ধৰালৈ নামি নামিব দুৰ্গতিনাশিনী
W7s News ষ্টাফৰিপোৰ্টাৰ: কাইলৈ মহালয়া।দুষ্টক দমন কৰি দুৰ্গত সকলৰ ত্ৰাণকৰ্তা হৈ কাইলৈ ধৰাৰ বুকুলৈ নামি আহিব দুৰ্গতিনাশিনী। অশুভ শক্তিক বিনাশ কৰিবলৈ মৰ্ত্যলৈ নামি আহিব মা দুৰ্গা। সমগ্ৰ ৰাজ্যবাসী শাৰদীয় দুৰ্গোৎৱক আদৰিবলৈ সাজু হৈছে। ইফালে মৃণ্ময় শিল্পী সকলে দেৱী দুৰ্গাৰ প্ৰতিমাত অন্তিম পৰশ দিয়াৰ বাবে ব্যস্ত হৈ পৰিছে। বিগত বৰ্ষৰ দৰে এইবাৰো ক’ভিড প্ৰটকল মানি ৰাজ্যৰ বিভিন্ন প্ৰান্ত সজাই পৰাই তোলা হৈছে দুৰ্গাপূজা মণ্ডৱ সমূহ। বুধবাৰে পুৱা ৪ বাজি ৩৫ মিনিটৰ পৰা আৰম্ভ হ’ব মহালয়াৰ শুভক্ষণ। মহালয়াৰ দিনটোত হিন্দুধৰ্মাৱলম্বী লোকে চণ্ডীপাঠ, মহালয়াৰ ঘট স্থাপন আৰু পূজাৰ জৰিয়তে মহালয়া পালন কৰে। মহালয়া দেৱ-দেৱী পূজাৰ বাবে জাগ্ৰত হয় বুলি জনবিশ্বাস আছে। আনহাতে মহালয়াৰ দিনাই পুৱাৰ ভাগত ভক্তগণে পূজা অৰ্চনা কৰে। এইবাৰ ১১ অক্টোবৰত ষষ্ঠী পূজাৰ পৰা আৰম্ভ হ’ব দুৰ্গা পূজা। ১২ অক্টোবৰত সপ্তমী,১৩ অষ্টমী,১৪ নৱমী আৰু ১৫ অক্টোবৰত দশমী। এইবাৰো ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দুৰ্গাপূজা পালনৰ ক্ষেত্ৰত চৰকাৰে নিৰ্দেশনা বান্ধি দিছে যদিও পূৰ্বতকৈ কিছু শিথিল কৰা হৈছে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো পূজাৰ বজাৰ আৰম্ভ হৈছে। শাৰদীৰাণীৰ আগমণে ৰাজ্যবাসীৰ মনলৈ লৈ আহিছে আশাৰ বতৰা।তাৰমাজতে ৰাজ্যবাসীয়ে ক'ভিড পৰিস্থিতিৰ মাজতে দেশৰ দহৰ মঙ্গলৰ বাবে মা দূর্গাৰ আশীষ ল'বলৈ সাজু হৈছে।
No comments:
Post a Comment