ছেহৱাগ মঞ্চত যোগদান কৰাৰ ১৫ দিনৰ ভিতৰত কু(Koo)ত ১০০,০০০ অনুসৰণকাৰী লাভ কৰে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 24 October 2021

ছেহৱাগ মঞ্চত যোগদান কৰাৰ ১৫ দিনৰ ভিতৰত কু(Koo)ত ১০০,০০০ অনুসৰণকাৰী লাভ কৰে

 


ক্ৰিকেটৰ বতৰত কু(Koo) এপে ১৫মিলিয়ন ডাউনলোড অতিক্ৰম কৰিছে!




W7s News নিউজ ডেস্ক : ক্ৰিকেটৰ কিংবদন্তী বীৰেন্দ্ৰ ছেহৱাগে কু(Koo) এপত 1লাখ অনুসৰণকাৰীৰ অতিক্ৰম কৰিছে - বহুভাষাৰ মাইক্ৰ'ব্লগিং মঞ্চত যোগদান কৰাৰ মাত্ৰ ১৫  দিনৰ ভিতৰত। ছেহৱাগৰ হাস্যৰসাত্মক, কৌতুকপূৰ্ণ প্ৰতিক্ৰিয়া আৰু তেওঁৰ হেণ্ডেল @VirenderSehwagৰ বিচিত্ৰ মন্তব্যই মেড-ইন-ইণ্ডিয়া মঞ্চত যথেষ্ট আকৰ্ষণ লাভ কৰিছে, যিয়ে ভাৰতীয়সকলক তেওঁলোকৰ মাতৃভাষাত নিজৰ সমলসমূহ প্ৰকাশ কৰিবলৈ ক্ষমতা প্ৰদান কৰে।


ভাৰতীয় ভাষাত আত্মপ্ৰকাশৰ বাবে এক মুকলি মঞ্চ হিচাপে, কু(Koo)য়ে শেহতীয়াকৈ ক্ৰিকেটৰ বতৰত প্ৰখ্যাত ক্ৰিকেটাৰ আৰু ভাষ্যকাৰসকলৰ প্ৰৱেশ, আৰু ডাউনলোডৰ সংখ্যা বৃদ্ধি হোৱা প্ৰত্যক্ষ কৰিছে। ক্ৰিকেটাৰকে ধৰি users(ব্যৱহাৰকাৰী) আৰু চেলিব্ৰিটিসকলে স্থানীয় ভাষাত কু(Koo) মঞ্চৰ বহু-ভাষাৰ সুবিধাবোৰ সক্ৰিয়ভাৱে ব্যৱহাৰ কৰি আছে, আৰু এনেদৰেই অধিক দৰ্শকৰ ওচৰলৈ গৈছে। এই গতিয়ে ডাউনলোড ত্বৰান্বিত কৰিছে, মাৰ্চ 2020ত মঞ্চ মুকলি হোৱাৰ ২০ মাহৰ  ভিতৰতই কু(Koo)য়ে এতিয়া ১.৫ কোটি (১৫ মিলিয়ন)  users(ব্যৱহাৰকাৰী) পঞ্জীয়ন কৰিছে। ১৫মিলিয়ন users(ব্যৱহাৰকাৰী)ৰ ভিতৰত, চলিত ক্ৰিকেট ঋতুত প্ৰায় 5মিলিয়ন users(ব্যৱহাৰকাৰী) য়ে মঞ্চত যোগদান কৰিছিল।


ক্ৰিকেটৰ প্ৰতি গতি আৰু প্ৰেম, আৰু চলি থকা টি-২০ বিশ্বকাপ শৃংখলাৰ ওপৰত নিৰ্ভৰ কৰি, মঞ্চখনে সমগ্ৰ দেশৰ পৰা অধিক গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে।  কু(Koo)ৱে টি-২০ বিশ্বকাপ ২০২১ৰ বাবে Users(ব্যৱহাৰকাৰী) আৰু সমল নিৰ্মাতাসকলৰ বাবে আকৰ্ষণীয় প্ৰচাৰ আৰু প্ৰতিযোগিতা সৃষ্টি কৰিছে যাতে বিভিন্ন ভাষাত এক নিমজ্জিত আৰু অতিস্থানীয় অভিজ্ঞতা প্ৰদান কৰিব পাৰি। ছেহৱাগৰ উপৰিও ভেঙ্কটেশ প্ৰসাদ, নিখিল চোপ্ৰা, চৈয়দ চাবা কৰিম, পীয়ুষ চাওলা, হনুমা বিহাৰী, যোগিন্দৰ শৰ্মা, প্ৰবীণ কুমাৰ, ভিআৰভি সিং, অমল মুজুমদাৰ, বিনোদ কাম্বলী, ৱাছিম জাফৰ, আকাশ চোপ্ৰা, দীপ দাসগুপ্তাৰ দৰে আগশাৰীৰ ক্ৰিকেট তাৰকাসকলে কু(Koo) এপত যোগদান কৰিছে আৰু এতিয়া কু(Koo)অনুৰাগীসকলৰ সৈতে সক্ৰিয়ভাৱে সংযোগ স্থাপন কৰি অধিক অনুসৰণ উপভোগ কৰিছে।


কু(Koo)ৰ এজন মুখপাত্ৰই কয়, "বীৰেন্দ্ৰ ছেহৱাগৰ দৰে এজন কিংবদন্তীয়ে ইমান কম সময়ৰ ভিতৰতে ১,০০,০০০ মাইলৰ খুঁটি অতিক্ৰম কৰাত আমি আনন্দিত। কু(Koo) ক্ৰমান্বয়ে একাধিক বিষয়ত স্থানীয় ভাষাত কথোপকথনৰ বাবে পছন্দৰ মঞ্চ হৈ পৰিছে। ক্ৰিকেট আমাৰ ভাৰতীয়সকলৰ বাবে এক আৱেগ আৰু খেলক লৈ চাৰিওফালে হোৱা কথোপকথনে সামাজিক মাধ্যমত ব্যস্ততা বৃদ্ধি কৰিবলৈ বাধ্য হৈছে। আমাৰ মঞ্চৰ জৰিয়তে, Users(ব্যৱহাৰকাৰী)সকলে এতিয়া তেওঁলোকৰ প্ৰিয় খেলুৱৈ আৰু ভাষ্যকাৰসকলৰ সৈতে তেওঁলোকৰ পচন্দৰ ভাষাত জড়িত হোৱাৰ সুযোগ পাইছে। আমি নিশ্চিত যে বিশ্বকাপ আৰু তাৰ বাহিৰত Users(ব্যৱহাৰকাৰী)সকলে অংশগ্ৰহণ কৰাৰ বাবে কু(Koo) হ'ব মাইক্ৰ'ব্লগিং মঞ্চ।"

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here