গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চৰ্মৰোগ বিভাগত ‘বিশ্ব ছৰিয়াছিছ' দিবস পালন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 29 October 2021

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চৰ্মৰোগ বিভাগত ‘বিশ্ব ছৰিয়াছিছ' দিবস পালন

 





W7s News ষ্টাফৰিপোৰ্টাৰ: বিশ্ব ছৰিয়াছিছ দিৱসৰ লগত সংগতি ৰাখি শুকুৰবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চৰ্মৰোগ বিভাগত ছৰিয়াছিছ

 ক্লিনিকৰ উদ্বোধন কৰা হয়। এই ক্লিনিকটো উদ্বোধন কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়  হাস্পতালৰ অধ্যক্ষ ডাঃ অচ্যুৎ বৈশ্যই। এই উপলক্ষে হাস্পতালৰ চৰ্মৰোগ বর্হিঃবিভাগত অনুষ্ঠিত এখন সভাত ক্লিনিকটো উদ্বোধন কৰি অধ্যক্ষ ডাঃ অচ্যুৎ  বৈশ্যই কয়' ছৰিয়াছিছ ৰোগত ভূগি থকা ৰোগীসকলৰ বাবে এই বিশেষ ক্লিনিকৰ ব্যৱস্থা কৰা হৈছে। এই ৰোগ সম্পর্কে মানুহৰ মাজত সজাগতাৰ প্রয়োজন। বিশ্বৰ তিনি শতাংশ লোক এই এই ৰোগত ভূগি আছে। এই ৰোগৰ চিকিৎসা ব্যয়বহুল যদিও আমাৰ হাস্পতালৰ চৰ্মৰোগ বিভাগত ইয়াৰ বিনামূলীয়া চিকিৎসান ব্যৱস্থা কৰা হৈছে যাতে ৰোগীসকলে এই ৰোগৰ পৰা উপশম লাভ কৰিব পাৰে। এতিয়াৰে পৰা আমাৰ হাস্পতালৰ চৰ্মৰোগ বিভাগত প্রতি শুকুৰবাবে ছৰিয়াছিছ ক্লিনিক ৰোগীৰ বাবে মুকলি থাকিব। ৰোগীসকলক আৰু অধিক সুবিধা দিয়াৰ বাবে আগন্তুক দিনত আমি চিন্তা-চৰ্চা কৰিম। এই সভাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক ডাঃ অভিজিত শর্মা উপস্থিত থাকে। সভাত ছৰিয়াছিছ ৰোগীসকলৰ মাজত কিট বিতৰণ কৰা হয়। সভাত আদৰণি ভাষণত হাস্পতালৰ চৰ্মৰোগ বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ পংকজ অধিকাৰীয়ে কয়— 'ছৰিয়াছিছ ৰোগ সম্পর্কে বহুতে জ্ঞাত নহয়। এই ৰোগ ছালৰ পৰা হাড়লৈ পর্যন্ত বিয়পিব পারে। এই ৰোগৰ পৰা ৰোগীয়ে উপশম লাভ কৰিব পাৰে। সমগ্র বিশ্বত ৩ শতাংশ লোক এই ৰোগত ভূগি আছে। আনহাতে সমগ্র দেশত তথা অসমত ২.৮ শতাংশ লোক এই ৰোগত আক্ৰান্ত হৈ আছে।' সভাত হাস্পতালৰ চৰ্মৰোগ বিভাগৰ সহযোগী অধ্যাপক ডাঃ বর্ণালী দত্তই শ্বাইড শ্ব'' প্ৰদৰ্শন কৰি এই ৰোগৰ চমু আভাস দাঙি ধৰে।'সভাত বহুকেইজন চর্মৰোগৰ চিকিৎসক, ছৰিয়াছিছ ৰোগী আৰু তেওঁলোকৰ অভিভাৱক উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here