W7s News নিউজ ডেস্ক: গুৱাহাটীত ক'ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ ফলত পুনৰ ঘোষণা কৰা হৈছে কণ্টেইনমেণ্ট জ’ন। গুৱাহাটীৰ ৰূপনগৰৰ এটা অঞ্চলক ঘোষণা কৰা হৈছে কণ্টেইনমেণ্ট জ’ন।কণ্টেইনমেণ্ট জ’ন ঘোষণা মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকি কোষৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত। ৰূপনগৰৰ স্বতন্ত্ৰ সেনানি ভৱনত আছে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকি কোষৰ কাৰ্য়ালয়। এই কাৰ্যালয়ত কৰ্মৰত ১১ জন বিষয়া কৰ্মচাৰীৰ দেহত ধৰা পৰিছিল ক'ভিড-১৯।৭ দিনৰ বাবে কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে এই অঞ্চলটোত। উক্ত স্থানত কোনো লোক প্ৰৱেশ কৰিব নোৱাৰিব। ২৭ অক্টোবৰৰ পৰা কাৰ্যকৰী হৈছে এই নিৰ্দেশনা।
No comments:
Post a Comment