ব কৰে, যেতিয়াই তেওঁলোকে উচ্চ ব্যয়ৰ জীৱনশৈলী ধাৰণ কৰাৰ বিকল্পৰ সন্মুখীন হয়। "ইএমআই হে না" (EMI HAIN NA) অভিযানৰ যোগেদি, এই ব্ৰেণ্ডটোৱে যিকোনো সময়তে, যিকোনো স্থানতে বিভিন্ন চহৰত বাস কৰা প্ৰতিজন গ্ৰাহকক তেওঁলোকৰ সামগ্ৰী আহৰণ বাবে থকা আকাঙ্খা পূৰণৰ উপৰিও উয়াত থকা লাভালাভবোৰ অনুভৱ কৰাবলৈ সক্ষম হয়। এই অভিযানত মাহিলী কিস্তিৰ জৰিয়তে ক্ৰয়মূল্য পৰিশোধৰ ক্ষেত্ৰত ভাৰতৰ 'এক মন্ত্ৰৰ দ্বাৰা ঐক্যবদ্ধ' শীৰ্ষক সূত্ৰ সংযোজিত হৈছে, যিয়ে "ইএমআই হে না" (EMI HAIN NA) ৰ দিশবোৰকো একেই দিশত প্ৰতিষঅঠা কৰিছে।


বাজাজ ফিনচাৰ্ভৰ ছ'চিয়েল মিডিয়া চেনেল (যেনে ফেচবুক, টুইটাৰ, লিংকডইন, ইউটিউব), অডিঅ' ষ্ট্ৰীমিং প্লেটফৰ্ম (যেনে গানা, জিঅ' ছাৱন), ৰেডিঅ', ইনফোটেইনমেণ্ট আৰু অন্যান্য অ'টিটি (OTT) চেনেলকে ধৰি ডিজিটেল প্লেটফৰ্মত লাইভ চলাই, ব্ৰেণ্ডটোৱে বাজাজ ফিনৰ সহযোগী বাজাজ ফাইনেন্স লিমিটেড আৰু বাজাজ ফিনচাৰ্ভ লিমিটেডক ইয়াৰ সৈতে সমাৰ্থক কৰি তুলিবলৈ পূৰ্ণ পৰ্যায়ৰ (৩৬০ ডিগ্ৰী) ৰণনীতি প্ৰদান কৰিছে।


কোম্পানীটোৱে ইয়াৰ ক্ষীপ্ৰ প্ৰদৰ্শন বৃদ্ধি কৰিবলৈ এটা ভাৰ্চুৱেল গেমো সাজি উলিয়াইছে য'ত গ্ৰাহকসকলে সৰ্বাধিক পইণ্ট অৰ্জন কৰাৰ এক চেলেঞ্জত অংশগ্ৰহণ কৰিব পাৰে। অংশগ্ৰহণকাৰীসকলে ইয়াৰ যোগেদি কেছবেক পুৰস্কাৰো লাভ কৰিব পাৰিব। বাজাজ ফিনচাৰ্ভ ইএমআই ষ্টোৰে (EMI Store) ইয়াৰ প্ৰতিষ্ঠিত আৰু বিশ্বাসী অংশীদাৰৰ নেটৱৰ্কৰ জৰিয়তে এক নিৰৱচ্ছিন্ন অভিজ্ঞতাৰ প্ৰতিশ্ৰুতি দি আহিছে।


লেনদেন, ৰেহাই, অফাৰ, ডিজিটেল ভিডিঅ', গেম, সমৰ্পিত ৱেবপৃষ্ঠা আৰু তৃতীয় পক্ষৰ সহযোগিতাৰ উপৰিও, ব্ৰেণ্ডটোৱে ন্যূনতম নথিপত্ৰ আৰু পূৰ্ব-অনুমোদিত ঋণৰ দৰে অন্যান্য লাভালাভৰ সৈতে ডেলিভাৰী সময় হ্ৰাস কৰিবলৈ সমগ্ৰ ভাৰতত ৪৩,০০০ ৰো অধিক বিক্ৰেতাৰ নেটৱৰ্ক ব্যৱহাৰ কৰাৰ লক্ষ্য স্থিৰ কৰিছে। গ্ৰাহকসকলে তেওঁলোকৰ "বাজাজ ফিনচাৰ্ভ ইএমআই নেটৱৰ্ক কাৰ্ড" ব্যৱহাৰ কৰি তেওঁলোকৰ পছন্দৰ দোকান বা অনলাইন যোগেও পোনপটীয়াকৈ সামগ্ৰী ক্ৰয় কৰিব পাৰিব।


উল্লেখ্য যে বিভিন্ন কিউৰেটেড পুৰস্কাৰ আৰু প্ৰচাৰৰ জৰিয়তে গ্ৰাহকসকলক বিভিন্ন সুবিধা দিয়াৰ উদ্দেশ্য আগত ৰাখিয়েই এই সমগ্ৰ অভিযানটো পিছুৱাই দিয়া হৈছে।


* বাজাজ ফাইনেন্স লিমিটেডে ইয়াৰ বিবেচনাত বিত্ত প্ৰদান কৰে আৰু এই ঋণ চৰ্তাৱলী আৰু নিয়মাৱলীৰ দ্বাৰা নিয়ন্ত্ৰিত হ'ব। বঁটাসমূহ পদোন্নতিৰ চৰ্তাৱলী আৰু নিয়মাৱলী পূৰণ সাপেক্ষে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here