৬৭ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ চলচ্চিত্ৰলৈ সন্মান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 25 October 2021

৬৭ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ চলচ্চিত্ৰলৈ সন্মান

 


'ৰণুৱা'ই লাভ কৰিলে 'ৰজত কমল বঁটা


মিচিং ছবি 'অনুৰোৱাদ'লৈও ৰজত কমল সন্মান 


 দুটাকৈ বঁটা লাভ  খাছী চলচ্চিত্ৰ ‘ইউদুহ’- ৰ



W7s News নিউজ ডেস্ক:  অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ চলচ্চিত্ৰ জগতলৈ সুখবৰ আহিছে। 

৬৭ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত

অসমীয়া চলচ্চিত্ৰ 'ৰণুৱা’ই ৰজত কমল বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।

 চলচিত্ৰ খনৰ পৰিচালক চন্দ্ৰ মুদৈ আৰু প্ৰযোজক সুনীল দত্তই দিল্লীৰ বিজ্ঞান ভৱনত গ্ৰহণ কৰিলে এই বঁটা। উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে প্ৰদান কৰিলে এই বঁটা। আনহাতে মিচিং ছবি 'অনুৰোৱাদ'লৈও ৰজত কমল সন্মান আগবঢ়োৱা হৈছে। ইফালে ড০ সঞ্জীৱ নাৰায়ণৰ মনপা ভাষাৰ ছবি ‘ৱাটাৰ বাৰিয়েল'এ পৰিৱেশ বিষয়ক শ্রেষ্ঠ ছবি আৰু জুৰীৰ বিশেষ বঁটা 'জোনাকী পৰুৱা’ই লাভ কৰিছে। ইফালে

খাছী ছবি ‘ইউদুহ’-এ  সোমবাৰে অনুষ্ঠিত ৬৭ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত দুটাকৈ বঁটা গ্ৰহণ কৰে । ছবিখনে 'শ্ৰেষ্ঠ খাছী ছবি' আৰু 'শ্ৰেষ্ঠ ছাউণ্ড ৰেকৰ্ডিং' বঁটা লাভ কৰে । এই শাখাত শ্ৰেষ্ঠতাৰ বঁটা লাভ কৰা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন ছবি হিচাপে পৰিগণিত হৈছে ইউদুহ ।

'ইউদুহ' নিৰ্মাণ কৰিছে ৰাষ্ট্ৰীয় বঁটা বিজয়ী ছবি নিৰ্মাতা  শংকৰ লাল গোৱেংকাই, যিয়ে পূৰ্বে অসমীয়া আৰু বড়ো ভাষাত কেইবাখনো বঁটা বিজয়ী ছবি প্ৰযোজনা কৰিছে । ৬৭ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত তেওঁ 'শ্ৰেষ্ঠ খাছী ছবি’ ৰ বঁটা আৰু লোকেচন ছাউণ্ড ৰেকৰ্ডিষ্ট  দেৱজিৎ গায়নে গ্ৰহণ কৰে 'শ্ৰেষ্ঠ ছাউণ্ড ৰেকৰ্ডিং' ৰ বঁটা ।  সোমবাৰে নতুন দিল্লীত অনুষ্ঠিত  এই অনুষ্ঠানত উপস্থিত থাকে ভাৰতৰ সন্মানীয় উপ ৰাষ্ট্ৰপতি এম Iভেংকয়া নাইডু ।

এই সন্দৰ্ভত 'ইউদুহ' ৰ প্ৰযোজক শংকৰ লাল গোৱেংকাই কয়: “এয়া হৈছে ছবিখনৰ দ্বাৰা অৰ্জন কৰা এক বিৰল কৃতিত্ব । তদুপৰি এয়া খাছী ছবিৰ বাবে এক গুৰুত্বপূৰ্ণ স্বীকৃতি । এই কাম সম্ভৱ কৰি তোলাৰ ক্ষেত্ৰত ছবিখনৰ সৈতে জড়িত সকলো লোকলৈ মই মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো ।“

“ইউদুহে শ্ৰেষ্ঠ ছাউণ্ড ৰেকৰ্ডিঙৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰাটো সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে এক গৌৰৱৰ কথা, কিয়নো এই পৰ্যায়লৈ যোৱা এই খাছী ছবিখনেই হৈছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন ছবি ।“ তেওঁ লগতে কয় ।

 বৰাবজাৰ নামেৰেও জনাজাত ‘ইউদুহ’ হৈছে শ্বিলঙৰ অন্যতম পুৰণি আৰু বৃহৎ বজাৰ । এই বজাৰখনৰ সৈতে জড়িত লোকসকলৰ দৈনন্দিন জীৱন যাত্ৰা প্ৰতিফলিত কৰা হৈছে এই ছবিখনত ।

শিৱম বেনাৰৰ অধীনত নিৰ্মাণ কৰা এই ছবিখন ২০১৯ ৰ অক্টোবৰত জিঅ' মামি মুম্বাই ফিল্ম ফেষ্টিভেল প্ৰিমিয়াৰ কৰা হৈছিল । ‘ইউদুহ’ ক লগতে গোৱাত অনুষ্ঠিত ইন্টাৰনেচনেল ফিল্ম ফেষ্টিভেল অব ইণ্ডিয়াত ইণ্ডিয়ান পেনোৰামাতো নিৰ্বাচন কৰা হৈছিল ।

প্ৰদীপ কুৰবাহে পৰিচালনা কৰা ‘ইউদুহ’-এ ২০১৯ ত পুণে ইন্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত 'এম আই টি-এছ এফ টি হিউমেন স্পিৰিট এৱাৰ্ড' আৰু ২০২০ ত মানিলাত এছিয়ান চিনেমেটোগ্ৰাফী বঁটা লাভ কৰিছিল ।এই ছবিখন উত্তৰ পূৰ্বাঞ্চলৰ লগতে দিল্লী, মুম্বাই, পুণে, বেংগালুৰু আৰু কলকাতাৰ দৰে দেশৰ অন্যান্য প্ৰান্তত ২০১৯ ৰ নৱেম্বৰত বাণিজ্যিকভাৱে মুকলি কৰা হৈছিল ।২০১৯ ত ‘ইউদুহ’ -এ দক্ষিণ কোৰিয়াত ২৪ সংখ্যক বুছান ইন্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত (BIFF) সন্মানীয় 'কিম জি-ছিঅ'ক এৱাৰ্ড' লাভ কৰিবলৈ সক্ষম হৈছিল । এই বুছান ইন্টাৰনেচনেল ফিল্ম ফেষ্টিভেলতে ৱৰ্ল্ড প্ৰিমিয়াৰ হৈছিল ‘ইউদুহ’ ৰ ।এই খাছী ছবিখন দক্ষিণ কোৰিয়াৰ নটা অগ্ৰণী অভাৰ-দা-টপ (অ' টি টি) প্লেটফৰ্মত মুক্তি দিয়া হৈছিল । এই পৰ্যন্ত মাত্ৰ কেইখনমান ভাৰতীয় ছবিয়েহে এই কৃতিত্ব অৰ্জন কৰিছে । ‘ইউদুহ’ মুক্তি দিয়া হৈছে কেইবাটাও ডিজিটেল প্লেটফৰ্মত। উল্লেখ্য,বঁটা প্ৰদান অনুষ্ঠানত সৰ্বোচ্চ সন্মানেৰে উজলিল ৰজনীকান্ত, মনোজ বাজপেয়ী, ধনুষ, কংগনা ৰাণাৱট। শ্ৰেষ্ঠ ছবিৰ স্বৰ্ণ কমল সন্মান মালায়ালম ভাষাৰ ছবি 'মাৰাক্কাড়ঃ লায়ন অফ দ্য আৰৱীয়ান চি'লৈ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here