W7s News ষ্টাফৰিপোৰ্টাৰ :
নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ এটা সজাতি দলে বুধবাৰে দৰং জিলাৰ ধলপুৰত চলিত বছৰৰ ২০ আৰু ২৩ ছেপ্টেম্বৰত চৰকাৰে চলোৱা উচ্ছেদত গৃহহীন, বিপৰ্যস্ত পৰিয়ালৰ বুজ ল'বলৈ যায়। ২৩ ছেপ্টেম্বৰত অসম চৰকাৰে আৰক্ষী বাহিনীৰ দ্বাৰা ৪০,৫০ বছৰ ধৰি বসবাস কৰি অহা গাওঁ বাসীৰ ওপৰত লাঠি,গুলিৰে, গুলীত ধৰাসায়ী লোকৰ ওপৰত লাঠি আৰু পদাঘাটেৰে চলোৱা বৰ্বৰতাৰ ঘটনাই ৰাজ্যৰ লগতে দেশ-বিদেশৰ অগণন হৃদয়বান লোকক ব্যথিত কৰিছে। আগতীয়াকৈ খবৰ দিয়া বাবে বহুতো পুৰুষ, মহিলা ,যুৱক যুৱতী, শিশু গোট খাই থাকে।মহিলা সকলে কান্দি কান্দি জনায়-"আমি বহুত কষ্টেৰে থাকিব পৰা একোখন ঘৰ-বাৰী বনাইছিলো। খেতি বাতি কৰি যেনেতেনে খাই-বৈ আছিলোঁ। চৰকাৰে দিয়া-।ৰেচনকাৰ্ড,ভোটাৰ কাৰ্ড আদি সকলো নথি-পত্ৰ আছে।চৰকাৰে ঘৰবাৰী,স্কুল, মছজিদ, কবৰস্থান সকলো ভাঙি গুৰি কৰিলে।চৰকাৰে দিয়া ঘৰ, অনাময় আচনিৰ শৌচালয় আদিও ভাঙিলে।আমি কি বিপদত আজি!থকা খোৱাৰ ব্যৱস্থা নাই, আমি ৰ'দত পুৰিছো, বৰষুণত তিতিছো।আপোনালোক আহিছে আমাৰ বহুত ভাল লগিছে।আমাৰ কাৰণে কষ্ট কৰি আমাৰ ওচৰলৈ আহিছে -আপোনালোকক বহুত ধন্যবাদ।আপোনালোকে চৰকাৰক আমাৰ বিপদৰ কথা জনাওক! আমাক চৰকাৰে জীয়াই থাকিবলৈ ব্যৱস্থা কৰি দিয়ক!!" ১৯৭০ ৰ পৰা বসবাস কৰা,১৯৮৩চনৰ জুয়ে পোৰা অভিজ্ঞতা থকা বৃদ্ধ লোকো লগ পাইছিলোঁ।সবৰে একেই কাতৰ আবেদন"আমাক চৰকাৰে জীয়াই থাকিবলৈ দিয়ক।"
দুটা পানীৰ সূতিৰ মাজৰ বৃহৎ অঞ্চলত,চৰকাৰে উচ্ছেদৰ পিছত ট্ৰেক্টৰেৰে হাল বাই শস্যগুটি সিচিছে।সেইপথাৰৰ মাজেৰেই মানুহে অহা যোৱা কৰি আছে। কিন্তু আমি তাত থকা সময়তে গ'ম পালোঁ, দুজন বাইক আৰোহী লোকক মাজ পথাৰত লাঠি লৈ থকা লোকে আহযাহত বাধা দিছে।বাইক দুখন কোবাই কিছু ভাঙিছে, লোক দুজনকো কোবাইছে।আক্ৰমণ কাৰী লোকসকলৰ লগত পুলিচো আছিল হেনো।আমি উভটি আহোতে সেই লাঠি ধাৰী লোক নেদেখিলো।অঞ্চল টোত এক ভয়াবহ অৱস্থা।আমি উচ্ছেদিত ৰাইজকো ধৰ্যেৰে শান্তি শৃংখলা বজাই ৰাখিবলৈ আহ্বান জনায়।উচ্ছেদিত হাজাৰ হাজাৰ লোকৰ জীৱনৰ হাহাকাৰ আৰু আনফালে চৰকাৰী পক্ষৰ দৌৰাত্ম্য বুলি ভুক্তভোগী সকলে প্ৰকাশ কৰে। মহিলা সমিতিৰ প্ৰতিনিধি দলে উচ্ছেদৰ দিনা কৰুণভাৱে মৃত্যুৰ মুখত পৰা ময়নাল হকৰ শোকদগ্ধ বৃদ্ধ পিতৃ মাতৃ, পত্নী-সন্তানৰ ওচৰলৈ গৈ সমবেদনা জনায়। নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ কেন্দ্ৰীয় সজাতি দলত কণীণিকা ঘোষ, সোমা দাস,বিলকিছ বেগম, নিয়তি বৰ্মন আৰু অণু ৰিজালে সহযোগ কৰে।
কেন্দ্ৰীয় সজাতি দলৰ নেতৃত্বত থকা সৰ্বভাৰতীয় অন্যতম সম্পাদক কণীণিকা ঘোষে কেন্দ্ৰীয় কমিটিৰ ওচৰত পৰিস্থিতিৰ পৰ্যবেক্ষণৰ সবিশেষ দাখিল কৰিব।নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ অসম ৰাজ্যিক কমিটিৰ তৰফৰ পৰা অসমৰ মুখ্যমন্ত্ৰী প্ৰতি আবেদন:উচ্ছেদত ক্ষতিগ্ৰস্তক অতি সোনকালে প্ৰয়োজনীয় সাহায্য, ক্ষতিপূৰণ আৰু পূণৰসংস্থাপনৰ ব্যৱস্থা কৰক। বিভেদৰ শক্তিয়ে যাতে পূণৰ অসম জ্বলাব নোৱাৰে,পৰিস্থিতি নিয়ন্ত্ৰণ কৰক।বিকল্প বাসস্থান অবিহনে অসমৰ সকলো ঠাইতে উচ্ছেদ বন্ধ ৰাখক।ৰাজ্যৰ উচ্ছেদিত ৰাইজক ক্ষতিপূৰণ আৰু সংস্থাপনৰ ব্যৱস্থা কৰক।'
No comments:
Post a Comment