ৰাজহুৱা খণ্ড বচাওক দেশ বচাওক আহ্বানত নুনমাটিত উত্তাল প্ৰতিবাদ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 7 October 2021

ৰাজহুৱা খণ্ড বচাওক দেশ বচাওক আহ্বানত নুনমাটিত উত্তাল প্ৰতিবাদ

 





W7s News ষ্টাফৰিপোৰ্টাৰ:  দেশজোৰা প্ৰতিবাদৰ অংশ হিচাপে বৃহস্পতিবাৰে এ আই চি চি টি ইউ, ইউনাইটেড ৱৰ্কমেন ইউনিয়নে দেশৰ ৰাজহুৱা খণ্ডৰ সম্পদ মোদী চৰকাৰে পাইকাৰী হাৰত কৰ্পৰেট গোষ্ঠী বিক্ৰী কৰাৰ প্ৰতিবাদত নুনমাটিৰ গুৱাহাটী শোধনাগাৰ এলেকাত ধৰ্ণা কাৰ্যসূচী পালন কৰে। ধৰ্ণাত এ আই চি চি টি ইউৰ ৰাজ্যিক সভাপতি বীৰেণ কলিতা, ইউনাইটেড ৱৰ্কমেন ইউনিয়নৰ সাধাৰণ সম্পাদক গিৰিশ কলিতা, প্ৰণৱ দুৱৰা আদিয়ে নেতৃত্ব দিয়ে। প্ৰতিবাদ কাৰী সকলে ৰাজহুৱা খণ্ড বিক্ৰী কৰা মোদী চৰকাৰ নিপাত যাওক, কৰ্পৰেট ৰাজ নচলিব, দেশৰ সম্পদ আমাৰ সম্পদ মোদী চৰকাৰ হুচিয়াৰ, মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰক, আদি শ্লগানেৰে উত্তাল কৰি তোলে।  সংগঠনটোৰ ৰাজ্যিক সভাপতি বীৰেণ কলিতা আৰু সহকাৰী সম্পাদক পংকজ কুমাৰ দাসে কয় 'নেচনেল মানিটাইজেচন পাইপ লাইন আঁচনিৰ অধীনত কেন্দ্ৰৰ বিজেপি চৰকাৰে ৰাজহুৱা খণ্ডৰ অধীনৰ সকলো সম্পদ কৰ্পৰেট গোষ্ঠীক বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছে। ইয়াৰ জৰিয়তে ৬ লাখ কোটি টকা সংগ্ৰহৰ লক্ষ্য লৈছে। এই সম্পদ সমূহৰ ভিতৰত ৰেল, কয়লা, বিদ্যুৎ, বিদ্যুৎ সৰবৰাহ লাইন, তেল সৰবৰাহ লাইন, ৰেল লাইন, বন্দৰ, ৰাষ্ট্ৰীয় ঘাইপথ, বিমান বন্দৰ, টেলিকম, ৰাষ্ট্ৰীয় ষ্টেডিয়াম আদি দেশৰ প্ৰায় সকলো সম্পদ অন্তৰ্ভুক্ত। মোদীৰ শাসনত দেশখনক বৃটিছৰ শাসনৰ গোলামী দিনলৈ লৈ গৈছে, কোম্পানীৰাজ চলাইছে। দেশৰ স্বাধীনতাৰ আকাংক্ষা ক নি:শেষ কৰা বিজেপি চৰকাৰৰ বিৰুদ্ধে ঐক্যৱদ্ধ প্ৰতিৰোধ গঢ়ি তোলাটো আজি জৰুৰী হৈ পৰিছে। নহ'লে দেশ আৰু জনগণ কোনো নাবাচে।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here