পেট্ৰ'ল-ডিজেল আৰু ৰন্ধন গেছকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত চি পি আই (এম)ৰ ৰাজ্যজোৰা আন্দোলনঃ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 21 October 2021

পেট্ৰ'ল-ডিজেল আৰু ৰন্ধন গেছকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত চি পি আই (এম)ৰ ৰাজ্যজোৰা আন্দোলনঃ

 



   W7s News ষ্টাফৰিপোৰ্টাৰ: পেট্ৰ'লৰ মূল্যই চেঞ্চুৰী কোবালে, মিঠাতেলৰ মূল্য ডাবল চেঞ্চুৰী হ'ল; অথচ নিৰ্বিকাৰ নিস্তব্ধ বিজেপি চৰকাৰ। বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে চি পি আই (এম) দলে। দলটোৰ অসম ৰাজ্যিক কমিটিৰ আহ্বানত বৃহস্পতিবাৰে সমগ্ৰ ৰাজ্যখনতে পেট্ৰ'ল, ডিজেল, ৰন্ধন গেছ আৰু নিত্যপ্ৰয়োজনীয় প্ৰতিবিধি সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাত ব্যৰ্থ হোৱা বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰি শীঘ্ৰে প্ৰতিবিধ সামগ্ৰীৰ মূল্য ৰোধ কৰিবলৈ দাবী উত্থাপন কৰে। মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাষ্টাত চাইকেল চলাই, গৰু গাড়ীত উঠি প্ৰতিবাদ কৰা এসময়ৰ বিজেপি দলৰ নেতৃত্বতে আজি ভয়াবহ মূল্যবৃদ্ধি হৈছে। বিজেপি চৰকাৰে শাসনলৈ আহিয়ে বজাৰৰ ওপৰত থকা চৰকাৰী নিয়ন্ত্ৰণ উঠাই লোৱা আৰু অত্যধিক হাৰত কৰ আৰোপ কৰাৰ ফলত প্ৰতিবিধ বয়বস্তুৰ দাম আকাশচুম্বী হৈছে। আনকি পেট্ৰ'লৰ মূল‍্য বিমানৰ ইন্ধনৰ মূল্যতকৈও অধিক হৈ পৰিছে। মূল‍্যবৃদ্ধিৰ ফলত দিন হাজিৰা কৰা শ্ৰমিকজনৰ পৰা আৰম্ভ কৰি প্ৰতিটো পৰিয়ালে জীৱন ধাৰণ কৰাটো অসহনীয় হৈ পৰিছে। অথচ বিজেপি চৰকাৰে জনসাধাৰণৰ দুখদুৰ্গতিৰ ফালে সম্পূৰ্ণ পিঠি দি কিছুমান পাতল আৰু উদ্ভট মন্তব্যৰে জনসাধাৰণৰ দৃষ্টি অন্যফালে নিবলৈ চেষ্টা কৰিছে। বিজেপি চৰকাৰৰ এই জঘন্য ৰাজনীতিৰ বিৰুদ্ধে ৰাজ্যজোৰা প্ৰতিবাদৰ আহ্বান দিয়ে চি পি আই(এম) দলে। পাৰ্টিৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই সমগ্ৰ ৰাজ্যতে আজি  কেইবা সহস্ৰাধিক পাৰ্টি সভ্য-সমৰ্থক আৰু সাধাৰণ ৰাইজে প্ৰতিবাদত অংশগ্ৰহণ কৰিছে।  পাৰ্টিৰ ৰাজ্যিক কেন্দ্ৰ গুৱাহাটীত কামৰূপ মহানগৰ জিলা কমিটিৰ আহ্বানত  চাৰি স্থানত প্ৰতিবাদ সংগঠিত হৈছে। গুৱাহাটীৰ ৰ'টাৰী ক্লাৱ, মালিগাঁ‌ও চাৰি আলি, বশিষ্ট নতুন বজাৰ আৰু সোণাপুৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰা হয়। প্ৰতিবাদকাৰী সকলে বিভিন্ন প্লেকাৰ্ড-ফেষ্টুন আৰু কাৰ্টুন প্ৰদৰ্ক্ষণ কৰে। প্ৰধানমন্ত্ৰী মোদীৰ সদা ব্যৱহৃত ডাইল'গ, "ভাইও ঔৰ বেহেনও, পেট্ৰ'ল কে দাম কম হুৱে কি নেহী হুৱে ?" "পেট্ৰ'লত শতৰাণ কৰা বাবে মোদীজীলৈ আভিনন্দন" আদি ব্যংগাত্মক শ্লোগানৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰক আদি দাবীৰ প্লেকাৰ্ড প্ৰদৰ্শন কৰে। কেন্দ্ৰীয় গুৱাহাটী আঞ্চলিক কমিটিৰ উদ্যোগত গুৱাহাটী ৰ'টাৰী ক্লাৱৰ ওচৰত হোৱা প্ৰতিবাদী কাৰ্যসূচীত চি পি আই (এম)ৰ জ‍্যোষ্ঠ নেতা তথা প্ৰাক্তন সাংসদ উদ্ধব বৰ্মন, ৰাজ্যিক সম্পাদকমণ্ডলীৰ সদস্য অজিত দাস, তপন শৰ্মা, টিকেন দাসৰ লগতে মহিলা নেত্ৰী মাধুৰী দেৱীও উপস্থিত থাকে। কেন্দ্ৰীয় আঞ্চলিক কমিটিৰ সম্পাদক ভবেন্দ্ৰ কলিতাই আঁ‌ত ধৰা প্ৰতিবাদী কাৰ্যসূচীত কামৰূপ (মহানগৰ) জিলা কমিটিৰ সম্পাদক শতঞ্জীৱ দাস, ৰাজ্যিক সম্পাদকমণ্ডলীৰ সদস্য টিকেন দাস আৰু তপন শৰ্মাই বক্তব্য ৰাখে। জিলা সম্পাদক শতঞ্জীৱ দাসে বক্তব্য দাঙি ধৰি কয় যে, বিজেপি চৰকাৰে সৰ্বসাধৰণ ৰাইজৰ ওপৰত মূল্যবৃদ্ধিৰ বোজা জাপি দিছে। ৰাজ্যখনৰ প্ৰতিখন ঠাইতে পেট্ৰ'লৰ মূল্য এশ অতিক্ৰম কৰিছে। ২০১৪ চনত অৰ্থাৎ‌ মোদী চৰকাৰ ক্ষমতালৈ অহাৰ সময়ত এটা চিলিণ্ডাৰ দাম আছিল ৪০০ টকা আৰু আজি সেই একেই চিলিণ্ডাৰৰ দাম হৈছে এহাজাৰ টকা। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা আৰ্থিক নীতিৰ ফলতেই এই আকাশলংঘী মূল্যবৃদ্ধি হৈছে। বিজেপি চৰকাৰে দেশী-বিদেশী কৰ্প'ৰেট আৰু পুঁ‌জিপতি গোষ্ঠীক  ব্যাপক হাৰত কৰ ৰেহাই আৰু অন্যান্য সা-সুবিধা আগবঢ়োৱাৰ ফলত চৰকাৰ যি লোকচান হৈছে সেয়া পেট্ৰ'ল-ডিজেলৰ ওপৰত পৰ্বতসম কৰ বহুৱাই ৰাইজৰ মূৰত কঠাল ভাঙিছে। এক লিটাৰ পেট্ৰ'ল আৰু ডিজেলৰ দাম অৰ্ধেকৰ বেছি হৈছে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে আৰোপ কৰা শুল্ক বা কৰ। যোৱা এটা বছৰত কেন্দ্ৰীয় চৰকাৰে পেট্ৰ'ল আৰু ডিজেলৰ পৰা ৩.৮৯ লাখ কোটি টকা সংগ্ৰহ কৰিছে। এয়া অভূতপূৰ্ব। ২০১৫-১৬ চনত ৰন্ধন গেছৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে ২২ হাজাৰ ২৯ কোটি টকা যি ৰাজসাহায্য দিছিল  সেয়া ২০২০-২১ চনত  ১১হাজাৰ ৮৮৯ কোটি টকালৈ হ্ৰাস কৰে। ইয়াৰ ফলতে ব্যাপক হাৰত ৰন্ধন গেছৰ মূল্যবৃদ্ধি হয়। অথচ এইখন চৰকাৰে ২০১৫-১৬ ৰ পৰা ২০১৯-২০ কেৱল মাত্ৰ পাঁ‌চটা বিত্তীয় বৰ্ষত কৰ্প'ৰেট কৰ হ্ৰাস কৰি পুঁ‌জিপতি গোষ্ঠীক ৬ লাখ কোটি টকাৰো বেছি ৰেহাই দিছে। আনহাতে এই খন চৰকাৰে ১৯৫৫ চনৰ অত্যাৱশ্যকীয় আইনখন সংশোধন কৰি চাউল,মিঠাতেল, দাইল, চেনীকে আদি কৰি নিত্যপ্ৰয়োজনীয় সামগ্ৰী সীমাহীনভাৱে মজুত কৰি বৃহৎ ব্যৱসায়ী আৰু পুঁ‌জিপতি সকলোক মুনাফা লুটাৰ সুবিধা কৰি দিছে। ইয়াৰ কাৰণে অবাধ গতিত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হৈছে।আজিৰ এই প্ৰতিবাদী কাৰ্যসূচী কামৰূপ মহানগৰৰ উপৰি তেজপুৰ জিলাৰ বালিপৰা, ডিব্ৰুগড়ৰ চৌকিডিঙ্গী চাৰিআলি, নগাঁও, কৰিমগঞ্জ,  শিলচৰ, গোৱালপাৰ, ভৱানীপুৰ,বৰপেটা, বণিয়াকুছি, ধেমাজি, তিনিচুকীয়া, বঙাইগাঁ‌ও, মাণিকপুৰ আদি ঠাইত চি পি আই (এম) দলৰ উদ্যোগত প্ৰতিবাদ কৰা হয় ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here