গুৱাহাটীত ড্ৰাই ফ্ৰুইটছৰ অত্যাধুনিক বিপনী 'নাত বাগান' মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 31 October 2021

গুৱাহাটীত ড্ৰাই ফ্ৰুইটছৰ অত্যাধুনিক বিপনী 'নাত বাগান' মুকলি

 




W7s News ষ্টাফৰিপোৰ্টাৰ :  উত্তৰ- পূৰ্বাঞ্চলৰ দুৱাৰমুখ  গুৱাহাটী মহানগৰীৰ দেওবাৰে এখন 

অত্যাধুনিক ড্ৰাই ফ্ৰুইটছৰ বিপনী 'নাত বাগান' 

(NUT BAGAAN) মুকলি কৰা হয়। গুৱাহাটীৰ জি এছ ৰোডৰ ভঙাগড়ত এই বিপনীখন মুকলি কৰি উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে কয় 'এই বিপনীখনে উত্তৰ পূৰ্বাঞ্চল, গুৱাহাটী তথা গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী এলেকাৰ লোকক স্বাস্থ্য সন্মত আৰু সুস্বাদু ড্ৰাই ফ্ৰুইটছ যোগান ধৰিব পাৰিব।গুৱাহাটী মহানগৰীত এনে এখন বিপণীৰ প্ৰয়োজন আছিল। এতিয়াৰ পৰা আমাৰ অভাৱ দূৰ হ'ল আৰু আমি দেশ, বিদেশৰ ড্ৰাই ফ্ৰুইটছৰ জুতি এতিয়াৰ পৰা গুৱাহাটী মহানগৰীতে ল'ব পাৰিম। আমি ফুড প্রচেছিংত অধিক গুৰুত্ব দিছোঁ। স্থানীয় উদ্যোগী সকলে এই কামত আগবাঢ়িছে। এনে ধৰণৰ কাম কাজে আন আন উদ্যোগী সকলক অনুপ্ৰেৰিত কৰিব।' এনে এখন অত্যাধুনিক বিপনী মুকলি কৰা বাবে মন্ত্ৰী পাটোৱাৰীয়ে উদ্যোক্তা সকলৰ শলাগ লয়।এই বিপণীত বিভিন্ন ড্ৰাই ফ্ৰুইটছ, চকলেট, সুস্বাদু মছলা, বিদেশত উপলব্ধ বিভিন্ন ড্ৰাই ফ্ৰুইটছ, তুৰ্কীছ চুইটছ আদি উপলব্ধ হৈছে। এই বিপণীত গ্ৰাহকসকলে নিজৰ পছন্দ অনুযায়ী প্ৰয়োজনীয় ড্ৰাই ফ্ৰুইটছ, চকলেট, বিস্কুট, দেশ বিদেশৰ লাইভ ষ্ট্ৰাইলৰ বিভিন্ন প্ৰডাক্ত আদি ক্ৰয় কৰিব পাৰিব। এই সম্পৰ্কে বিপিনীখনৰ অংশিদাৰঅভিষেশ শৰ্মাই কয় ' আমাৰ এই বিপণীখন স্বাস্থ্য সন্মত আৰু উন্নত মানৰ ড্ৰাই ফ্ৰুইট উপলব্ধ হ'ব। লগতে পাৰ্কিং ৰ সু ব্যৱস্থা আছে যাতে গ্ৰাহক সকলে কোনো অসুবিধাৰ সন্মুখীন হ'ব লগীয়া নহয়। এই বিপনী খনত ৫০ টা কোম্পানীৰ সামগ্রী একেলগে  উত্তৰপূৰ্বাঞ্চলৰ ক্রেতাৰ বাবে  প্ৰথম বাৰৰ বাবে উপলব্ধ হৈছে।' বিপনী খনৰ আন এজন অংশীদাৰ দিক্ষান্ত শৰ্মাই কয় ' আমি গ্ৰাহকক উন্নত মানৰ আৰু স্বাস্থ্য সন্মত ড্ৰাই ফ্ৰুইছ, চকলেট আদি যোগান ধৰিবলৈ দায়বদ্ধ। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লোকে এতিয়াৰ পৰা দেশ বিদেশৰ উন্নত মানৰ ড্ৰাই ফ্ৰুইটছ, চকলেট আদিৰ জুতি ল'ব পাৰিব। এই সামগ্রী সমূহৰ মূল্য এনেভাৱে নিৰ্ধাৰণ কৰা হৈছে যাতে সকলো ধৰণৰ ক্রেতাই ক্ৰয় কৰিব পাৰে। আমি গ্ৰাহকৰ বিশেষ সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি অতি শীঘ্ৰে আমাৰ নতুন বিপনী অন্যান্য ৰাজধানী চহৰত মুকলি কৰিবলৈ সাজু হৈছো।'নাত বাগানৰ আন এজন অংশীদাৰ ৰজত ঝুনঝুনৱালাই এই অনুষ্ঠানত কয় ' গ্ৰাহক সকলে সমাগত পোহৰৰ উৎসৱ দীপাৱালীৰ সময়ত এই বিপনীত পোৱা বিভিন্ন সুস্বাদু সামগ্রী সমূহ আত্মীয় স্বজনক উপহাৰ হিচাপে দিব পাৰে। লগতে আমি পৰিস্কাৰ পৰিচন্নতাত অধিক গুৰুত্ব দিছোঁ। আনহাতে ক'ভিড-১৯ ৰ চৰকাৰী সকলো বিধি আমি মানি চলিছোঁ।' ২০০০ বৰ্গফুটৰ এই বিপণীখনৰ উদ্বোধনী অনুষ্ঠানত জগদীশ বাঞ্চাল,   ৰাজকুমাৰ শৰ্মা, দীনেশ শৰ্মা, হৰিৰাম আগৰৱালা আদি বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here