চেভ ভৰলু (ভৰলু বচাওঁ) অভিযানৰ থলীতে অঁকা চিত্ৰাংকন প্ৰতিযোগিতা - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Wednesday, 20 October 2021

demo-image

চেভ ভৰলু (ভৰলু বচাওঁ) অভিযানৰ থলীতে অঁকা চিত্ৰাংকন প্ৰতিযোগিতা

Responsive Ads Here

 

.com/img/a/



W7s News ষ্টাফৰিপোৰ্টাৰ :

 চেভ ভৰলু (ভৰলু বচাওঁ) অভিযানৰ  আহ্বায়কদ্বয় ডঃ ৰবীন মজুমদাৰ আৰু অমিয় কুমাৰ ডেকাই  প্ৰকাশ কৰা এক প্ৰেছ বিজ্ঞপ্তি যোগে জনায় যে মুমূৰ্ষু ভৰলু নদীক পুনৰোজ্জীৱিত কৰাৰ মানসেৰে ভৰলু-বাহিনী সম্পৰ্কে নাগৰিকক সজাগ কৰিবলৈ আৰম্ভ কৰা কাৰ্যসূচীৰ যোৱা ২৬ ছেপ্টেম্বৰত চাইকেল ৰেলীৰে বিশ্ব নদী দিৱস উদযাপন কৰা আৰু সদৌ অসম ভিত্তিত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত ভৰলু বিষয়ক ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ পিছত অভিযানৰ পৰৱৰ্ত্তী গণসচেতনতা কাৰ্য্সূচী ঘোষণা কৰিছে আৰু সেয়া হৈছে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত অহা ১৪ নৱেম্বৰৰ শিশু দিৱসৰ থলীতে অঁকা চিত্ৰাংকন প্ৰতিযোগিতা। ১ম শ্ৰেণীৰ পৰা ৩য় শ্ৰেণীলৈ ‘ক’ শাখা অৰু ৪ৰ্থ ৰ পৰা  ৬ষ্ঠ শ্ৰেণীলৈ ‘খ’ শাখাত এই প্ৰতিযোগিতা  ৰাতিপুৱা ১০ বজাৰ পৰা কুমাৰপাৰা নামঘৰ প্ৰাংগনত অনুষ্ঠিত হ’ব। প্ৰ্তি শাখাত নগদ ধন আৰু প্ৰমাণ পত্ৰৰে সৈতে  তিনিটাকৈ পুৰস্কাৰ থাকিব আৰু সেইদিনাই ৰচনা প্ৰতিযোগিতাৰ লগতে চিত্ৰাংকন প্ৰতিযোগিতাৰো  বঁটা প্ৰদান কৰা হ’ব। প্ৰতিযোগিতাৰ বাবে প্ৰতিযোগীয়ে  ১ নৱেম্বৰৰ পৰা ১০ নৱেম্বৰৰ ভিতৰত  ৮৮১১০২১৮২১  আৰু ৯৮৬৪০১০২১৫ ৱাটচএপ নম্বৰত  নাম, ঠিকনা, শ্ৰেণী , স্কুলৰ নাম, স্কুল পৰিচয় পত্ৰৰ লগতে ফোন নম্বৰ জনাই পঞ্জীয়ন কৰিবলৈ অনুৰোধ জনোৱা হ’ল। ইয়াৰ উপৰিও এখন কাৰ্যকৰী সমিতি গঠন কৰিবলৈ  ৩১ অক্টোবৰত স্থানীয় বিষ্ণু-নিৰ্মলা ভৱনত এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হ’ব বুলিও আহ্বায়কদ্বয়ে জানিবলৈ দিছে। সামাজিক ভাবে দায়বদ্ধ সমাজৰ প্ৰায় সকলো শ্ৰেণীৰ নাগৰিকেৰে গঠিত চেভ ভৰলু (ভৰলু বচাওঁ) অভিযান গোটে এই দুৰূ্হ অভিযান সফল কৰি তুলিবলৈ গুৱাহাটীবাসী সকলো নাগৰিকৰ সহায়-সহযোগিতা কামনা কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *