শুকুৰবাৰে ৰাজ্যৰ ১০ টা ছবিগৃহত মুক্তি লাভ কৰিব ৰাজেন দাস পৰিচালিত চলচ্চিত্ৰ 'লাইফ ইন এ পাপেট' - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 21 October 2021

শুকুৰবাৰে ৰাজ্যৰ ১০ টা ছবিগৃহত মুক্তি লাভ কৰিব ৰাজেন দাস পৰিচালিত চলচ্চিত্ৰ 'লাইফ ইন এ পাপেট'

 



 ক'ভিড বিধ্বস্ত কৰা ৰাজ্যৰ চিত্ৰগৃহত আশাৰ বতৰা লৈ প্ৰথমখন অসমীয়া চলচ্চিত্র অসমৰ পুতলা নাচক আন্তঃৰাষ্ট্ৰীয় প্ৰসাৰ দিয়াত অবিৰত প্ৰয়াস


লাইফ ইন এ পাপেট' দর্শকে আদৰি ল'লে ইয়াৰ পৰা সংগৃহীত পুঁজিৰ এটা অংশৰে পুতলা নাচক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস অব্যাহত থাকিব





W7s News ষ্টাফৰিপোৰ্টাৰ : 

ৰাজেন দাস পরিচালিত 'লাইফ ইন এ পাপেট'ৰ চলচিত্ৰখনে শুকুৰবাৰে ৰাজ্যৰ ১০ টা ছবিগৃহত মুক্তি লাভ কৰিব। বৃহস্পতিবাৰ গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা সদৰী কৰে চলচিত্ৰখনৰ পৰিচালক ৰাজেন দাসে। তেওঁ লগতে কয় 'অসমৰ জনজীৱনৰ সৈতে সংম্পৃক্ত তথা অসমৰ স্বাভিমানক প্রতিনিধিত্ব করা প্রাচীন লোককলা পুতলা নাচ আজি অনাদৃত, অৱহেলিত। অশেষ দুর্যোগ, সংগ্রাম আৰু আৰ্থিক দুৰৱস্থাৰ মাজতো পুতলা নাচৰ শিল্পীসকলে আজি পুতলা নাচক জীয়াই ৰখাৰ বাবে দুর্নিবাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। পুতলা নাচৰ এই শিল্পীসকলৰ জীৱন সংগ্ৰাম আৰু লগতে অসমৰ পুতলা নাচক বিশ্ব প্রেক্ষাপটত প্ৰতিষ্ঠা কৰাৰ প্ৰয়াসেৰে পৰিচালক ৰাজেন দাসে নিৰ্মাণ কৰি উলিয়াইছে অসমীয়া চলচ্চিত্র 'লাইফ ইন এ পাপেট'। ২০২০ চনৰ ডিচেম্বৰ মাহত কেন্দ্ৰীয় ফিল্ম বোৰ্ডৰ চেন্সৰ চাৰ্টিফিকেট লাভ কৰা চলচ্চিত্ৰখনে বিশ্বৰ চুকে-কোণে অসমৰ পুতলা নাচক বিগত এবছৰ ধৰি প্ৰদৰ্শন কৰি অসমৰ প্ৰাচীন লোককলা পুতলা নাচক উজ্জীৱিত কৰি আহিছে। বিগত কেইমাহত 'লাইফ ইন এ পাপেট'এ বিশ্বৰ ২০ খন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত মনোনয়ন লাভ কৰাৰ লগতে কেবাখনো মহোৎসৱত শ্রেষ্ঠ চলচ্চিত্ৰৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে। বিভিন্ন শিতানত প্রায় ৩০ টা পুৰস্কাৰ লাভ কৰি চলচ্চিত্ৰখনে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। 'লাইফ ইন এ পাপেট'এ ফ্রান্স, ইটালী, চিলি, গ্রেট ব্রিটেইন, চেক্ বিপাব্লিক, শ্লোভাকিয়া, ছুইডেন, আমেৰিকা যুক্তৰাষ্ট্ৰ, ভাৰত আদি কেবাখনো ৰাষ্ট্ৰৰ চলচ্চিত্র মহোৎসৱত অসমৰ পুতলা নাচক প্রতিষ্ঠা কৰি ৰাজ্যখনলৈ সুখবৰ কঢ়িয়াই আনিছে। শেহতীয়াভাৱে ৰাষ্ট্ৰসংঘৰ গুরুত্বপূর্ণ সংস্থা ইউনেষ্ক' (UNESCO) ৰ নতুন দিল্লী কার্যালয়ে আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত 'লাইফ ইন এ পাপেট' মনোনীত হোৱাৰ লগতে সমগ্র বিশ্বজুৰি প্ৰদৰ্শিত হোৱাৰ সুযোগ লাভ কৰিছিল। বিশ্বৰ বিভিন্ন প্ৰান্তত সমাদৰ লাভ কৰাৰ পিছত 'লাইফ ইন এ পাপেট’ এইবাৰ সাজু হৈছে স্বভূমি অসমৰ চলচ্চিত্ৰ গৃহত মুক্তিলাভ কৰিবলৈ। এই চলচ্চিত্ৰখন ছবিগৃহসমূহ হৈছে – গুৱাহাটীৰ মেট্ৰিক্স চিনেমাচ্‌ত দিনৰ ২ বাজি ১৫ মিনিটত, গুৱাহাটীৰ অনুৰাধা ছবিগৃহত বিয়লি ৫ বজাত,যোৰহাটৰ আইনক্সত বিয়লি ৪ বাজি ১০ মিনিটত, শিৱসাগৰৰ ভাস্কৰজ্যোতি চিত্ৰগৃহত বিয়লি ৪ বাজি ৩০ মিনিটত , তেজপুৰৰ এম্পেৰিয়াৰ চিত্ৰগৃহত বিয়লি ৫ বাজি ৪৫ বজাত, তিনিচুকীয়াৰ ৰংঘৰ টকিজত বিয়লি ৪ বজাত, বঙাইগাঁৱৰ জলিমেক্স চিত্ৰগৃহত বিয়লি ৩ বাজি ১৫ মিনিটত,আইনক্স, গেলেৰিয়া, গ্ৰেপ্ত চিনেচত চলচ্চিত্ৰখন প্ৰদৰ্শন কৰা হ'ব।চলচ্চিত্ৰখন উপভোগ কৰি অসমৰ পুতলা নাচক পুনৰুজ্জীৱিত কৰাৰ সহায় কৰিবলৈ দর্শকক আহ্বান জনালোঁ। চৰকাৰী ক'ভিড বিধি মানিৱে৫০ শতাংশ আসনেৰে চলচ্চিত্ৰখন প্ৰদৰ্শন কৰা হ'ব। পহিলা নৱেম্বৰৰ পৰা ৰাজ্যৰ ছবিগৃহ নথকা ঠাইত বিকল্প পদ্ধতিৰে চলচ্চিত্ৰখন প্ৰদৰ্শন কৰা হ'ব।

এইবাৰ আমি ৮২ হাজাৰ টকাৰ বাবে অস্কাৰৰ বাবে চলচ্চিত্ৰখন পঠিয়াব নোৱাৰিলোঁ।

আমি চলচ্চিত্ৰখন ৰাষ্ট্ৰীয় পুৰস্কাৰৰ বাবে আবেদন কৰিছোঁ।অসমৰ আন এক লোককলা 'ওজাপালি' ক লৈ মই পৰৱৰ্তী চলচিত্ৰখন নিৰ্মাণ কৰিম।উল্লেখ্য,  অসমৰ বিভিন্ন প্রান্তত প্ৰায় ডেৰ শতাধিক পুতলা নাচৰ শিল্পীয়ে নিৰৱে এই লোককলাৰ চৰ্চা অব্যাহত ৰাখিছে।  'লাইফ ইন এ পাপেট' দর্শকে আদৰি ল'লে ইয়াৰ পৰা সংগৃহীত পুঁজিৰ এটা অংশৰে পুতলা নাচক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস অব্যাহত থাকিব বুলি পৰিচালকগৰাকীয়ে ইতিমধ্যে ঘোষণা কৰিছে। উল্লেখযোগ্য যে 'লাইফ ইন এ পাপেট’ৰ মুখ্য চৰিত্ৰত অভিনয় কৰা নাৰায়ণ ডেকা বাস্তৱ জীৱনৰো এগৰাকী পুতলা নাচৰ শিল্পী আৰু তেওঁৰ জৰিয়তেই অসমৰ পুতলা নাচৰ শিল্পীসকলৰ মৰ্মবেদনাৰ ছবি জীৱন্ত কৰিবলৈ প্ৰয়াস কৰা হৈছে। চলচ্চিত্ৰখনৰ বহুতো চৰিত্ৰত পুতলা নাচৰ প্ৰকৃত শিল্পীসকলে অভিনয় কৰিছে। মুখ্য চৰিত্ৰত অভিনয় কৰা অভিনেত্রী আশা বৰদলৈও পুতলা নাচৰ শিল্পীৰ চৰিত্ৰত যথেষ্ট কষ্টসাধ্য অভিনয় কৰিছে। এইদৰে নবাগত অভিনেত্রী দিপান্বিতা দাসৰ লগতে কেমেৰাৰ সন্মুখত প্রথমবাৰ অভিনয় কৰা আন অভিনেতা-অভিনেত্ৰীসকলেও বাস্তৱ জীৱনৰ দৰেই অভিনয় কৰিছে। ছবিখনত অসমৰ লোকসংগীতক প্রতিনিধিত্ব কৰি সংগীত পৰিচালনা কৰিছে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত কণ্ঠশিল্পী তৰালী শৰ্মাই। ছবিখনৰ সহকাৰী প্রযোজনা দায়িত্ব গ্রহণ কৰিছে মিনাক্ষী দাসে।  চলচ্চিত্ৰখনৰ মাধ্যমেৰে অসমৰ নতুন প্রজন্ময়ো অসমৰ পুতলা নাচ সন্দৰ্ভত এক সম্যক ধাৰণা ল'ব বুলি আশা কৰিছে। উল্লেখ্য, লক্‌ডাউনৰ পৰৱৰ্তী সময়ত 'লাইফ ইন এ পাপেট'এই হ’ব বিগত দুবছৰ ধৰি বন্ধ হৈ থকা চিত্ৰগৃহসমূহৰ প্ৰথমখন অসমীয়া ছবি। এই ছবিখনক লৈ ৰাইজৰ মাজত উৎকণ্ঠা ইতিমধ্যে বৃদ্ধি পাইছে। অসমৰ সৰ্বস্তৰৰ ৰাইজে 'লাইফ ইন এ পাপটে'ক আদৰি ল'ব বুলি ছবিখনৰ পৰিচালক, প্রযোজক, শিল্পী, কলা-কুশলী সকলো আশাবাদী।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here