W7s News ষ্টাফৰিপোৰ্টাৰ: পে'ট্ৰলজাত সামগ্রী তথা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰাৰ দাবীত বৃহস্পতিবাৰে অসম প্রদেশ কংগ্ৰেছ কমিটিয়ে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত কামৰূপ জিলা উপায়ুক্তৰ কাৰ্যালয় প্ৰাঙ্গনত
অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰা হয়। পেট্ৰলজাত সামগ্ৰী তথা অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি, নিবনুৱা সমস্যা সমাধান, নাৰীৰ নিৰাপত্তা নিশ্চিত কৰা, ছিণ্ডিকেট আৰু দালালৰাজ বন্ধ কৰাৰ দাবীত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাৰ নিৰ্দেশত কামৰূপ জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত অৱস্থান ধৰ্মঘট পালন কৰা হব। উক্ত কাৰ্যাসূচীত বিধায়ক ৰেকিবুদ্দিন আহমেদ, বিধায়ক নন্দিতা দাসৰ লগতে কামৰূপ জিলাৰ অন্তৰ্গত অসম প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়াসকল,জিলা কংগ্ৰেছৰ বিষয়ববীয়াসকল, ব্লক কংগ্ৰেছৰ সভাপতি তথা বিষয়বৱীয়াসকল, মহিলা কংগ্ৰেছ,যুৱ কংগ্ৰেছ,এন এছ ইউ আই,ইয়ঙ ব্ৰীগেড,সেৱাদল আৰু বিভিন্ন কোষৰ নেতা কৰ্মীসকলক উপস্থিত থাকে। ইফালে গুৱাহাটী ক্লাৱৰ টি. চি. স্কুলৰ সমীপত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাৰ আহ্বান মৰ্ম্মে গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি স্বপন দাসৰ উদ্যোগত বিজেপি চৰকাৰে নিৰ্বাচনৰ আগত দিয়া প্ৰতিশ্ৰুতি সমূহ পালন নকৰা,ধাৰাবাহিকভাৱে ডিজেল-পেট্ৰল তথা নিত্য ব্যৱহাৰ্য্য সামগ্ৰীৰ আকাশলঙ্ঘী মূল্যবৃদ্ধি, ক্ৰমবৰ্দ্ধমান নিবনুৱা সমস্যা, চিণ্ডিকেটৰাজ, বেচৰকাৰীকৰণ , নাৰীৰ নিৰাপত্তা সুনিশ্চিত কৰা ,অৰুণোদয় আঁচনিৰ ধন ৩০০০ টকা লৈ বৃদ্ধি কৰা,চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকা লৈ বৃদ্ধি কৰা আদি বিভিন্ন দাবীত "অৱস্থান ধৰ্মঘট" কাৰ্যসূচী হাতত লয়। উক্ত কাৰ্যসূচী ছয়গাওঁ সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ,মিডিয়া বিভাগৰ অধ্যক্ষ ববিতা শৰ্মা ,সাধাৰণ সম্পাদক বালিকা পেগু , সম্পাদকা ৰূপা দেউৰী,গুৱাহাটীৰ প্ৰাক্তন মেয়ৰ কুশল শৰ্মা ,জিলা কংগ্ৰেছৰ বিষয়ববীয়া সকল, ব্লক কংগ্ৰেছ সভাপতিসকল, যুৱ কংগ্ৰেছ, এন.এছ.ইউ.আই., মহিলা কংগ্ৰেছ, সেৱাদলৰ সকলো বিষয়ববীয়া উপস্থিত থাকি বিজেপি হায় হায়, বিজেপি লেই লেই চেই চেই, নৰেন্দ্ৰ মোডী মূর্দাবাদ, অসম প্ৰদেশ কংগ্ৰেছ কমিটি জিন্দাবাদ, বিজেপিৰ গুণ্ডাগিৰি নচলিব আদি বিজেপি চৰকাৰ বিৰোধী বিভিন্ন শ্লো-গান দিয়ে। এই কাৰ্যসূচীৰ জৰিয়তে বিধায়ক ৰেকিবুদ্দিন আহমেদে কয় ' বিজেপি চৰকাৰৰ দিনত যি ধৰণৰ মূল্যবৃদ্ধি হ'ল সেয়া ভাৰতৰ ইতিহাসত পূৰ্বে হোৱা নাই। অত্যাৱশ্যকীয় সামগ্রী আৰু পে'ট্ৰল ডিজেলৰ মূল্যবৃদ্ধিয়ে জনজীৱন বিপৰ্যস্ত কৰি পেলাইছে। ৰজাঘৰৰ চকু খোল খুৱাবলৈ আমি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। অনাগত সময়ত ইয়াৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ গঢ়ি তোলা হ'ব।' এই কাৰ্যসূচীৰ জৰিয়তে কংগ্ৰেছ নেত্ৰী তথা মিডিয়া বিভাগৰ অধ্যক্ষা বিবিতা শৰ্মাই কয়
