দিছপুৰ প্ৰেছ ক্লাৱত নগাঁও কাগজ কলৰ ঠিকাদাৰ সন্থাৰ সংবাদমেল - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Monday, 4 October 2021

demo-image

দিছপুৰ প্ৰেছ ক্লাৱত নগাঁও কাগজ কলৰ ঠিকাদাৰ সন্থাৰ সংবাদমেল

Responsive Ads Here

 



অতি শীঘ্ৰে আমাৰ প্ৰাপ্য ধন আদায় দিয়াৰ ব্যৱস্থা কৰক মুখ্যমন্ত্ৰীয়ে: নগাঁও কাগজ কল ঠিকাদাৰ সন্থা


'


W7s News ষ্টাফৰিপোৰ্টাৰ : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক অতি শীঘ্ৰে প্ৰাপ্য ধন আদায় দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে নগাঁও কাগজ কল ঠিকাদাৰ সন্থাই। সোমবাৰে দিছপুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদ মেলত এই দাবী উত্থাপন কৰি সন্থাৰ সদস্য অতনু বৰাই কয় '৬৫৪ ঠিকাদাৰ জড়িত হৈ আছে এই নগাঁৱ কাগজ কলৰ সৈতে । এই কলদুটা বন্ধ হোৱাৰ ফলত হিন্দুস্তান কাগজ কল আৰু কাছাৰ কাগজ কলৰ লগত জড়িত দুইলাখ লোক, বিভিন্ন পৰ্যায়ৰ শ্ৰমিক কৰ্মচাৰী ক্ষতিগ্ৰস্ত হৈছে। ৰাষ্ট্ৰীয় কোম্পানী ল’ ট্ৰিব্যুনালত বিচাৰধীন হৈ আছে সমগ্ৰ বিষয়টো।বাহ খেতিয়ক যথেষ্ট লোক জড়িত হৈ আছিল। ২০১৬ চনৰ পৰা দৰমহা বন্ধ হৈ আছিল ৷ আমি ৪৪০ কোটি টকা পাবলৈ আছে ঠিকাদাৰ আৰু আন আন বিভাগৰ শ্ৰমিক কৰ্মচাৰী সকলে ৷ বাহ যোগানৰ ক্ষেত্ৰত হৈ থকা কেলেংকাৰী হৈ আছে ৷ দহ বাৰটা বিভাগৰ পাছতহে এখন গাড়ী যাব পাৰে ৷বাহ কেলেংকাৰী সন্দৰ্ভত চি বি আই দুটা গোচৰৰ ৰুজু কৰি  তদন্ত চলাই আছে ৷এছিয়া বৃহৎ উদ্যোগ আছিল নগাঁও কাগজ কল ৷ মেঘালয় নাগালেণ্ডকে ধৰি তিনিটা প্ৰতিষ্ঠান চলাব লগীয়া হোৱা বাবে বন্ধ হৈ পৰে ৷মুখ্যমন্ত্ৰীয়ে যিদৰে কৰ্মচাৰী সকলৰ বাবে ব্যৱস্থা কৰি দিছে ৷  ঠিকাদাৰ সকলৰ বাবেও এটা ব্যৱস্থা কৰিবলৈ আহ্বান জনালোঁ৷'সংবাদমেল যোগে নগাঁও কাগজ কল ঠিকাদাৰ সন্থাৰ সভাপতি নাৰায়ণ প্ৰসাদ শৰ্মাই কয়, “হিন্দুস্তান কাগজ নিগমৰ অধীনত মৰিগাঁও জিলাৰ জাগীৰোডত অৱস্থিত নগাঁও কাগজ কল আৰু হাইলাকান্দি জিলাৰ পাঁচগ্ৰামত অৱস্থিত কাছাৰ কাগজ কল- এই দুয়োটা বৃহৎ কাগজ উদ্যোগ বিগত ৫  বছৰে বন্ধ হৈ থকাৰ ফলত ইয়াত নিযুক্ত হৈ থকা বিষয়া-কৰ্মচাৰী, শ্রমিক সকলৰ লগতে এই উদ্যোগত বিভিন্ন সামগ্রী যোগনীয়াৰ, উদ্যোগ মেৰামতিত সেৱা আগবঢ়াই থকা বিভিন্নজন ঠিকাদাৰ আৰু আমাৰ অধীনস্থ বিভিন্নজন শ্রমিক কর্মহীন হৈ পৰাৰ লগতে আমাৰ বিভিন্ন কামৰ বিপৰীতে মিলৰ পৰা পাবলগীয়া ধন নোপোৱাৰ ফলত অভাৱনীয় ভাবে আর্থিক সংকটত পৰো আৰু আমাৰ পৰিয়ালৰ ভৰণ পোষণ দিয়াত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে৷ আমাৰ ৬ জন সতীর্থ ঠিকাদাৰ অর্থৰ অভাৱত উন্নত চিকিৎসা কৰিব নোৱাৰি মৃত্যুমুখত পৰিছে। বহুকেইজন জটিল ৰোগত ভূগি আছে।‘’ইতিমধ্যে কাগজ কল দুটাৰ বিষয়টো ৰাষ্ট্রীয় কোম্পেনী ল’ ট্ৰিব্যুনালত বিচৰাধীন হৈ আছে আৰু ন্যায়ালয়ে কাগজ কল দুটাৰ নিলাম ঘোষণা কৰিছে।এই ঘোষণাত আমি নগাঁও কাগজ কল ঠিকাদাৰ সন্থাৰ সমূহ সদস্যই আশ্চর্য প্ৰকাশ কৰিছো। আমাৰ ভবিষ্যত অন্ধকাৰ হৈ পৰিছে। সেয়েহে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ চৰকাৰ গঠনৰ সময়ৰ পৰা কাগজ কলৰ বিষয়টো গুৰুত্ব সহকাৰে উদ্যোগ লৈ সকলো কর্মচাৰীকে সন্তুষ্ট কৰি ইতিমধ্যে ৫৭০ কোটি টকাৰ এটি পেকেজ ঘোষণা কৰিছে ।‘মুখ্যমন্ত্ৰীৰ এই পদক্ষেপ শ্রমিক-কর্মচাৰীৰ লগতে সকলোৱে শলাগিছে। আমিও তেওঁৰ এই দূৰদৰ্শী আৰু কাৰ্যকৰী সিদ্ধান্তৰ বাবে আন্তৰিক ধন্যবাদ জনাইছো। আশা কৰো তেওঁৰ এই সিদ্ধান্ত আৰু পৰৱর্তী পদক্ষেপ সমূহ কাগজ কলৰ এই দীর্ঘদিনীয়া সমস্যাৰ অন্ত পেলাব। লগতে আমাৰ লগতে ইয়াৰ লগত জড়িত যোগানকাৰী সমলৰ প্ৰাপ্য খিনি আদায় দিবলৈ চৰকাৰক আহ্বান জনালোঁ।' সংবাদ মেলত সন্থাৰ সাধাৰণ সম্পাদক লাল ৰাজভৰে কয় ' 

এই কাগজ কলৰ উৎপাদন আৰু বিভিন্ন কর্মৰ লগত এসময়ত জড়িত হৈ থকা তথা কাগজ কলৰ পৰা ধন পাবলগীয়া বিভিন্নজন ব্যক্তি, ঠিকাদাৰে অসমৰ বিভিন্ন জিলাৰ, বিভিন্ন জনগোষ্ঠীৰ বাঁহ খেতিয়কসকল, যোগানকাৰী সকল, আমি সকলোৱে আর্থিকভাবে জুৰুলা হৈ পৰিছো আৰু বেংকৰ ঋণত আমি দেউলীয়া হৈ পৰিছো। আমি নগাঁও কাগজ কল ঠিকাদাৰ সন্থাই সম্মানীয় সদস্যৰ হৈ অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাক কৰযোৰে অনুৰোধ জনাওঁ যে বিষয়া-শ্রমিকসকলৰ দৰে আমাকো তথা আমাৰ লগত জড়িত শ্রমিকৰ দুৰাৱস্থাৰ কথা চিন্তা কৰি আলোচনাৰ মাধ্যমেৰে এক উচিত সিদ্ধান্ত লৈ আমাৰ মিলৰ পৰা পাবলগীয়া ধন আদায় দিয়াৰ ব্যৱস্থা কৰে।  মুখ্যমন্ত্ৰীৰ এই পদক্ষেপৰ বাবে আমি আশাবাদী আৰু আন্তৰিকভাবে তেওঁ নিশ্চয় আমাৰ ভবিষ্যতৰ কাৰণে এই সিদ্ধান্ত গ্ৰহণ কৰি অসমৰ উদ্যোগ জগতৰ এক প্ৰত্যাহ্বানমূলক সমস্যা সমাধান কৰিব।' সংবাদ মেলাৰ সন্থাৰ অন্যান্য সদস্য সকল উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *