W7s News ষ্টাফৰিপোৰ্টাৰ : মহানগৰীৰ ছুপাৰ মাৰ্কেট নিৰ্মীয়মান উৰণীয়া সেতুখন জননেতা শৰত চন্দ্ৰ সিং উৰণীয়া সেতু নামেৰে নামকৰণ কৰাৰ বাবে চৰকাৰক দাবী জনাইছে অসম ৰাজ্যিক এন চি পিয়ে। সোমবাৰে অসম ৰাজ্যিক এন চি পিৰ উদ্যোগত গুৱাহাটীৰ হেদায়েৎপূৰস্থিত কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদ মেলত এই দাবী উত্থাপন কৰি অসম ৰাজ্যিক এন চি পিৰ সভাপতি তথা শৰৎ চন্দ্ৰ সিংহ ন্যাসৰ অধ্যক্ষ ধীৰেন্দ্ৰ নাথ অধিকাৰীয়ে কয় 'অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহ এগৰাকী অনন্য অনতিক্ৰম্য মহীৰূহ। দেশ, জাতি আৰু মানুহৰ বাবেই ওৰেটো জীৱন ত্যাগ কৰিছিল এইগৰাকী প্ৰজ্ঞাসাধক ৰাজনীতিবিদে। ছিলঙৰ পৰা ৰাজধানী দিশপুৰলৈ নমাই আনি অসমৰ জনতাৰ কল্যাণৰ হকে তেওঁ নিৰ্মাণ কৰি থৈ গল জনতা ভৱন। যি জনতা ভৱনৰ পৰাই আজিৰাজ্যবাসীৰ সৰ্বোপৰি উন্নয়নৰ ঢল বৈ আছে। জননেতা শৰৎ চন্দ্ৰ সিংহই আপোচবিহীনভাৱে যিদৰে অন্যায়, অনীতি, অবিচাৰৰ বিৰুদ্ধে যুঁজিছিল তাৰেই অনুৰূপ কাম-কাজ বৰ্তমানৰ চৰকাৰখনে কাৰ্যমানে কৰাৰ প্ৰয়াস কৰিছে। শৰৎ চন্দ্ৰ সিংহই জীয়াই থকা কালত কোনোদিনেই প্ৰাত্যহিক জীৱনত বিলাসিতা অভিলাসা পূৰণ নকৰিলে। মুখ্যমন্ত্ৰিত্বৰ কাৰ্যকালৰ শেষৰ দিনটোতো জনতা ভৱনৰ পৰা পদব্ৰজে একমাত্ৰ বেগটো লৈ ঘৰলৈ ওভতিছিল, যি ঘটনা ইতিহাসৰ পাতত বিৰল। সেয়েহে এইগৰাকী স্বনামধন্য অনতিক্ৰম্য ৰাজনীতিবিদৰ প্ৰতি শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাই জনতা ভৱনৰ সমীপৰ ছুপাৰ মাৰ্কেটত নিৰ্মীয়মান উৰণীয়া সেতুখন জননেতা শৰৎ চন্দ্ৰ সিংহ উৰণীয়া সেতু নামেৰে নামকৰণ কৰিবলৈ অসম ৰাষ্ট্ৰবাদী কংগ্ৰেছ দল আৰু শৰৎ চন্দ্ৰ সিংহ ন্যাসে চৰকাৰৰ ওচৰত দাবী জনাইছো। এই সংক্ৰান্তত বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক তেওঁৰ মুখ্যমন্ত্ৰীত্বৰ কাৰ্যকালত আবেদন কৰা হৈছিল আৰু তেওঁ এই বিষয়টোত ইতিবাচক পদক্ষেপ গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰিছে। সেয়েহে জনতা ভৱন উজলাই তোলাৰ দৰে এই উৰণীয়া সেতুখন জননেতাগৰাকীৰ নামত উচৰ্গা কৰি যোগ্যজনক প্ৰাপ্য সন্মান প্ৰদানেৰে স্মৃতি যুগমীয়া কৰিবলৈ এন চি পি দল আৰু শৰৎ চন্দ্ৰ সিংহ ন্যাসে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক বিশেষভাৱে অনুৰোধ জনাইছে। যাতে জননেতাগৰাকীৰ প্ৰতি চৰকাৰখনে সন্মান প্ৰদৰ্শন কৰাৰ লগতে জনগণৰ প্ৰতিও দায়বদ্ধতাৰ প্ৰতিফলন ঘটাব পাৰে'। সংবাদ মেলত অসম ৰাজ্যিক এন চি পিৰ সাধাৰণ সম্পাদক (প্ৰচাৰ আৰু সংগঠন) হৃদয়ানন্দ গগৈ, সাধাৰণ সম্পাদক পৰেশ বৰুৱা আদি উপস্থিত থাকে।
No comments:
Post a Comment