উত্তৰ প্ৰদেশৰ লক্ষীমপুৰৰ খেৰীত কৃষকক মুকলি হত্যাৰ প্ৰতিবাদত আৰু কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰ তেনিৰ তৎকালীন মন্ত্ৰীপদৰ পৰা বহিষ্কাৰ আৰু মন্ত্ৰীপুত্ৰৰ লগতে নিৰ্মম হত্যাকাণ্ডৰ লগত জড়িত প্ৰতিজন ব্যক্তিক দৃষ্টান্তমূলক শাস্তিৰ দাবী - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Monday, 11 October 2021

demo-image

উত্তৰ প্ৰদেশৰ লক্ষীমপুৰৰ খেৰীত কৃষকক মুকলি হত্যাৰ প্ৰতিবাদত আৰু কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰ তেনিৰ তৎকালীন মন্ত্ৰীপদৰ পৰা বহিষ্কাৰ আৰু মন্ত্ৰীপুত্ৰৰ লগতে নিৰ্মম হত্যাকাণ্ডৰ লগত জড়িত প্ৰতিজন ব্যক্তিক দৃষ্টান্তমূলক শাস্তিৰ দাবী

Responsive Ads Here

 

.com/img/a/


অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত আৰু গুৱাহাটী মহানগৰ জিলা কংগ্রেছ কমিটি ৰ সহযোগত সোমবৰে গুৱাহাটীৰ মেঘদূত ভৱনৰ সন্মুখত মৌনব্ৰত কাৰ্যসূচী 





W7s News ষ্টাফৰিপোৰ্টাৰ : উত্তৰ প্ৰদেশৰ লক্ষীমপুৰৰ খেৰীত কৃষকক মুকলি হত্যাৰ প্ৰতিবাদত আৰু কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী  অজয় মিশ্ৰ তেনিৰ তৎকালীন মন্ত্ৰীপদৰ পৰা বহিষ্কাৰ আৰু মন্ত্ৰীপুত্ৰৰ লগতে নিৰ্মম হত্যাকাণ্ডৰ লগত জড়িত প্ৰতিজন ব্যক্তিক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ দাবীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত আৰু গুৱাহাটী মহানগৰ জিলা কংগ্রেছ কমিটি ৰ সহযোগত সোমবৰে গুৱাহাটীৰ মেঘদূত ভৱনৰ সন্মুখত এক মৌনব্ৰত কাৰ্যসূচী গ্ৰহণ কৰা হয়I  এই প্ৰতিবাদী কাৰ্যসূচীত অসম প্ৰদেশ কংগ্রেছ কমিটিৰ  সভাপতি  ভূপেন কুমাৰ বৰাৰ নেতৃত্বত অনুষ্ঠিত হয়। প্ৰতিবাদকাৰী সকলে হাতে হাতে অজয় মিশ্ৰ তেনিৰ তৎকালীন মন্ত্ৰীপদৰ পৰা বহিষ্কাৰ, মন্ত্ৰীপুত্ৰৰ লগতে নিৰ্মম হত্যাকাণ্ডৰ লগত জড়িত প্ৰতিজন ব্যক্তিক দৃষ্টান্তমূলক শাস্তিৰ দাবী সম্বলিত প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে। এই কাৰ্যসূচীৰ জৰিয়তে সাংসদ  প্ৰদ্যুত বৰদলৈয়ে কয় ' অজয় মিশ্ৰ তেনিৰ তৎকালীন মন্ত্ৰীপদৰ পৰা বহিষ্কাৰ, মন্ত্ৰীপুত্ৰৰ লগতে নিৰ্মম হত্যাকাণ্ডৰ লগত জড়িত প্ৰতিজন ব্যক্তিক দৃষ্টান্তমূলক শাস্তিৰ দাবীত আমি আজি দেশৰ প্ৰতিখন ৰাজধানী চহৰত দুঘণ্টীয়া মৌন ব্ৰতৰ  কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। এইখন দেশত সৰ্বসাধাৰণে অপৰাধ কৰিলে শাস্তি দিয়া হয় আৰু বিজেপি দলৰ মন্ত্ৰী আমোলাই কৰিলে ভি আই পিৰ মৰ্যাদা দিয়া হয়। আমি গণতান্ত্ৰিক প্ৰমূল্য, আইন ৰক্ষা কৰিবলৈ এই ঘটন সংঘ টিত কৰা মন্ত্ৰী পুত্ৰক দৃষ্টান্তমূলক শাস্তি দিয়াৰ লগতে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী  অজয় মিশ্ৰ তেনিৰ তৎকালীন মন্ত্ৰীপদৰ পৰা বহিষ্কাৰ কৰাৰ বাবে আমি দাবী জনাইছোঁ। অন্যথা আমি সমগ্ৰ দেশতে গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম।  এই কাৰ্যসূচীত অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, অসম প্ৰদেশ কংগ্রেছ কমিটিৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক  জাকিৰ  হুছেইন শিকদাৰৰ লগতে কেইবাগৰাকীও দলীয় বিধায়ক আৰু জ্যেষ্ঠ নেতা উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *