ঘৰে ঘৰে গৈ কৃতি ছাত্ৰ-ছাত্ৰীক আছুৱে জনাব অভিনন্দন, শিক্ষকক জনাব সম্বর্ধনা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 24 October 2021

ঘৰে ঘৰে গৈ কৃতি ছাত্ৰ-ছাত্ৰীক আছুৱে জনাব অভিনন্দন, শিক্ষকক জনাব সম্বর্ধনা

 




W7s News ষ্টাফৰিপোৰ্টাৰ: এই বছৰ অসমৰ হাইস্কুল, হাই মাদ্ৰাছা, উচ্চতৰ মাধ্যমিক স্তৰৰ শিক্ষান্ত

পৰীক্ষাৰ পৰিৱৰ্তে বিশেষ মূল্যায়ণ ব্যৱস্থাৰে উত্তীর্ণ হোৱা প্ৰথম ১০০ জন ছাত্র-ছাত্ৰীক ঘৰে ঘৰে গৈ

অভিনন্দন জনাবলৈ আৰু যিখন শিক্ষানুষ্ঠানৰ পৰা এই ছাত্ৰ-ছাত্ৰীসকলে উত্তীর্ণ হৈছে উক্ত শিক্ষানুষ্ঠানৰ

মুৰব্বীক শিক্ষানুষ্ঠানলৈ বা ঘৰলৈ গৈ সম্বৰ্ধনা জনাবলৈ সদৌ অসম ছাত্ৰ সন্থাই সিদ্ধান্ত গ্ৰহণ কৰিছে।

ক'ভিডৰ সকলো নিয়ম মানি প্রতিখন জিলা, মহকুমা, আঞ্চলিক ছাত্ৰ সন্থাই উক্ত জিলাৰ কেন্দ্ৰীয় সমিতিৰ

বিষয়ববীয়া, সদস্য সমন্বিতে এই কর্মসূচী ৰূপায়ণ কৰিব। ছাত্ৰ সন্থাৰ সভাপতি দীপাঙ্ক কুমাৰ নাথ, সাধাৰণণ সম্পাদক শঙ্কৰজ্যোতি বৰুৱা আৰু শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱাই এই কথা সদৰি কৰি কয়— 'প্ৰতিবছৰে শিক্ষান্ত পৰীক্ষাত বিশেষ স্থান লাভ

কৰা ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনাবলৈ আৰু উক্ত শিক্ষানুষ্ঠানৰ মূৰব্বীক সম্বৰ্ধনা জনাবলৈ গুৱাহাটীত

সদৌ অসম ছাত্ৰ সন্থাই কেন্দ্রীয়ভাবে বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰি আহিছে। এই বছৰ শিক্ষান্ত

পৰীক্ষা অনুষ্ঠিত কৰাৰ পৰিৱৰ্তে অসম চৰকাৰ আৰু অসম মাধ্যমিক শিক্ষা পৰিষদ, অসম উচ্চতৰ মাধ্যমিক

শিক্ষা সংসদে বিকল্প মূল্যায়ন ব্যৱস্থা গ্ৰহণ কৰি ফলাফল ঘোষণা কৰিলে। বিকল্প মূল্যায়ন ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে এই বছৰ বিশেষ স্থান প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা নহ'ল। ছাত্ৰ সন্থাইও এক বিশেষ পদ্ধতিৰে ছাত্ৰ-ছাত্ৰীক অভিনন্দন আৰু শিক্ষানুষ্ঠানৰ মূৰব্বীক সম্বৰ্ধনা জনাবলৈ পৰিকল্পনা হাতত লৈছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰিৱর্তে বিকল্প মূল্যায়ণ ব্যৱস্থাৰে উত্তীৰ্ণ হোৱা প্ৰথম ১০০ জন ছাত্র-ছাত্রীক, হাই মাদ্রাছা স্তৰত পূৰ্বৰ পৰীক্ষাৰ ফলাফলৰ লগত সংগতি ৰাখি এক সামানুপাতিক সংখ্যক ছাত্ৰ-ছাত্ৰীক আৰু উচ্চতৰ মাধ্যমিক স্তৰৰ বিজ্ঞান, কলা, বাণিজ্য তিনিওটা শাখাক সামৰি বিকল্প মূল্যায়ণ ব্যৱস্থাৰে উত্তীর্ণ হোৱা প্ৰথম মুঠ ১০০ জন ছাত্ৰ-ছাত্ৰীক ক'ভিডৰ নিয়ম পালন কৰি ঘৰে ঘৰে গৈ অভিনন্দন জ্ঞাপন কৰা হ'ব। ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰা শিক্ষানুষ্ঠানখনৰ মূৰব্বীক ঘৰত বা শিক্ষানুষ্ঠানখনত সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব। ছাত্ৰ সন্থাই এই বিষয়টোত সকলোৰে সহযোগিতা বিচাৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here