জীৱন ৰক্ষা কৰিব পাৰিঃ ডাঃ নোমল চন্দ্ৰ বৰা’ ক’ভিড অতিমাৰীৰ সময়ছোৱাতো জিএনআৰচি হাস্পতালত ২২৬৩গৰাকী ষ্ট্ৰ'কত আক্রান্ত ৰোগীক চিকিৎসা প্রদান
‘প্ৰতিবছৰে ভাৰতত ১.৮ নিযুত ব্যক্তি ষ্ট্ৰ'কত আক্রান্ত হয় যদিও চিকিৎসাৰ জৰিয়তে ইয়াক প্ৰতিৰোধ আৰু নিৰাময় কৰিব পাৰিঃ ডাঃ নোমল চন্দ্ৰ বৰা
W7s News ষ্টাফৰিপোৰ্টাৰ: বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি প্ৰতিবছৰে ১৫ নিযুত লোক ষ্ট্ৰ'কত আক্রান্ত হয়। ইয়াৰে ৫ নিযুত লোক মৃত্যুমুখত পৰে আৰু অন্য ৫ নিযুত লোক স্থায়ীভাৱে অক্ষম হৈ পৰে। অস্বাস্থ্যকৰ আৰু উচ্ছৃংখল জীৱনশৈলী তথা বয়সীয়াল লোকেৰে পৰিপূৰ্ণ ভাৰতবৰ্ষত ষ্ট্ৰ'কৰ পৰিসংখ্যা দিনক দিনে বৃদ্ধি পাই আহিছে। ভাৰতবৰ্ষত মৃত্যু আৰু অক্ষমতাৰ এক প্ৰধান কাৰক হ'ল ষ্ট্ৰ'ক। গ্রামাঞ্চলত প্ৰতি এক লাখ লোকৰ ৮৪-২৬২জন তথা চহৰাঞ্চলৰ প্ৰতি এক লাখ লোকৰ ৩৩৪-৪২৪জন লোক ষ্ট্ৰ'কত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে। আনহাতে, প্ৰতিবছৰে প্ৰতি এক লাখ লোকৰ বিপৰীতে ১১৯-১৪৫জন লোক ষ্ট্ৰ'কত আক্রান্ত হয়।
বিশ্ব ষ্ট্ৰ'ক দিৱস উপলক্ষে যোৱা তিনিটা দশক ধৰি জিএনআৰচি হাস্পতালৰ তৰফৰ পৰা বিভিন্ন সমূহীয়া কাৰ্যসূচীৰ জৰিয়তে জনসাধাৰণক ষ্ট্ৰকৰ বিষয়ে সচেতন কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি অহা হৈছে। ষ্ট্ৰকৰ লক্ষণসমূহক ইংৰাজীত চমুকৈ F.A.S.T. বুলি কোৱা হয়। অসমীয়াত ইয়াৰ ভাঙনি হ'ল- মুখখন এফালে বেঁকা "হৈ যোৱা (Face Drooping), বাহু দুর্বল হোৱা (Arm Weakness), কথা লাগি ধৰা (Speech Slurred), আৰু এম্বুলেঞ্চ মতাৰ সময় (Time to call an Ambulance)।
ই’কৰ ভয়াৱহতা সম্পর্কে সাধাৰণ ৰাইজক সজাগ কৰিবলৈ তথা ষ্ট্ৰ'কৰ পৰা হাত সাৰি থাকিবৰ বাবে সামাজিক মাধ্যম, প্ৰচাৰ মাধ্যম তথা বৈদ্যুতিন মাধ্যমৰ যোগেদি বিভিন্ন ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰা হয়। জিএনআৰচি হাস্পতালৰ বহিঃবিভাগ আৰু অন্তঃবিভাগৰ ৰোগীৰ অভিভাৱক আৰু স্বাস্থ্যমিত্ৰসকলক ষ্ট্ৰকৰ বিষয়ে সজাগ কৰিবলৈ স্নায়ু ৰোগৰ বিশেষজ্ঞৰ দ্বাৰা এক সজাগতামূলক অনুষ্ঠানৰো আয়োজন কৰা হৈছিল। ইয়াৰ উপৰিও মিৰ্জাৰ বৰিহাটত এখন বিনামূলীয়া চিকিৎসা শিবিৰৰো আয়োজন কৰা হয়। এই চিকিৎসা শিবিৰত ১৫০জন ৰোগীক বিনামূলীয়াকৈ চিকিৎসা প্রদান কৰা হৈছে।
