আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ মন্তব্য - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 30 October 2021

আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ মন্তব্য

 






W7s News গুৱাহাটী : আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই শনিবাৰে সংবাদ মাধ্যমৰ সন্মুখত এনেদৰে মন্তব্য কৰে 'নব্বৈ দশকৰ পৰা ডেৰটা দশকলৈ হত্যা হিংসা অধিক হৈছিল। আৰক্ষীৰ  শ্বহীদক তেনে মৰ্যদা নিদিয়ে ৰাইজে।ইতিমধ্যেই শ্বহীদ আৰক্ষীৰ পৰিয়ালক এতিয়া ৫০লাখ টকা সাহায্যৰ ব্যৱস্থা কৰা হৈছে। অতিশীঘ্ৰে সকলো গুলীবিদ্ধ আৰু বিস্ফোৰণত আঘাতপ্ৰাপ্ত জোৱানক দিয়া হ'ব পদোন্নতি।পৰীক্ষা নিদিয়াকৈ দিয়া হ'ব পদোন্নতি। ডি জি পিৰ বিশেষ ক্ষমতাৰ অধীনত এই পদক্ষেপ লোৱা হৈছে।এনে জোৱানসকলক 'পৰাক্ৰম মেডেল' দিয়াৰ ব্যৱস্থা অসম আৰক্ষীৰ।পুলিছৰ শ্বহীদসকলৰ পৰিয়ালৰ বাবে এলানি কাৰ্যসূচী লোৱা হৈছে।ৰঞ্জন দৈমাৰীৰ কথা জেল কৰ্তৃপক্ষই জানিব।আৰক্ষীৰ অতিথিশালাত নাই ৰঞ্জন দৈমাৰী। অপৰাধ ৰোধৰ ক্ষেত্ৰত যথেষ্ট কৰিবলগীয়া আছে।আৰক্ষীৰ লগতে সমাজৰো যথেষ্ট দায়িত্ব আছে। গুণ্ডা ডকাইতক ৰাজত্ব কৰিবলৈ দিয়া নহ'ব।গুৱাহাটীত চিচি টিভি কেমেৰা অতন্ত প্ৰয়োজন । এই ক্ষেত্ৰতো চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব। অসম আৰক্ষীৰ উলুৱাৰীস্থিত মুখ্য কাৰ্যালয়ত অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হয়।ডি জি পি ভাস্কৰজ্যোতি মহন্তৰ উদ্যোগত অনুষ্ঠিত হৈছে এই অনুষ্ঠান উগ্ৰপন্থীৰ গুলীত গুলীবিদ্ধ আৰু বিস্ফোৰণত আহত জোৱান আৰু তেওঁলোকৰ লগত মত বিনিময় কৰা হয়। জ্যেষ্ঠ আৰক্ষী বিষয়াসকলৰ আগত ভয়াৱহ দিনৰ কথা সোঁৱৰণ কৰে ভুক্তভোগী জোৱানসকলে। অনুষ্ঠানত সাহসিকতাৰ পৰিচয় দিয়া আৰক্ষী জোৱানসকলক সম্বৰ্ধনা জনোৱা হয়।এই অনুষ্ঠানত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, আইন শৃংখলা শাখাৰ বিশেষ ডি জি পি জি পি সিং আদি উপস্থিত থাকে। গুলীবিদ্ধ তথা আহত আৰক্ষী জোৱানসকলে বৰ্তমানলৈ সাহায্য নোপোৱাৰ অভিযোগ কৰে।চৰকাৰক কল্যাণমূলক আঁচনি গ্ৰহণৰ আহ্বান জনায় জোৱানসকলে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here