এয়াৰটেলৰ গ্ৰাহকসকলক চাইবাৰ প্ৰৱঞ্চনাৰ বিৰুদ্ধে সতৰ্ক হৈ থাকিবলৈ আহ্বান মুখ্য কাৰ্যবাহী বিষয়া গোপাল ভিট্টালৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 28 October 2021

এয়াৰটেলৰ গ্ৰাহকসকলক চাইবাৰ প্ৰৱঞ্চনাৰ বিৰুদ্ধে সতৰ্ক হৈ থাকিবলৈ আহ্বান মুখ্য কাৰ্যবাহী বিষয়া গোপাল ভিট্টালৰ

 



W7s News গুৱাহাটী: এয়াৰটেলে তেওঁলোকৰ গ্ৰাহকসকলক চাইবাৰ প্ৰৱঞ্চনাৰ বৰ্ধিত ঘটনাৰ পৰা সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। এয়াৰটেলৰ মুখ্য কাৰ্যবাহী বিষয়া (চিইঅ') গোপাল ভিট্টালে গ্ৰাহকসকলক সতৰ্ক কৰি কৈছে যে ক'ভিড কালৰ পিছৰে পৰা হোৱা বৰ্ধিত অনলাইন লেনদেন ফলত চাইবাৰ প্ৰৱঞ্চনাৰ ঘটনা বৃদ্ধি পাইছে। ইয়াৰ পৰা সতৰ্ক হোৱাৰ প্ৰয়োজন।


গ্ৰাহকসকলক ভুৱা ই-মেইলৰ পৰা গোপাল ভিট্টালে সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাই কয় যে চাইবাৰ-প্ৰৱঞ্চকসকলে এয়াৰটেলৰ কাৰ্যবাহী হিচাপে পৰিচয় দি তেওঁলোকৰ গ্ৰাহকলৈ কল কৰি ন' ইয়ৰ কাষ্টমাৰ (কেৱাইচি) প্ৰ-পত্ৰ আপডেট কৰিবলৈ কোৱা বিষয়সমূহক লৈ সতৰ্ক থাকিব লাগিব। তেওঁ লগতে বিষয়টো বৰ্ণনা কৰি কয় যে ভুৱা ইউপিআই হেণ্ডেল/ৱেবছাইট আৰু ভুৱা অ'টিপিৰ দৰে সচৰাচৰ হৈ অহা প্ৰৱঞ্চনাৰ উদাহৰণবোৰ তালিকাভুক্ত কৰি প্ৰতিজন গ্ৰাহকে নিজক প্ৰৱঞ্চকৰ পৰা 

সুৰক্ষিত ৰখাৰ বাবে সতৰ্ক হৈ থাকিব লাগিব।


তেওঁ এখন পত্ৰৰে ভুৱা ইউ.পি.আই. হেণ্ডেল/ৱেবছাইটৰ কাৰ্যপ্ৰণালী বিষয়ে বহলাই বৰ্ণনা কৰিছে আৰু  ভুৱা অ'টিপি আৰু সাৱধানতাবোৰ তালিকাভুক্ত কৰি প্ৰতিজন গ্ৰাহকে নিজক সুৰক্ষিত ৰখাৰ বাবে ভৱিষ্যতে ল'ব লগা সাৱধানতাবোৰ উল্লেখ কৰিছে।

 

গোপাল ভিট্টালে কয়, "গ্ৰাহকসকলে প্ৰৱঞ্চকৰ পৰা কল বা মেছেজ পাব পাৰে, যিকোনো  

বেংক/বিত্তীয় প্ৰতিষ্ঠানৰ নামত আৰু একাউণ্টৰ বিৱৰণ বা অ'টিপি আনব্লক/ প্ৰচলিত বেংক একাউণ্ট ৰিনিউ কৰিবলৈ বিচাৰে নেকি বুলি প্ৰশ্ন কৰিব পাৰে। বিৱৰণ লাভ কৰাৰ পিছত, তাৰ জৰিয়তে গ্ৰাহকৰ বেংক একাউণ্টৰ পৰা ধন উলিয়াবলৈ তাক ব্যৱহাৰ কৰে।সেয়েহে মই আপোনালোকক এই বিষয়ে মনোযোগ দিবলৈ আৰু সাৱধানতাৰে আগবাঢ়ি যাবলৈ অনুৰোধ জনাইছো। ফোনত বিত্তীয় বা ব্যক্তিগত তথ্য, যেনে- কাষ্টমাৰ আইডি, এমপিআইএন, অ'টিপি আদি ভাগ-বতৰা নকৰিব।"


একেদৰে তেওঁ উপভোক্তাসকলক ভুৱা ইউপিআই এপ' আৰু ই-কমাৰ্চ ৱেবছাইটবোৰ

বিষয়ে সতৰ্ক কৰি দিছে, যিবোৰ এনপিচিআই, ভীম শব্দ আৰু লগ' ডিজাইনত প্ৰমাণিকৰূপে দেখাবলৈ পোৱা, এনেবোৰ এপ' ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত গ্ৰাহকক সতৰ্ক থাকিবলৈ আহ্বান জনাইছে। তেওঁ কয়, "যদি গ্ৰাহকে ইয়াৰে এটা ডাউনলোড কৰে, তেন্তে তেওঁক তেওঁৰ সকলো বেংকত প্ৰৱেশ কৰিবলৈ কোৱা হ'ব। বেংক বিৱৰণ আৰু এমপিআইএনৰ দ্বাৰা প্ৰৱঞ্চকজনক সম্পূৰ্ণ প্ৰৱেশাধিকাৰ প্ৰদান কৰা হ'ব।অনুগ্ৰহ কৰি এনে সন্দেহজনক ৱেবছাইট আৰু এপ' পৰিহাৰ কৰক আৰু যিকোনো গোপনীয় তথ্য ই-মেইলযোগে বা ই-মেইলৰ যিকোনো সন্দেহজনক লিংকত ক্লিকৰ জৰিয়তে,আনকি যদি অনুৰোধটো আয়কৰ বিভাগ, ভিছা বা মাষ্টাৰকাৰ্ড আদি কৰ্তৃপক্ষৰ পৰা হোৱা যেন লাগিলেও ভাগ-বতৰা নকৰিব।"


ভিট্টালে প্ৰৱঞ্চনাক এৰাই চলিবলৈ ''অতি সুন্দৰ উপায়'' বুলি বৰ্ণনা কৰি 'এয়াৰটেল চেফ পে' ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিছে। তেওঁ কয়-'এয়াৰটেল চেফ পে' হৈছে দেশত অনলাইন পৰিশোধ কৰাৰ আটাইতকৈ সুৰক্ষিত পদ্ধতি আৰু প্ৰতিটো লেনদেনৰ বাবে সুৰক্ষাৰ অতিৰিক্ত স্তৰ প্ৰদান কৰে। তেওঁ পত্ৰত লিখিছে,"

আমাৰ নেটৱৰ্ক ইন্টেলিজেন্সে আপোনাক নিশ্চিত কৰিবলৈ কোৱা এটা বাৰ্তা প্ৰেৰণ কৰে লেনদেনৰ ক্ষেত্ৰত আৰু আমি আপোনাৰ অনুমোদন লাভ কৰা পিছতহে আপোনাৰ ধন একাউণ্টৰ ওলাই যায়, ইয়াৰ দ্বাৰা আপুনি প্ৰৱঞ্চকৰ পৰা অসুৰক্ষিত নহয় বুলি নিশ্চিত লাভ কৰে।"এয়াৰটেল চেফ পে'ত থাকিবলৈ, উপভোক্তাসকলে এয়াৰটেল পেমেণ্টছ বেংক একাউণ্ট এটা খুলিব লাগিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here