প্রবোধ চন্দ্র শর্মা মেমোৰিয়েল ট্রাস্টৰ উদ্যোগত গ্ৰন্থ উন্মোচন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 26 October 2021

প্রবোধ চন্দ্র শর্মা মেমোৰিয়েল ট্রাস্টৰ উদ্যোগত গ্ৰন্থ উন্মোচন

 



প্ৰবোধ চন্দ্ৰ শৰ্মাৰ তত্ত্বমূলক গ্ৰন্থ 'মহাপুৰুষ শংকৰদেৱৰ দৰ্শন : এক নব্য চিন্তন' 

উন্মোচন



W7s News ষ্টাফৰিপোৰ্টাৰ: 'প্রবোধ চন্দ্র শর্মাৰ নিবান্ধবোৰে আমাৰ ধ্যান ধাৰণা গঢ়ি উঠাত বহুখিনি সহায় কৰিছিল। তেওঁ অত্যন্ত স্পষ্ট আৰু দৃঢ় আছিল। তেওঁৰ সুগভীৰ অধ্যয়ণ আৰু বৌদ্ধিক পটভূমিৰ ভিত্তিত প্ৰতিটো কথাই কৈছিল। তেওঁ অসমৰ বাৰেৰহনীয়া সভ্যতা, সংস্কৃতিৰ মাজত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভূমিকা আৰু অৱদান সম্পৰ্কে অত্যন্ত স্পষ্টভাৱে মত ব্যক্ত কৰিছিল-এইদৰে কয় বিশিষ্ট সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডাঃ ধ্ৰুৱজ্যোতি বৰাই। মঙলবাৰে

গুৱাহাটীৰ হোটেল লেণ্ডমাৰ্কৰ প্ৰেক্ষাগৃহত 

অসমৰ এগৰাকী দক্ষ অভিযন্তা, সংগীতজ্ঞ, গীতিকাৰ, চিন্তাবিদ প্রয়াত প্ৰবোধ চন্দ্ৰ শৰ্মাৰ ৰচিত এলানি তত্ত্বগধুৰ নিবন্ধৰ সংকলন 'মহাপুৰুষ শংকৰদেৱৰ দৰ্শন : এক নব্য চিন্তন' নামৰ গ্ৰন্থখনি  এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত উন্মোচন কৰি তেওঁ লগতে কয় ' মহাপুৰুষজনাৰ দৰ্শনক এক ব্যতিক্রমী দৃষ্টিভংগীৰে বিশ্লেষণ কৰি প্ৰয়াত শৰ্মাই চৈতন্য কাশ্যপ’ ছদ্মনামেৰে ৰচনা কৰা এলানি প্রবন্ধ ইতিপূর্বে বিভিন্ন কাকত, আলোচনীত প্রকাশ পাইছিল। সেইসমূহ নির্বাচিত প্রবন্ধ একত্ৰ কৰি প্ৰকাশিকা বীণু শৰ্মাই প্ৰকাশ কৰি উলিওৱা এই গ্ৰন্থখনে মহাপুৰুষজনাৰ তথা বৈষ্ণৱ মতবাদৰ এক নতুন দিশৰ সন্ধান দিব। শংকৰদেৱ আৰু মাধৱদেৱ সম্পৰ্কে আধুনিক বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা আলোচনা হোৱা নাই। এই গ্ৰন্থখন লেখকৰ দাৰ্শনিক, ঐতিহাসিক, ব্যৱহাৰিক দিশতো সমানেই গুৰুত্বপূৰ্ণ গ্ৰন্থ। দৰ্শনৰ সদায় এটা ব্যৱহাৰিক ভূমিকা থাকে। এই গ্ৰন্থখন পাঠক সমাজে আদৰি ল'ব বুলি আশা কৰিলোঁ।' সভাত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি শিক্ষাবিদ ড° দয়ানন্দ পাঠকে নিজৰ ভাষণত কয় 'এই গ্রন্থখনে মহাপুৰুষজনাৰ প্ৰতি এক নতুন চিন্তন-মনন জাগ্রত কৰিব।' সভাৰ আৰম্ভণিতে প্ৰবোধ চন্দ্ৰ শৰ্মাৰ প্রকাশিত গ্ৰন্থখনৰ ওপৰত এক চমু আলোকপাত কৰি আদৰণি ভাষণ দিয়ে বিশিষ্ট চিন্তাবিদ, লেখক, সমাজকর্মী সুবোধ শৰ্মাই। উল্লেখ্য, প্রয়াত প্ৰবোধ চন্দ্ৰ শৰ্মাৰ ৯০ সংখ্যক জন্মদিন উপলক্ষে গ্ৰন্থখন প্ৰকাশ কৰা হৈছিল। ২০১৫ চনত দেহাৱসান হোৱা এইগৰাকী বিশিষ্ট চিন্তাবিদৰ জন্মদিন প্ৰতি বছৰে পালন কৰাৰ লগতে পৰিয়ালৰ ফালৰ পৰা তেওঁৰ ৰচিত আৰু প্রকাশিত ৰচনাসমূহ গ্ৰন্থ আকাৰে প্ৰকাশ কৰি অহা হৈছে। চিন্তাবিদজনৰ ৰচনাৰ সংকলন 'বুদ্ধিজীৱী আৰু সামাজিক দায়বদ্ধতা’ আৰু গীতৰ সংকলন 'জ্বলন্ত নীহাৰিকা পুঞ্জ' নামৰ পুথিখন ইতিপূর্বে প্রকাশ কৰিছিল পৰিয়ালবৰ্গই। এই গাম্ভীর্যপূৰ্ণ অনুষ্ঠান আৰম্ভ কৰা হয় মহাপুৰুষ শ্রীশ্রীমাধৱদেৱ বিৰচিত এটি বৰগীতেৰে। বৰগীতটি পৰিৱেশন কৰে সুকন্যা শৰ্মাই। প্রয়াত চিন্তাবিদগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত নিমন্ত্রিত অতিথিসকলৰ লগতে প্ৰয়াত শৰ্মাৰ পত্নী বিনু শৰ্মাই বস্তি প্ৰজ্জ্বলন কৰে। এই গ্ৰন্থ উন্মোচনী সভাখনত উপস্থিত থাকে বিশিষ্ট চিত্রশিল্পী ননী বৰপূজাৰী, চম্পক বৰবৰা, বিশিষ্ট গায়ক সদানন্দ গগৈ, জ্যেষ্ঠ সাংবাদিক মনোৰম গগৈ, গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি মনোজ নাথ, জ্যেষ্ঠ সমালোচক প্ৰণৱ কুমাৰ শৰ্মাৰ লগতে বহুসংখ্যক গুণী-মানি ব্যক্তি। সভাখন আঁত ধৰে মনমৰমী মহন্তই।সভাত প্ৰয়াত শৰ্মাই ৰচনা কৰা এটা গীত তেওঁৰ  নাতি নিগম শৰ্মাই পৰিবেশন কৰে। সভাৰ শেষত শলাগৰ শৰাই প্ৰয়াত শর্মাৰ পুত্র ত্রিদিব শৰ্মাই আগবঢ়ায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here