ব্যয়সাধ্য স্বাস্থ্য আঁচনি আৰু জিএনাৰচি প্ৰতিষ্ঠাপক ডাঃ নোমল চন্দ্ৰ বৰাই এক লিখিত বিবৃতিযোগে জনাই যে “আজি বিশ্ব ষ্টু’ক দিৱস উপলক্ষে আমি সকলোৱে মাৰ বান্ধি টু’কৰ বিৰুদ্ধে থিয় হওঁ আহক। এই বছৰৰ ষ্ট্ৰকৰ মূলমন্ত্র হ’ল 'মূল্যৱান সময়'। কিয়নো যেতিয়া এগৰাকী ব্যক্তি ষ্ট্ৰ'কত আক্রান্ত হয়, তেতিয়া প্ৰতিটো মুহূৰ্তই তেওঁৰ জীৱনৰ বাবে মুল্যৱান হৈ পৰে। সেয়েহে কম সময়ৰ ভিতৰতে তেওঁক চিকিৎসা প্ৰদান কৰাটো অতি প্ৰয়োজনীয়। এই মুহূর্তত সমগ্র বিশ্বতে প্রায় দুই বিলিয়ন লোক ষ্ট্ৰ'কত আক্রান্ত হোৱাৰ সম্ভাৱনা আছে। ইয়াৰে ২০ শতাংশ লোক মৃত্যুমুখত পৰাৰ বিপৰীতে ৬০ শতাংশ লোক জীৱনৰ বাবে ঘূর্ণীয়া হয়। কিন্তু অতিকে আশাব্যঞ্জক কথাটো হ'ল আমাৰ জীৱনশৈলীৰ কিছুমান সালসলনিৰে আমি সহজতে ষ্টকৰ হাতোৰাৰ পৰা হাত সাৰি থাকিব পাৰো। ১০টা বিধি পালন কৰি আমি টু'কক বাধা দি ৰাখিব পাৰো। আমি সাধাৰণ ৰাইজক এই ১০টা বিধিৰ লগতে ষ্ট্ৰ'কৰ লক্ষণ তথা চিকিৎসাৰ বিষয়েও সচেতন কৰি তুলিব লাগিব। যিকোনো ব্যক্তিৰ যিকোনো মুহূর্তত যিকোনো ঠাইতে ষ্ট্ৰ'ক হ'ব পাৰে। কিন্তু আমি সুষম তথা সঠিক আহাৰ গ্ৰহণ, সুৰা আৰু ধঁপাতজাতীয় সামগ্রী বর্জন, শাৰীৰিক ব্যায়াম কৰিলে আৰু মেদবহুলতাৰ পৰা আঁতৰি থাকিলে সহজে টু’কক প্রতিহত কৰিব পাৰো। তদুপৰি আমি উচ্চ ৰক্তচাপ, মধুমেহ, ডিছলিপিডিমিয়া, এট্রিয়েল ফিব্রিলেশান, মানসিক চাপ আৰু হতাশাৰ পৰা মুক্ত থাকি টু’কক বাধা দি ৰাখিব পাৰো। প্ৰতিৰোধৰ লগতে সঠিক সময়ৰ উপযোগী চিকিৎসাই বহু ষ্ট্ৰ'ক ৰোগীৰ জীৱন ৰক্ষা কৰিব পাৰে।”ক'ভিড অতিমাৰীৰ প্ৰথম আৰু দ্বিতীয় ঢৌৰ সময়ছোৱাত জিএনআৰচি হাস্পতালৰ অন্তঃবিভাগত ৫,৪০০ আৰু বহিঃবিভাগত ৫১,০০০ স্নায়ু ৰোগীক চিকিৎসা প্রদান কৰা হৈছিল। এই স্নায়ু ৰোগীসকলৰ ভিতৰত ২,২৬৩জন ৰোগী ষ্ট্ৰ'কত আক্ৰান্ত হৈছিল আৰু ইয়াৰে ২০৯৬জন ব্যক্তি সুস্থ হৈ ঘৰলৈ উভতি যাবলৈ সক্ষম হৈছে। এই তথ্যৰ পৰাই জানিব পাৰি যে ক'ভিড অতিমাৰীৰ সময়ছোৱাতো জিএনআৰচি হাস্পতালত ষ্ট্ৰ'কত আক্রান্ত ৰোগীৰ সংখ্যা হ্রাস পোৱা নাছিল।
ডাঃ বৰাই আৰু জনাই যে “সংবাদ মাধ্যমেই একমাত্ৰ আহিলা যিয়ে টু'কৰ প্ৰতিৰোধ আৰু চিকিৎসাব বিষয়ে জনগণক সচেতন কৰি তুলিব পাৰে। ইয়ে পৰৱৰ্তী পৰ্যায়ত সমাজ তথা ৰাষ্ট্ৰ নিৰ্মাণত সহায়ক হৈ উঠিব আৰু সকলোৰে বাবে স্বাস্থ্য, সকলোৰে মুখত হাঁহি বিৰিঙোৱাৰ জিএনআৰচিৰ যি উদ্দেশ্য তাক সফল কৰি তুলিব।”
No comments:
Post a Comment