W7s News ষ্টাফৰিপোৰ্টাৰ : অসমীয়া চলচ্চিত্ৰ 'ক্ষণচৰৰ পোষ্টাৰ আৰু ট্ৰেইলাৰ মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত মুকলি কৰা হয়। জনপ্ৰিয় অভিনেতা যতীন বৰাই এই অনুষ্ঠানত মুখ্যঅতিথি হিচাপে উপস্থিত থাকি নতুন অসমীয়া চলচিত্ৰ খনৰ পোষ্টাৰ আৰু ট্ৰেইলাৰ মুকলি কৰি কয় ' ক্ষণচৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আশা কৰিলোঁ। অসমৰ চলচ্চিত্ৰ উদ্যোগটো জীয়াই থাকির বুলি আমি আশাবাদী। বিগত প্ৰায় দুবছৰত ক'ভিডৰ বাবে সমগ্ৰ দেশৰ চলচ্চিত্ৰ উদ্যোগটোত ব্যাপক ক্ষতিসাধন কৰিছে। লাহে লাহে ভাল দিন আহিব। আমি সাৱধানতাৰে আগবাঢ়িব লাগিব। আমি কাম কৰি থাকিলেহে মনটো ভালে থাকিব। কুলদা কুমাৰ ভট্টাচাৰ্যই সুন্দৰ বিষয়কলৈ কাম কৰে। 'ক্ষণচৰ'ক সকলোৱে আদৰি ল'ব বুলি আশা প্ৰকাশ কৰিলোঁ।' অনুষ্ঠানত বিশিষ্ট অভিনেতা কুলদা কুমাৰ ভট্টাচাৰ্যই কয় ' চলচ্চিত্ৰখনৰ বাবে পৰিচালকে যথেষ্ট কষ্ট কৰিছে। এইখন অভিনৱ চলচ্চিত্ৰ। চলচিত্ৰ খনৰ যথেষ্ট কষ্ট হৈছে যদিও কাম কৰি ভাল লাগিছে। চলচ্চিত্ৰ খন দৰ্শকে আদৰি ল'ব বুলি আশা প্ৰকাশ কৰিলোঁ।' অনুষ্ঠানত অভিনেতা প্ৰসেনজিৎ বৰাই চলচ্চিত্ৰখনৰ সৈতে জড়িত কলা কুশলী সকলক অভিনন্দন জনায়। লগতে চলচ্চিত্ৰখনে যাতে ছবিগৃহত দৰ্শকৰ মৰম লাভ কৰে তাৰে আশা প্ৰকাশ কৰে। অনুষ্ঠানত চলচ্চিত্ৰখনৰ পৰিচালক, প্ৰয়োজক, চিত্ৰনাট্য-কাহিনী-সম্পাদনা কৰা সৌৰভ বৈশ্য (ৰাজা) ই চলচ্চিত্ৰ খনৰ চমু আভাষ দাঙি ধৰে লগতে চলিত বছৰৰ ১৪ নৱেম্বৰত চলচিত্ৰখনে মুক্তি লাভ কৰিব বুলি কয়। অনুষ্ঠানত চলচ্চিত্ৰ খনৰ সংগীত পৰিচালক সৌৰভ মহন্তই চমু বক্তব্য আগবঢ়ায়। চলচ্চিত্ৰ খনৰ মুখ্য সহকাৰী পৰিচালনা কৌশিক নাথৰ, বিজিত চাংমাইৰ, চাউণ্ড ডিজাইন দেৱজিৎ গায়নৰ। ফ্ৰেম ইন ষ্টুডিঅ' বেনাৰত নিৰ্মাণ চলচ্চিত্ৰ খনত কুলদা কুমাৰ ভট্টাচাৰ্য, লয়ান ৰঞ্জন, হিমাংশু গগৈ, কৌশিক নাথ, ইন্দ্ৰজিৎ কোঁৱৰ আদিয়ে অভিনয় কৰিছে।
No comments:
Post a Comment