চি এম হোষ্টেল এলাম্‌নাই এছোচিয়েশ্বনৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাৱত সভা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 21 October 2021

চি এম হোষ্টেল এলাম্‌নাই এছোচিয়েশ্বনৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাৱত সভা

 





W7s News ষ্টাফৰিপোৰ্টাৰ : শতায়ু গৰকা প্রাক্তন কটনিয়ান তথা চি এম হোষ্টেলৰ প্ৰাক্তন আরাসী আব্দুল বাহিদলৈ তেওঁৰ শততম জন্মদিনৰ মাহেন্দ্ৰক্ষণত বৃহস্পতিবাৰে অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত অভিনন্দন জ্ঞাপন কৰা হয়। ক'ভিড প্রটোকলৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্যজনিত কাৰণত আব্দুল ৱাহিক ৰাজহুৱা সভাস্থলীলৈ অনাৰ পৰিৱৰ্তে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত সভাৰ আৰম্ভণিতে কটন কলেজৰ পূৰ্বৰ চি. এম. হোষ্টেলৰ প্ৰাক্তন আৱাসী সকলৰ একত্ৰিত সংগঠন চি.এম হোষ্টেল এলামনাই এছোচিয়েশ্বনৰ সভাপতি ইচফাকুৰ ৰহমান বৰবৰা আৰু সাধাৰণ সম্পাদক আনিচুল আলমৰ নেতৃত্বত এটা প্রতিনিধি দলে আমবাৰী লেম্বৰোডস্থিত বাসভৱনলৈ গৈ তেওঁক এখনি ফুলাম গামোচা, চেলো চাদৰ, ফুলৰ থোপা, এখনি অভিনন্দন পত্ৰ আৰু এটি শৰাইৰে সম্বৰ্ধনা জনায়৷ জীৱনৰ শততম বৰ্ষত খোজ পেলোৱাৰ ক্ষণত সম্বৰ্ষিত আব্দুল বাহিদে শিৱসাগৰ জিলাৰ নাজিৰাত ১৯২২ চনৰ ২১ অক্টোবৰত জন্মগ্রহণ কৰিছিল আৰু নাজিৰা হাইস্কুলত স্কুলীয়া শিক্ষা সাং কৰাৰ পিছত ১৯৪১ চনত কলিকতা বিশ্ববিদ্যালয়ৰ অধীনৰ কটন কলেজত আই. এ. পাঠ্যক্ৰমত নামভৰ্তি কৰিছিল আৰু চি.এম. হোষ্টেলৰ আৱাসী আছিল৷ ইফাল গুৱাহাটী প্ৰেছ ক্লাবত এচোছিয়েশানৰ সভাপতি ইচফাকুৰ ৰহমান বৰবৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত তেওঁৰ সৰস সান্নিধ্য লাভ কৰা বিশিষ্ট ব্যক্তিসকলে তেওঁৰ অনুকৰণীয় জীৱনশৈলী আৰু সুপৰিচিত মোহনীয় ব্যক্তিত্বৰ ওপৰত আলোকপাত কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here