জি এম চিত তোষপ্ৰভা কলিতাৰ দেহদান সম্পন্ন* - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 2 October 2021

জি এম চিত তোষপ্ৰভা কলিতাৰ দেহদান সম্পন্ন*

 *




W7s News ষ্টাফৰিপোৰ্টাৰ : সাহিত্য অকাডেমি বঁটাপ্ৰাপ্ত মানৱতাবাদী আৰু প্ৰগতিশীল লেখিকা তোষপ্ৰভা কলিতাৰ শেষ ইচ্ছা অনুসৰি শনিবাৰে ২ অক্টোবৰত তেওঁৰ মৰণোত্তৰ দেহ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত  সুকলমে সম্পন্ন হয়। এই ক্ষেত্ৰত প্ৰয়াত লেখিকা গৰাকীৰ পৰিয়ালৰ উপৰি ইলোৰা বিজ্ঞান মঞ্চৰ উদ্যোগ আৰু জি এম চি কৰ্তৃপক্ষৰ সহযোগিতা আছিল প্ৰশংসনীয়। উল্লেখ্য যে শুকুৰবাৰে আবেলি মৃত্যুৰ পাছতে দৃষ্টিহীনক দৃষ্টিদানৰ উদ্দেশ্যে তোষপ্ৰভা কলিতাৰ চকুৰ কৰ্নিয়া গুৱাহাটীৰ শংকৰদেৱ নেত্ৰালয়ৰ চিকিৎসকে সংগ্ৰহ কৰি নিয়ে।  

আজি দিনৰ ১০.৩০ বজাত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ হৈ তোষপ্ৰভা কলিতাৰ মৰণোত্তৰ দেহ শ্ৰদ্ধা আৰু মৰ্যাদা সহকাৰে গ্ৰহণ কৰে মহাবিদ্যালয় খনৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্যই আৰু অনুষ্ঠানত উপস্থিত থাকে উপাধ্যক্ষ তথা এনাটমী বিভাগৰ মুৰব্বী ডাঃ জয়দেৱ শৰ্মা, হাস্পতালৰ উপ-অধীক্ষক ডাঃ উজ্জ্বল কুমাৰ শৰ্মা, আন কেইবাগৰাকীও চিকিৎসক আৰু হাস্পতালৰ বিষয়া-কৰ্মচাৰী। আনহাতে পৰিয়ালৰ হৈ বৰপুত্র তথা কটন বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ঋতুৰাজ কলিতা, কনিষ্ঠ পুত্ৰ পৰজ কলিতা, জীয়ৰী পূৰবী কলিতা শইকীয়া আৰু জোঁৱাই বিপুলজ্যোতি শইকীয়া সহ  আত্মীয়-স্বজন উপস্থিত থাকি তোষপ্ৰভা কলিতাৰ দেহ আনুষ্ঠানিকভাৱে অৰ্পণ কৰে। লেখিকা গৰাকীৰ ভালেসংখ্যক গুণমুগ্ধ লোক উপস্থিত থকা অনুষ্ঠানটোত ইলোৰা বিজ্ঞান মঞ্চৰ বহু কেইজন কৰ্মকৰ্তা- সভ্য-সমৰ্থকে অংশগ্ৰহণ কৰি বিজ্ঞানমনস্ক আৰু মানৱহিতৈষী মহিলা গৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। 


চি পি আই (এম) দলৰ হৈ পাৰ্টিৰ কেন্দ্রীয় কমিটিৰ সদস্য সুপ্ৰকাশ তালুকদাৰ, নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ হৈ ৰাজ্যিক সম্পাদিকা  নিয়তি বৰ্মন, সাহিত্যিক-শিক্ষাবিদ ডঃ পৰমানন্দ মজুমদাৰ, নাট্য আৰু চলচ্চিত্ৰ পৰিচালক এহচান মজিদ (ৰাজু), চলচ্চিত্ৰ শিল্পী অৰ্চনা ভট্টাচাৰ্য আৰু সাহিত্য সমালোচক অৰিন্দম বৰকটকী  প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল  অনুষ্ঠানত উপস্থিত থাকি পুষ্পমাল্য তৰ্পণ কৰে আৰু মহীয়সী নাৰীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। অনুষ্ঠান পৰিচালনা কৰে বিজ্ঞান  মঞ্চৰ প্ৰণৱজ্যোতি ডেকা আৰু ইচফাকুৰ ৰহমানে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here