গৰুখুঁটি-ধলপুৰপুৰৰ উচ্ছেদিত ছাত্ৰ ছাত্ৰীৰ সৈতে সাক্ষাৎ এছ এফ আইৰ প্ৰতিনিধি দলৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 2 October 2021

গৰুখুঁটি-ধলপুৰপুৰৰ উচ্ছেদিত ছাত্ৰ ছাত্ৰীৰ সৈতে সাক্ষাৎ এছ এফ আইৰ প্ৰতিনিধি দলৰ

 





W7s News ষ্টাফৰিপোৰ্টাৰ : ভাৰতৰ ছাত্ৰ ফেডাৰেচনৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক ময়ুখ বিশ্বাস সহ অসম ৰাজ্যিক কমিটিৰ এটি প্ৰতিনিধি দলে কালি যোৱা ২০ আৰু ২৩ ছেপ্টেম্বৰ তাৰিখে উচ্ছেদিত হোৱা গৰুখুঁটি-ধলপুৰবাসী ৰাইজৰ মাজতে থকা ছাত্ৰ ছাত্ৰীসকলৰ সৈতে সাক্ষাৎ কৰি তেওঁলোকৰ সমস্যাসমূহৰ বুজ লয়। 

উল্লেখ্য যে দুদিন ধৰি হোৱা সেই অঞ্চলৰ উচ্ছেদত প্ৰায় এহেজাৰটা পৰিয়াল গৃহহাৰা হয়। এই পৰিয়াল সমূহৰ প্ৰায় সকলোৰে ঘৰত নূন্যতম এজনকৈ ছাত্ৰ বা ছাত্ৰী আছিল । ১২ ঘণ্টাতকেও কম সময়ৰ জাননীৰে উচ্ছেদ কৰা সেই ঠাইৰ ছাত্ৰ ছাত্ৰীসকলে আন প্ৰায়বোৰ বয়-বস্তুৰ লগতে শিক্ষা লাভৰ বাবে প্ৰয়োজন কিতাপ পত্ৰও ঘৰতেই এৰি গুচি আহিবলগীয়া হোৱাত এতিয়া বিবুদ্ধিত পৰা দেখা গৈছে। সেই অঞ্চলৰ বেছিভাগ শিক্ষাৰ্থীয়ে ওচৰৰে উচ্চ তথা উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহৰ শিক্ষাৰ্থী। ছাত্ৰ ছাত্ৰীসকলক সাক্ষাৎ কৰি এই কথা বুজিব পৰা গৈছে যে তেঁওলোকে যোৱা কিছু মাহৰ পৰা এনেও শিক্ষা লাভ কৰিব পৰা নাছিল যিহেতু সকলো বিদ্যালয় বন্ধ কৰি থোৱা হৈছিল। অনলাইন যোগে কিছু বিদ্যালয়ৰ  শিক্ষকে পাঠদান কৰি আছিল যদিও এটি উন্নত মোবাইল ফোনৰ অভাৱ আৰু ইণ্টাৰনেটৰ অভাৱত শিক্ষা লাভৰ পৰা বঞ্চিত হৈ আছিল। পুনৰ শ্ৰেণী কোঠাত পাঠদান আৰম্ভ হ'ব বুলি কৰা শিক্ষা মন্ত্ৰীৰ ঘোষণাৰ পিছত তেওঁলোকে পুনৰ বিদ্যালয়লৈ যাবলৈ যো-জাঁ কৰি থাকোতেই প্ৰশাসনে আহি সেই ঠাই উচ্ছেদ কৰি পুনৰ বিদ্যালয় ঘূৰি যোৱাৰ ছাত্ৰ ছাত্ৰীসকলৰ আশাত চেঁচাপানী ঢালে। এই উচ্ছেদত যদিও এখনো বিদ্যালয় ভাঙি দিয়া হোৱা নাই, পিছে বিদ্যালয়ৰ চৌদিশে উচ্ছেদৰ পিছদিনাই খেতিৰ বাবে মাটি চহাই দিছে যাৰ ফলত সেই বিদ্যালয়ত গৈ শিক্ষা লাভ কৰিব নোৱাৰাটো একপ্ৰকাৰ নিশ্চিত হৈছে। ইয়াৰে লগতে উচ্ছেদত ছাত্ৰ ছাত্ৰীৰ কিতাপ-বহীৰ লগতে স্কুলৰ ইউনিফৰ্ম আদিও তেওঁলোকৰ পুৰণা ঘৰত থাকি গৈছে যি ঘূৰাই পোৱা আৰু সম্ভৱ নহয়। এয়াতকেও দুখজনক কথা এয়ে যে ছাত্ৰ ছাত্ৰী সকলে আগতে যি ননৈ নদীৰ পাৰঘাটেৰে স্কুললৈ গৈছিল এতিয়া সেই পাৰঘাট প্ৰশাসনে বন্ধ কৰি সেইঠাইৰে কাকো পাৰ হবলৈ দিয়া নাই। অহা ১৯ অক্টোবৰ তাৰিখৰ পৰা হবলগীয়া শ্রেণীকোঠাৰ পাঠদানত ছাত্ৰ ছাত্ৰী সকলে আৰু অতিৰিক্ত ৬ কিঃমিঃ মান খোজ কাঢ়ি দুখনকৈ নৈ পাৰ হৈ বিদ্যালয়লৈ যাব লাগিব যিটো প্ৰায় অসম্ভৱ।ইতিমধ্যে যিসমূহ শ্ৰেণীৰ পাঠদান আৰম্ভ হৈছে, তাত ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকিব পৰা নাই। ছাত্ৰ-ছাত্ৰীসকল এই কথাৰে বুজিব পৰা যায় যে চৰকাৰ প্ৰশাসনে সেই ঠাইৰ ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ পৰা বঞ্চিত কৰিবলৈ পাৰ্যমানে চেষ্টা কৰিছে। ইয়াৰোপৰি এছ এফ আইৰ নেত্ৰী সংগীতা দাসে ছাত্ৰীসকলৰ লগত পৃথককৈ আলোচনা কৰি তেওঁলোকৰ সমস্যাৰ বুজ লয়। ছাত্ৰীসকলে কয় যে বহুতৰ এতিয়া ঋতুস্ৰাৱৰ সময় আৰু এই সময়ত যি স্বাস্থ‍্যবিধি মানি তেওঁলোকে চেনিটেৰী পেড আগতে ব্যৱহাৰ কৰিছিল, এতিয়া সেইবোৰ একো নাই। ইয়াৰ ফলত বহু ছাত্ৰী তথা সেই অঞ্চলৰ মহিলা বেমাৰত পৰাটো স্বাভাৱিক। ইয়াৰে লগতে তেওঁলোকে কয় যে সেই ঠাইত এতিয়া কোনো প্ৰসাৱাগাৰ বা শৌচাগাৰৰ ব্যৱস্থা নাই। ইয়াৰে ফলত তেওঁলোকে এতিয়া শৌচ কৰিবলৈ ৰাতিৰ আন্ধাৰলৈ বাট চাবলগীয়া হয়। ই অতিকৈ দুৰ্ভাগ্যজনক। 

ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় সামৰি এছ এফ আইৰ প্ৰতিনিধি দলটোৱে পুলিচৰ গুলীত নিহত হোৱা ছাত্ৰ শ্বেখ ফৰিদৰ ঘৰত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালটিক সমবেদনা জ্ঞাপন কৰে। 

 এই সাক্ষাতত সংগঠনৰ নেতৃত্বই সেই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক আশ্বাস দিয়ে যে তেওঁলোকৰ সকলো সমস্যাৰ কথা এছ এফ আয়ে চৰকাৰৰ আগত বলিষ্ঠভাবে দাঙি ধৰিব আৰু প্ৰয়োজনত ৰাজ্যব্যাপী আন্দোলন কৰিব। তাতে থকা শিশুসকলৰ পুতৌজনক অৱস্থা ৰাষ্ট্রীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ সমুখত দাঙি ধৰি যাতে কোনো শিশু,ছাত্ৰ-ছাত্ৰী নিজৰ অধিকাৰৰ  পৰা বঞ্চিত নহয়, তাক নিশ্চিত কৰিব। এছ এফ আইৰ এই প্ৰতিনিধি দলত সৰ্বসভাৰতীয় সাধাৰণ সম্পাদক ময়ুখ বিশ্বাসৰ উপৰি উপস্থিত আছিল অসম ৰাজ্যিক কমিটিৰ সম্পাদক নিৰঙ্কুশ নাথ, কেন্দ্ৰীয় সম্পাদকমণ্ডলীৰ সদস্য সংগীতা দাস, অসম ৰাজ্যিক কমিটিৰ সদস্য ক্ৰমে চামনান মাঝাৰভূঞা আৰু সুস্মিত ইছফাক আৰু কামৰূপ (মহানগৰ) জিলাৰ সম্পাদকমণ্ডলীৰ সদস্য মাধুৰ্য ভূঞা।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here