২০০৮ চনৰ ৩০ অক্টোবৰত নিহত সকলক শ্ৰদ্ধাঞ্জলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 30 October 2021

২০০৮ চনৰ ৩০ অক্টোবৰত নিহত সকলক শ্ৰদ্ধাঞ্জলি

  





 W7s news ষ্টাফৰিপোৰ্টাৰ : ২০০৮ চনৰ ৩০ অক্টোবৰ। অসমৰ ইতিহাসৰ এটা কলা অধ্যায়। সিদিনা গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু বঙাইগাঁওত সন্ত্ৰাসবাদীয়ে বোমা বিস্ফোৰণৰে নিৰীহ লোকক হত্যা কৰিছিল। সেইদিনটোৰ স্মৃতি সামৰি আজিও উচুপি উঠে ভুক্ত ভোগী পৰিয়াল সকল। কেঁচা তেজ, পুৰা মঙহৰ গোন্ধ আৰু কলা এন্ধাৰে চৌদিশ ঘেৰি ধৰা দৃশ্য আজিও চকুৰ আগত ভাহি উঠে ভুক্ত ভোগী পৰিয়ালৰ দুচকুত। এই ঘটনাত  সমগ্ৰ অসমত ৮০ ৰো অধিক লোক নিহত হৈছিল। গুৱাহাটী মহাগৰীতে  ৫৩ জন নিৰীহ লোকে প্ৰাণ হেৰুৱাব লগীয়া হৈছিল আৰু প্ৰায় পাঁচ শতাধিক লোক আহত হৈছিল। সেই ধাৰাবাহিক বোমা বিস্ফোৰণত কপি উঠিছিল সমগ্ৰ অসম। সিদিনা


নিৰপৰাধী লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোকে আজিলৈ ঘুনীয়া হৈ থাকিব লগীয়া হৈছে। ১৩ বছৰ অতিক্ৰম কৰিলে সেই নৃশংস কাণ্ডই। শনিবাৰে কামৰূপ (ম ) জিলা প্ৰশানৰ উদ্যোগত ২০০৮ চনৰ ৩০ অক্টোবৰৰ অভিশপ্ত দিনটোত প্ৰাণ বিসৰ্জন দিয়া সকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰাৰ বাবে এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত উপস্থিত ভুক্ত ভোগী পৰিয়ালৰ সদস্য সকলে আবেগিক হৈ পৰাৰ লগতেএই ঘটনাৰ মূল নায়ক ৰঞ্জন দৈমাৰীক ফাঁচী দিয়াৰ বাবে চৰকাৰক অশ্ৰুসিক্ত নয়নেৰে আহবান জনায়।  নিজ পুত্ৰ মণি বৰ্মনক হেৰুৱাই আবেগিক হৈ পৰা ক্ষীৰদা বৰ্মনে এই অনুষ্ঠানত কয় ' এই ঘটনাত মই মোৰ ২২ বছৰীয়া পুত্ৰক হেৰুৱাইছোঁ।চৰকাৰে সৰু মানুহৰ কথা নুশুনে। চৰকাৰে ৰঞ্জন দৈমাৰীক গামোচা পিন্ধায়।ৰঞ্জন দৈমাৰীক ফাঁচী দিয়ক তেতিয়া মোৰ পুত্ৰৰ আত্মাই চিৰশান্তি লাভ কৰিব। মই আনৰ ঘৰত এতিয়াও কাম কৰি কোনো মতে পেটৰ ভাত মুঠি যোগাৰ কৰি আছো। চৰকাৰে আমাক সংস্থাপন দিয়ক।'নিজ স্বামীক হেৰুৱাই আনৰ ঘৰত কাম কৰা আনকি পথত ঝাড়ু মাৰি নিজ পৰিয়ালক পোহপাল দি এই বছৰ সংস্থাপন লাভ কৰা কমলা চৌধুৰীয়ে কয় ' আমি যি দুৰ্বিহ জীৱন যাপন কৰিলোঁ তাৰ উচিত ন্যায় তেতিয়াহে হ'ব যেতিয়া ৰঞ্জন দৈমাৰীক ফাঁচী দিয়া হ'ব। মোৰ স্বামী ৰাজেশ চৌধুৰীৰ মৃত্যুৰ পাছত আমাৰ জীৱনলৈ নামি অহা দুৰ্যোগৰ দিনবোৰৰ কথা ভাবিলে আজিও চকুপানী ওলায়।' সেইদৰে এই ঘটনাত মৃত্যু হোৱা প্ৰমোদ কলিতাৰ পত্নী নিৰু কলিতাই আজিও সংস্থাপনৰ বাবে সচিবালয়ৰ তাতবাতি কাঢ়িৰ লগীয়া হোৱাত আক্ষেপ প্ৰকাশ কৰে। অনুষ্ঠানৰ আৰম্ভণিতে এই ঘটনাত নিহত সকলৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্জলন কৰা হয় আৰু সৰ্বধৰ্ম প্ৰাৰ্থনা পৰিবেশন কৰা হয়। অনুষ্ঠানত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে কয় ' ২০০৮ চনৰ ৩০ অক্টোবৰৰ অভিশপ্ত দিনটোত নিহত নিৰীহ লোকসকলৰ আত্মাৰ সদগতি কামনা কৰিছোঁ। তেওঁলোকৰ বহুতৰে মাজত ক্ষোভ আছে। ক্ষোভ থকাটো স্বাভাৱিক। আমাৰ চৰকাৰে এই বিষয়ত নিশ্চয় চিন্তা চৰ্চা কৰিব। 'অনুষ্ঠানত মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কয় ' হিংসাৰ জৰিয়তে কোনো সমস্যা সমাধান নহয়। হিংসাই কেৱল ধ্বংসাত্মক ৰূপ লয়। যিখন চৰকাৰৰ দিনত এই ঘটনা হৈছেল তেওঁলোকৰ চৰম ব্যৰ্থতা ইয়াত ওলাই পৰিছে। সেইখন চৰকাৰে ভুক্তভোগী সকলক একো দিব নোৱাৰিলে। হত্যাৰ যজ্ঞ দুৰ্ভাগ্যজনক।'

অনুষ্ঠানত পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয় ' আজি আমি ২০০৮ চনৰ ৩০ অক্টোবৰত ধাৰাবাহিক বোমা বিস্ফোৰণত নিহত হোৱা সকলক শ্ৰদ্ধাৰে সোৱৰিছোঁ। এনেদিন যাতে অসমলৈ নাহে তাৰে কামনা কৰিলোঁ। কংগ্ৰেছ চৰকাৰৰ দিনত হোৱা এই ঘটনাৰ ভুক্তভোগী সকলক আমি সহায়ৰ হাত আগবঢ়াই আহিছোঁ। তেওঁলোকৰ কিছুমানক সংস্থাপন দিয়াৰ অভিযোগ উঠিছে সেয়া আমাৰ চৰকাৰে পুনৰ চালি জাৰি চাব।' সভাত দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই কয় ' এই কাম উগ্ৰপন্থীৰ নহয় সন্ত্ৰাসবাদীৰ। সন্ত্ৰাসবাদীয়ে এই কাম কৰিছে, তেওঁলোকে শাস্তি পোৱাটো বিচাৰোঁ। 

মোৰ নিজৰ ভাতৃও এই ঘটনাত আহত হৈছিল। এই ঘটনাত পিতৃ মাতৃক হেৰুৱা সকলক সংস্থাপন দিব লাগিব লগতে গুৰুতৰভাৱে আহত সকলকো সংস্থাপন দিয়াৰ বাবে মই আকৌ উকালতি কৰিম।' অনুষ্ঠানত সাংসদ কুইন ওজা, কামৰূপ (ম) জিলা উপায়ুক্ত বিশ্বজিৎ পেগু, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাৰ লগতে প্ৰদেশ কংগ্ৰেছৰ কেইবাজনো নেতা ভুক্ত ভোগী পৰিয়াল আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। ইফালে কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডধিশত প্ৰতি বছৰৰ দৰে এইবাৰো বোমা বিস্ফোৰণত নিহত হোৱা লোক সকলৰ বাবে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়।গুৱাহাটী উকীল সন্থাৰ উদ্যোগত আয়োজন কৰা এই অনুষ্ঠানত অকালতে মৃত্যুবৰণ কৰাসকলৰ আত্মাৰ শান্তি কামনা কৰা হয়।লগতে ১৩ বছৰে মৃত্যু হোৱা লোকৰ আত্মীয় সকলৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ গুৱাহাটী উকীল সন্থাৰ দাবী জনায়। ২০০৮ চনৰ ৩০ অক্টোবৰত গুৱাহাটী, কোকৰাঝাৰ, বৰপেটাৰোড, বঙাইগাঁৱত সন্ত্রাসবাদীয়ে বোমা বিস্ফোৰণেৰে বৰ্ৰৰভাবে নিৰীহ জনসাধাৰণক হত্যা কৰা দিনটোত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানক্রমে সমগ্ৰ অসমত সন্ত্রাসবাদ বিৰোধী ধ্বনি দি বন্তি প্ৰজ্বলেনেৰে বৰ্বৰ ঘটনাত মৃত্যু হোৱা সকলৰ প্ৰতি শ্রদ্ধাঞ্জলি জনোৱা হয়। শনিবাৰে সমগ্ৰ অসমৰ জিলা সদৰৰ ৰাজহুৱা স্থানত ৰাইজৰ সহযোগত ছাত্ৰ সন্থাৰ সদস্য,সদস্যাসকলে সমবেত হৈ 'সন্ত্রাসবাদ নিপাত যাওক' ধ্বনি দিয়ে আৰু বন্তি প্রজ্জ্বলন কৰে। গুৱাহাটীৰ লতাশিল খেলপথাৰত  সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। কেন্দ্রীয় ভাৱে অনুষ্ঠিত এই কাৰ্যসূচীত

