একশৰণ ভাগৱতী সমাজৰ মুখপত্ৰ ' বিশ্বজ্যোতি' উন্মোচন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 24 October 2021

একশৰণ ভাগৱতী সমাজৰ মুখপত্ৰ ' বিশ্বজ্যোতি' উন্মোচন

 




W7s News ষ্টাফৰিপোৰ্টাৰ: একশৰণ ভাগৱতী সমাজ

অসমৰ  মুখপত্র 'বিশ্বজ্যোতি দেওবাৰে গুৱাহাটীৰ লাচিতনগৰ ৰাজহুৱা নামঘৰত উন্মোচন হয়। এই উপলক্ষে পুৱা ১০ বজাত নামাচার্য  মদন দাসৰ পৰিচালনাত নাম-প্ৰসংগ হোৱৰ পাছত  কামৰূপ মহানগৰ জিলা একশৰণ ভাগৱতী সমাজে আয়োজন কৰা ৫৭৩ সংখ্যাক গুৰু আবির্ভার মহোৎসৱৰ সভাত সমাজৰ মুখপত্র তিনি মহীয়া বার্তালোচনী ' 'বিশ্বজ্যোতি' উন্মোচন কৰে একশৰণ ভাগৱতী সমাজৰ অধ্যক্ষ প্রতাপ চন্দ্র মোধিয়ে। তেওঁ উন্মোচনী ভাষণত কয় 'এই মুখপত্ৰখন মাহেকীয়া হিচাপত উলিওৱাৰ ব্যৱস্থা কৰিব লাগে। সাহিত্যৰ সৈতে জড়িত ব্যক্তি সকলক এই মুখপত্ৰখনত লিখাৰ প্ৰতি আগ্ৰহী কৰি তুলিব লাগিব। এই মুখপত্ৰখন উলিয়াই থাকিবলৈ উৎসাহী ব্যক্তিসকলক অনুপ্ৰেৰিত কৰিব লাগিব। হৰকান্ত হাজৰিকাই সভাৰ ব্যাখ্যা কৰে। সভাত  সমাজৰ প্রধান সচিব জীবন চন্দ্র দাসে নির্দিষ্ট বক্তাৰ ভাষণ আগবঢ়ায়। সভাখন আঁতধৰে একশৰণ ভাগবতী সমাজৰ প্রকাশন সমিতিৰ সম্পাদক ড০ সোনালী বৰা হাজৰিকাই।  সমাজৰ যুটীয়া সচিব মহেশ হাজৰিকাই সভাত সমজুৱাৰ একাষাৰ কয়। টুটুমণি কলিতাই সভাত উপস্থিত সকলোকে শলাগ আৰু ধন্যবাদ জ্ঞাপন কৰে। সভাত প্ৰকাশন উপ- সমিতিৰ সভাপতি লক্ষীজিৎ দাস, সৰস্বতী দাসৰ লগতে অন্যান্য আইমাতৃ, বাপসকল উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here