W7s News নিউজ ডেস্ক : প্ৰখ্যাত ইতিহাসবিদ, ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ প্ৰাক্তন সঞ্চালক, বিশিষ্ট লেখক ড০ ৰবীন দেৱ চৌধুৰীৰ সোমবাৰে চিকিৎসাধীন অৱস্থাত গুৱাহাটীৰ হায়াত হাস্পতালত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮০ বছৰ। তেওঁ দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল। বৰপেটা জিলাৰ পাটাছাৰকুচিত ১৯৪১ চনৰ ২৩ ছেপ্টেম্বৰত জন্ম গ্ৰহণ কৰা ড০ ৰবীন দেৱ চৌধুৰীয়ে নিজৰ কৰ্মৰাজিৰ বাবে বহু বঁটা, সন্মানেৰে বিভূষিত হৈছিল। তেওঁ ১৯৯৮ চনৰ ২১ ডিচেম্বৰত নতুন দিল্লীস্থ ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ অতি সন্মানীয় সঞ্চালক প্ৰধান পদত যোগদান কৰি ২০০৪ চনৰ ৩০ এপ্ৰিলত অৱসৰ গ্ৰহণ কৰে। মৃত্যুৰ সময়ত তেওঁ একমাত্ৰ পুত্ৰ, কন্যা, বোৱাৰী, জোঁৱাই, দুটা নাতি নাতিনী,আত্মীয় স্বজনক এৰি যায়। মঙলবাৰে বিয়লিৰ ভাগত নৱগ্ৰহ শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ'ব। তেওঁৰ মৃত্যুত বৌদ্ধিক মহলত শোকৰ ছাঁ পৰে।
No comments:
Post a Comment