‘সংগ্রামী সত্তা- বিৰাজ কুমাৰ শৰ্মা’ শীর্ষক গ্ৰন্থ উন্মোচন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 31 October 2021

‘সংগ্রামী সত্তা- বিৰাজ কুমাৰ শৰ্মা’ শীর্ষক গ্ৰন্থ উন্মোচন




W7s News ষ্টাফৰিপোৰ্টাৰ: ঐতিহাসিক অসম চুক্তিৰ স্বাক্ষৰকাৰী, অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী, গণ সংগ্ৰাম পৰিষদৰ প্ৰতিষ্ঠাপক, অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক, অসম গণ পৰিষদৰ উপ-সভাপতি, পূৱ গুৱাহাটী বিধানসভা সমষ্টিৰ প্রাক্তন বিধায়ক তথা অসমৰ বিভিন্ন অনুষ্ঠান প্রতিষ্ঠানৰ লগত জড়িত প্রয়াত বিৰাজ কুমাৰ শৰ্মাৰ জীৱন আৰু কৰ্মৰাজিক লৈ সম্পাদনা সমিতিয়ে প্ৰকাশ কৰি উলিওৱা ‘সংগ্রামী সত্তা- বিৰাজ কুমাৰ শৰ্মা’ শীর্ষক গ্রন্থখন দেওবাৰে গুৱাহাটীৰ উজান বজাৰস্থিত বিবেকানন্দ কেন্দ্ৰ প্রেক্ষাগৃহত আনুষ্ঠানিকভাৱে উন্মোচন কৰে। বৰগীতেৰে আৰম্ভ হোৱা সভাখনত আদৰণি ভাষণ দিয়ে লেখক, সাংবাদিক অনুভৱ পৰাশৰে। বিশিষ্ট সমাজ কৰ্মী, বিৰাজ কুমাৰ শৰ্মাৰ অনুৰাগী  হেমেন লহকৰ সভাপতিত্ব অনুষ্ঠিত সভাখনত গ্ৰন্থখন উন্মোচন কৰে সাহিত্যাচাৰ্য ড. পৰাগ কুমাৰ ভট্টাচাৰ্যই। তেওঁ উন্মোচনী ভাষণত কয় 'বিৰাজ কুমাৰ শৰ্মা সংগ্ৰামী সত্বা আছিল। তেওঁৰ মানৱীয় গুণৰ অধিকাৰী হোৱাৰ লগতে নেতৃত্ব দিব পৰা ক্ষমতা, ত্যাগ, সাহস আদি গুণৰ অধিকাৰী আছিল। তেওঁৰ জীৱনৰ বহুতো দিশ আছে। তেওঁৰ দৃঢ়তা অত্যন্ত লেখত লবলগীয়া। বহুমুখী প্ৰতিভাৰ অধিকাৰী বিৰাজ কুমাৰ শৰ্মা সন্ত্ৰসবাদীৰ আক্ৰমণৰো লক্ষ্য হৈছিল।কালে তেওঁক অকালতে কাঢ়ি লৈ গ'ল।'

সভাত বিশিষ্ট অতিথি হিচাপে বিশিষ্ট লেখক

থানেশ্বৰ মালাকাৰ, প্ৰাক্তন মেয়ৰ কুশল শৰ্মা, 

সাংবাদিক শংকৰ গোহাঁই,


সমাজকৰ্মী কৈলাশ শৰ্মা,

প্ৰণৱ গোস্বামী  আদি বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আনহাতে সভাত পৰিয়ালৰ হৈ  দীপি শৰ্মা, ডাঃ প্ৰেৰণা শৰ্মা,আকৃতি শৰ্মা আদি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here