"অচ্ছে দিন" আৰু "পৰিৱৰ্তন"ৰ সপোন দেখুৱাই বিজেপি নেতৃত্বাধীন চৰকাৰ কেন্দ্ৰ আৰু ৰাজ্যত শাসন ক্ষমতালৈ আহিছিল। পিছে বাস্তৱত "অচ্ছে দিন" অহাতো দূৰৰে কথা,মানুহৰ দুখ কুলাই-পাচিয়ে নধৰা অৱস্থাৰহে সৃষ্টি হ'ল। ভাল দিনৰ প্ৰতিশ্ৰুতি দি বিজেপি নেতৃত্বাধীন চৰকাৰখনে পেট্ৰ'ল, ডিজেল, ৰন্ধন-গেছকে ধৰি শাক-পাচলিলৈকে নিত্যব্যৱহাৰ্য প্ৰত্যেকটো সা-সামগ্ৰীৰ মূল্য ধাৰাবাহিকভাৱে আৰু অস্বাভাৱিক হাৰত অহৰহ বৃদ্ধি কৰি গৈছে আৰু ইয়াৰ ফলত সকলো স্তৰৰ জনসাধাৰণ ক্ষতিগ্ৰস্ত হৈছে, সাধাৰণ মানুহৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে।
প্রতিটো ৰন্ধন গেছ ছিলিণ্ডাৰৰ মূল্য ৪০০ টকাৰ পৰা প্ৰায় ১০০০ টকালৈ বৃদ্ধি হ'ল, প্রতি লিটাৰ মিঠাতেলৰ মূল্য ৭০ টকাৰ পৰা ২০০ টকাতকৈ অধিক হ'ল, প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ৬০ টকাৰ পৰা ১০০ টকাতকৈ অধিক হ'ল , প্ৰতি কেজি দাইলৰ মূল্য ৫৫ টকাৰ পৰা ১০০ টকাতকৈ অধিক হ'ল। সদায় বণিক গোষ্ঠীৰ স্বাৰ্থত কাম কৰা বিজেপি নেতৃত্বাধীন চৰকাৰখন মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাত সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। অসাধু ব্যৱসায়ী, দালাল আৰু চৰকাৰী পৃষ্ঠপোষকতাত চলি থকা ছিণ্ডিকেটবোৰো মূল্যবৃদ্ধিৰ অন্যতম কাৰক। জনসাধাৰণৰ জীৱন আৰু জীৱিকাৰ লগত জড়িত স্পৰ্শকাতৰ বিষয়ক লৈ, চৰকাৰী পক্ষ তথা শাসনত থকা দলটোৰ নেতা-মন্ত্ৰীসকলৰ উদ্ভট আচৰণে, তেওঁলোকৰ যে জনসাধাৰণৰ প্ৰতি ন্যূনতম দায়বদ্ধতাও নাই সেইটোৱেই সূচাইছে। তদুপৰি ৰাজ্যখনত নাৰী নিৰ্যাতনৰ সংখ্যা বৃদ্ধি পোৱাই নহয়, একেলেথাৰিয়ে শীৰ্ষত আছে।বিজেপি মিত্ৰজোঁটৰ নেতাসকলে নিৰ্বাচনৰ সময়ত প্ৰত্যেকখন নিৰ্বাচনী সভাত উদাত্ত কণ্ঠেৰে ৰাইজক বাৰম্বাৰ প্ৰতিশ্ৰুতি দিছিল- চাহ শ্ৰমিকৰ দৈনিক মজুৰি
৩৫১ টকালৈ বৃদ্ধি কৰা হ'ব, অৰুণোদয় আঁচনিৰ ধন ৩০০০ টকালৈ বৃদ্ধি কৰা হ'ব, ৩০ ইউনিট বিজুলী বিনামূলীয়াকৈ যোগান ধৰা হ'ব, বছৰি পাঁচ লাখকৈ চাকৰি দিয়া হ'ব, ইত্যাদি ইত্যাদি । কিন্তু বাস্তৱত আজিলৈকে এটাও প্ৰতিশ্ৰুতি পূৰণ কৰা দেখা নগ'ল। সাধাৰণ মানুহৰ এতিয়া কি অৱস্থা হৈছে তেওঁলোকে ঘৰে ঘৰে গৈ তাৰ খবৰ লওঁক। বিজেপিৰ মন্ত্ৰী সকলে তুলুঙা মন্তব্য দি থকাতকৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰক।'
No comments:
Post a Comment