৩০ অক্টোবৰত বোমা বিস্ফোৰণত নিহত সকলৰ আত্মাৰ সদগতি কামনাৰে বন্তি প্ৰজ্বলন কৰা হয়।

"সন্ত্ৰাসবাদ নিপাত যাওক" শ্লোগানেৰে বন্তি প্ৰজ্বলন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জল ভট্টাচাৰ্য্য , সভাপতি দীপাংক নাথ, সম্পাদক শংকৰ জ্যোতি বৰুৱাৰ লগতে ছাত্ৰ ছাত্ৰী সকলে।ৰাজ্যৰ প্ৰত্যেক জিলাতেই সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত পালন হয় এই কাৰ্যসূচী।এই কাৰ্যসূচীৰ জৰিয়তে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্য্যই কয় 'সন্ত্ৰাসবাদী কাৰ্যকলাপক গৰিহণা দিছোঁ।দোষীয়ে কেতিয়া শাস্তি পাব তাৰিখ নিৰ্ধাৰণ কৰক চৰকাৰে। চৰকাৰে দোষী কোন জানে।কিন্তু শাস্তি ব্যৱস্থা কৰা নাই। ১৩ বছৰেও দোষীক কঠোৰ শাস্তি দিব নোৱাৰিলে চৰকাৰে।এইয়া চৰকাৰৰ ব্যৰ্থতা।' আনহাতে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দিপাংক কুমাৰ নাথে কয়'বোমা বিস্ফোৰণত নিহত সকলৰ পৰিয়ালে আজি পৰ্যন্ত সংস্থাপন নিদিলে।নিহত পৰিয়ালৰ লোকক সংস্থাপন দিবলৈ দাবী জনালোঁ।'নিহত সকলৰ লগতে আহত সকলৰ পৰিয়াললৈ সাহায্য আৰু সংস্থাপনৰ  দাবী জনালোঁ।'দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়াৰ দাবী জনালে সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ। ইফালে ২০০৮  চনৰ ৩০অক্তোবৰৰ দিনটোত উগ্ৰপন্থীৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ ফলত প্ৰাণ আহুতি দিয়া নিৰীহ ব্যক্তি সকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে পশ্চিম গুৱাহাটী যুৱ বিধান পৰিষদৰ উদ্যোগত শনিবাৰে  সন্ধিয়া ৬ বজাত ধাৰাপুৰ চাৰিআলিত এক শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত অসম গণ পৰিষদ দলৰ ধাৰাপুৰ আঞ্চলিকৰ সভাপতি গিৰিন্দ্ৰ কাকতি, ধাৰাপুৰ তালুকৰ সভাপতি তিলক কলিতা আৰু পশ্চিম গুৱাহাটী যুৱ বিধান পৰিষদৰ সভাপতি সম্পাদকৰ লগতে আন আন বিষয়ববীয়া, কৰ্মকৰ্তা সকল উপস্থিত থাকে। এইদৰে ৰাজ্যজুৰি এই ঘটনাত নিহত সকলক ৰাজ্যবাসীয়ে শনিবাৰে শ্ৰদ্ধা জনায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here