W7s News ষ্টাফৰিপোৰ্টাৰ : পেট্ৰ'লৰ মূল্যবৃদ্ধিয়ে শতকৰ ঘৰ অতিক্ৰম কৰাৰ পাছতো বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ভাৰতৰ ছাত্ৰ ফেডাৰেছন (এছ এফ আই) আৰু ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন(ডি ৱাই এফ আই) তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে আৰু শীঘ্ৰে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। এই দাবীৰ ভিত্তিত সোমবাৰে গুৱাহাটী ক্লাৱৰ পেট্ৰল পাম্প আৰু আমবাৰীৰ পেট্ৰল পাম্পৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সংগঠন দুটাই। এই কাৰ্যসূচীৰ জৰিয়তে এছ এফ আইৰ সভাপতি হিমাংশু বৰাই কয়' এই সময়তে বিজেপি দল আৰু চৰকাৰৰ একাংশ মন্ত্ৰী আৰু নেতাই মানুহ ক্ষোভ আৰু প্ৰতিবাদক ভেঙুচালি কৰি পাতল আৰু তাচিল্যসূচক মন্তব্যৰে বিষয়টো লঘু কৰিবলৈ চেষ্টা কৰিছে। ভাল দিনৰ সপোন দেখুৱাই দ্বিতীয়বাৰৰ বাবে ক্ষমতাৰ গাদীত বহা বিজেপি চৰকাৰৰ মূল্যবৃদ্ধিৰ ওপৰত সামান্যতমও নিয়ন্ত্ৰণ নোহোৱা কাৰ্যই সাধাৰণ খতিখোৱা তথা মধ্যবৃত্ত শ্ৰেণীৰ পৰিয়াললৈ হাহাকাৰ কঢ়িয়াই আনিছে । কালিৰ দিনটোত পেট্ৰ'ল মূল্যই এশৰ ঘৰ অতিক্ৰম কৰিছে। ডিজেলৰ দামো এশৰ ওচৰলৈ গৈছে। পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ লগত জন-জীৱন আৰু অন্যান্য বয় বস্তুৰ মূল্যবৃদ্ধি প্ৰত্যক্ষভাৱে জড়িত হৈ থাকে । বিজেপি দলে ক্ষমতাত অহাৰ পূৰ্বে পেট্ৰলজাত সামগ্ৰীৰ মূল্য হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতিক প্ৰাধান্য প্ৰদান কৰি ক্ষমতাত অধিষ্ঠিত হৈছিল কিন্তু পৰৱৰ্তী সময়ত এই ক্ষেত্ৰত তেওঁলোক সম্পূৰ্ণ ৰূপে বিফল হোৱা দেখিবলৈ পোৱা গ'ল । এনে পৰিস্থিতিতে কালি কেন্দ্ৰীয় পেট্ৰ'লিয়াম দপ্তৰ ৰাজ্য মন্ত্ৰী ৰামেশ্বৰ তেলি ডাঙৰীয়াই পেট্ৰল - ডিজেলৰ মূল্য বৃদ্ধিৰ প্ৰসংগত কেইটামান অদ্ভুত আৰু মানুহক বিপথে পৰিচালিত কৰা গা এৰাই চলা মন্তব্য সংবাদ মাধ্যমত প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে । মন্ত্ৰী জনে আন্তৰ্জাতিক বজাৰত তেলৰ মূল্যবৃদ্ধিৰ বাবে ৰাজ্য তথা দেশত পেট্ৰলজাত সামগ্ৰীৰ মূল্যবৃদ্ধি হোৱাৰ যি কথা কৈছে সেইয়া অমূলক । কাৰণ ২০১২ চনত যেতিয়া প্ৰতি বেৰেল খাৰুৱা তেলৰ মূল্য আন্তৰ্জাতিক বজাৰত ১১২ ডলাৰ আছিল তেতিয়া আমাৰ দেশত পেট্ৰলৰ মূল্য আছিল ৬৫.৫০ টকা আৰু ২০১৪ চনত যেতিয়া আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ৭২.৫ ডলাৰ হৈছিল তেতিয়া ভাৰতত পেট্ৰলৰ মূল্য আছিল ৮০ টকা । যোৱাটো সময়ত অৰ্থাৎ ২০২০ চনত আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য এক দীৰ্ঘ সময়ৰ বাবে নিম্নগামী হৈছিল তৎসত্বেও কিন্তু এই চৰকাৰে ভাৰতত পেট্ৰ'ল ডিজেলৰ মূল্য হ্ৰাস কৰাৰ পৰিবৰ্তে ৰাইজক ৰামটাঙোন সোধালে । একেদৰে বিজেপি দলৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাও তুলুঙা মন্তব্য দিয়া দেখা গৈছে। আজি পৰ্যন্তও আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য নিয়ন্ত্ৰণাধীন যাৰ পৰিপ্ৰেক্ষিতত আনকি আমাৰ চুবুৰীয়া বাংলাদেশ , নেপাল , ভুটান , পাকিস্তান আদি ভাৰততকৈ পিছপৰা দেশসমূহতো পেট্ৰ'ল-ডিজেলৰ দাম আমাতকৈ বহু কম , উদাহৰণ স্বৰূপে : বাংলাদেশ , নেপাল ত প্ৰায় ৮০ টকা ,ভুটানত প্ৰায় ৫৫ টকা । চৰকাৰে এফালে আন্তৰ্জাতিক বজাৰ মূল্যৰ দোহাই দি কথাৰ পাকচক্ৰত পেলাই মানুহক বিপথে পৰিচালিত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে কিন্তু একেটা সময়তে কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ সমূহে পেট্ৰলজাত সামগ্ৰীৰ ওপৰত ক্ৰমাগত ভাবে বৃদ্ধি কৰা অৱকাৰী শুল্কৰ কথা সাধাৰণ জনতাৰ পৰা লুকুৱাই ৰাখিব বিচাৰিছে । ২০১৪ চনত প্ৰতি লিটাৰ পেট্ৰলৰ বিপৰীতে অৱকাৰী শুল্ক আছিল ৯.২০ টকা আৰু ২০১১ চনত এই কৰ বাঢ়ি হৈছে ৩২.৯০ টকা । ঠিক সেইদৰে ডিজেল ১ প্ৰতিলিটাৰত অৱকাৰী শুল্ক ২০১৪ চনত ৩.৪৬ টকা আৰু ২০১১ চনত এই শুল্ক হৈছেগৈ ২৭.৩৪ টকা ।' এই কাৰ্যসূচীৰ জৰিয়তে ডি ৱাই এফ আইৰ সম্পাদক ভাস্কৰ কলিতাই কয় ' এছ এফ আই আৰু ডি ৱাই এফ আই য়ে এই গোটেই কাৰচাজিৰ বিৰুদ্ধে তীব্ৰ জনমত গঢ়ি তোলাৰ পোষকতা কৰিছোঁ আৰু চৰকাৰক অনতিপলমে পেট্ৰলজাত সামগ্ৰীৰ মূল্যৰ ওপৰত নিয়ন্ত্ৰণ আনি জনগণক সকাহ দিবলৈ দাবী জনাইছোঁ , লগতে বিজেপি চৰকাৰৰ এই জনবিৰোধী কাৰ্যৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ সৰ্বস্তৰৰ জনসাধাৰণলৈ আহবান জনাইছোঁ।'এই কাৰ্যসূচীত এছ এফ আইৰ হৈ নিৰংকুশ নাথ, প্ৰতুল বৰ্মণ, সুস্মিত ইচফাকুৰ আদি উপস্থিত থাকি মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক কঠোৰ ভাষাৰে সমালোচনা কৰে।
No comments:
Post a Comment