'দ্য ক্লিনিক'ক ৱেব ছিৰিজৰ মহুৰত সম্পন্ন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 4 October 2021

'দ্য ক্লিনিক'ক ৱেব ছিৰিজৰ মহুৰত সম্পন্ন




আমাৰ মানসিক স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এক যোগাত্মক বাৰ্তা দিবলৈ প্ৰয়াস কৰিছে-ময়ূৰ বৰা



W7s News ষ্টাফৰিপোৰ্টাৰ : অসমীয়া ৱেব ছিৰিজৰ জগতত এখন নতুন ধাৰাৰ ছিৰিজ 'দ্য ক্লিনিক'ৰ শুভ মুহূৰত সোমবাৰে গুৱাহাটীৰ 'দি ক'ৰ্ট য়াৰ্ড'ত হোটেলত সম্পন্ন হয়। ময়ূৰ ক্ৰিয়েশ্যনছৰ বেনাৰত নিৰ্মিত ৱেব ছিৰিজখন পৰিচালনা কৰিছে উদীয়মান পৰিচালক হিতাৰ্থ বৰাই। মুহূৰত অনুষ্ঠানত নাৰিকল ভাঙি শুভাৰম্ভ কৰে বিশিষ্ট লেখক, চিন্তাবিদ ময়ূৰ বৰা আৰু ক্লেপষ্টিক দি 'দ্য ক্লিনিক'ৰ শুভৰাম্ভ কৰে বিশিষ্ট সংগীত শিল্পী বৰ্ণালী কলিতাই। বিশিষ্ট চিন্তাবিদ, লেখক ময়ূৰ বৰাই ভাষণ প্ৰসংগত কয় ' এজন উদীয়মান অসমীয়াৰ যুৱকে ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছে। আমাৰ মানসিক স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এক যোগাত্মক বাৰ্তা দিবলৈ প্ৰয়াস কৰিছে।মানৱ প্ৰেম, সমাজ প্ৰেমৰ বার্তা লৈ হিতাৰ্থ বৰাই আগবাঢ়িব বিচাৰিছে। তেওঁক সকলোৱে উৎসাহ দিয়া উচিত।' অনুষ্ঠানত সংগীত শিল্পী বৰ্ণালী কলিতা আৰু উদ্যোগী শ্যামকানু মহন্ত আদি বিশিষ্ট ব্যক্তি উপস্থিত থাকি শুভেচ্ছা মূলক বক্তব্য আগবঢ়ায়।মুহূৰত শ্বটটো দিয়ে প্ৰতিভাশালী অভিনেতা অৰ্ঘ্যদীপ বৰুৱা আৰু উদয়ন দুৱৰাই। 'দ্য ক্লিনিক' সম্পৰ্কত পৰিচালক হিতাৰ্থ বৰাই কয়"- ই এখন ৱেব ছিৰিজেই নহয়, বহু বিচিত্ৰ মানৱ মননৰ প্ৰতিফলন। ছিৰিজ খনৰ জৰিয়তে সমাজৰ ইতিবাচক আৰু নেতিবাচক দুয়োটা দিশেই উন্মোচন কৰিব বিচৰা হৈছে, আৰু বিচৰা হৈছে জনসজাগতা সৃষ্টি কৰিবলৈ। ছিৰিজখনত সমাজৰ বিভিন্ন ষ্টেৰিঅ'টাইপ দিশ আৰু কুসংস্কাৰকো সমূহ কেনেদৰে সমাজ এখন বিনষ্ট কৰে সেই দিশটোও দেখুওৱা হ'ব। ই গুৱাহাটী মহানগৰীৰ কৰ্প'ৰেট কালচাৰ আৰু কাৰ্যালয়ত সহকর্মী সকলৰ চাপকো বৰ্ণনা কৰিছে। 'দ্য ক্লিনিক'ত বহুকেইটা ভাঁজ আছে যিবোৰ লাহে লাহে খোল খাব'। হিতাৰ্থ বৰাৰ নেতৃত্ব আৰু পৰিচালনাত ছিৰিজ খনৰ যুৱ আৰু নতুন দল এটা জড়িত হৈ আছে। ছিৰিজ খনত তাৰকা অভিনেতা প্ৰসেনজিৎ বৰা, হিৰণ্য ডেকা,অৰ্পণা দত্ত চৌধুৰী, উদয়ন দুৱৰা আৰু অৰ্ঘ্যদীপ বৰুৱাই অভিনয় কৰিব। বেদব্ৰত বৰা, বেদান্ত প্ৰকাশ বৰা আৰু হিতাৰ্থ  বৰাৰ দৰে নতুন মুখেও ছিৰিজ খনত আত্মপ্ৰকাশ কৰিব। ৱেব ছিৰিজখনত থকা দুটা গীতৰ এটাত কণ্ঠদান কৰিছে শংকুৰাজ কোঁৱৰ  আৰু আনটোত কণ্ঠদান কৰিছে প্ৰবীণ বৰাই। মূলসুঁতিৰ বিষয়বস্তুৰ বহু আঁতৰৰ ছিৰিজখন দৰ্শনীয় আৰু নতুন চিন্তাৰ বাহক হ'ব  বুলি আশা কৰা হৈছে। এই মুহূৰত অনুষ্ঠানত উপস্থিত থাকে কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ডঃ স্বপ্নালী দাস বৰা, অভিনেতা হিৰণ্য ডেকা, আৰ্ঘদীপ বৰুৱা, উদয়ন দুৱৰা, লগতে ৱেব ছিৰিজখনৰ লগত জড়িত কলা-কুশলী সকল উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here